বিলাহীৰ বাবেই বন্ধ হ’ল আমেৰিকাৰ এটা পথ

0 20
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ছেপ্টেম্বৰ : আমেৰিকাত সংঘটিত হৈছে এক আচৰিত ঘটনা। আমেৰিকাৰ কেলিফৰ্ণিয়াৰ এটা ঘাইপথ ৰঙা। ৰাস্তাত পৰি আছে লাখ লাখ বিলাহী। পৰিস্থিতি এনে এটা স্তৰত উপনীত হৈছে যে আৰক্ষীয়ে যান-বাহনৰ অহা-যোৱা বন্ধ কৰিবলগা হ’ল৷ জানিব পৰা গৈছে যে বিলাহী ভৰ্তি ট্ৰাকৰ সংঘৰ্ষ ঘটাত ট্ৰাকৰ পৰা বিলাহী পথত বিয়পি পৰিছিল। নিউয়ৰ্ক টাইমছ কাকতত প্ৰকাশিত প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে এই কথা। নিউয়ৰ্ক টাইমছৰ মতে, ভাকাভিলৰ আন্তঃৰাজ্যিক পথত প্ৰায় ১ লাখ ৫০ হাজাৰ বিলাহী সিঁচৰতি হৈ থকাৰ ফলত যাতায়ত বন্ধ হৈ পৰিছে আৰু বিশৃংখলতাৰ সৃষ্টি হৈছে। কেলিফৰ্ণিয়া হাইৱে পেট্ৰ’লৰ মতে, ট্ৰাকৰ পৰা পৰি যোৱা বিলাহীয়ে পথৰ পূব দিশৰ প্ৰায় ২০০ ফুট ঢাকি বিলাহী থেতেলিয়াই প্ৰায় ২ ফুট ডাঠ এটা তৰপ সৃষ্টি কৰে। স্থানীয় আৰক্ষীৰ সূত্ৰ অনুসৰি ২৯ আগষ্ট সোমবাৰে পুৱা প্ৰায় ৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, সেই সময়ত পথত চলি থকা আন বাহনৰ চালকে ৰাস্তাত পৰি থকা বিলাহী নেদেখি তাৰ ওপৰেৰে বাহন চলাইছিল। ঘাইপথত কাম কৰা আৰক্ষী বিষয়া জেছন টাইহাৰ্ষ্টে নিউয়ৰ্ক টাইমছক জনোৱা মতে, গাড়ীৰ চকাই থেতেলিয়াই পেলোৱা বিলাহীৰ বাবে পথটোৰ ওপৰত খোজ কাঢ়িলে বৰফৰ দৰে পিছল যেন অনুভৱ কৰে। তেওঁ কয় যে ঘাইপথত পিছলি পৰাৰ বাবে বৃহৎ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে, কিন্তু পথটো বন্ধ কৰাৰ বাবে দুৰ্ঘটনা ৰোধ হ’ল। বিবিচিৰ মতে, গাড়ীৰ চকাই চেপেটা কৰা বিলাহীৰ ওপৰত পিছলি এক বৃহৎ দুৰ্ঘটনা হ’ব পাৰে বুলি আশংকাত আৰক্ষীয়ে ঘাইপথটো বন্ধ কৰাৰ সিদ্ধান্ত লয়। আৰক্ষীৰ মতে, দুৰ্ঘটনাত ইতিমধ্যে ৩ জন লোক সামান্য আহত হয়। চতুৰ্থজন লোকক ভৰি ভাঙি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, স্থানীয় প্ৰশাসনে ঘাইপথটো বন্ধ কৰি বিলাহীবোৰ আঁতৰ কৰিবলৈ কেইবা ঘণ্টা সময় লাগিছিল। আমেৰিকাৰ ৯০ শতাংশতকৈ অধিক বিলাহী কেলিফৰ্ণিয়াত খেতি কৰা হয়। আনকি বিশ্বৰ মুঠ বিলাহীৰ ৫০ শতাংশ ইয়াত উৎপাদন হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More