বিলুপ্ত হোৱা বুলি ভবা বিৰল হামিংবাৰ্ড পুনৰাৱিষ্কাৰ

0 51

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ আগষ্ট : এটা দশকৰো অধিক সময় ধৰি সন্ধানহীন হৈ থকা এবিধ বিৰল হামিংবাৰ্ড কলম্বিয়াৰ এজন পক্ষী নিৰীক্ষকে পুনৰ আৱিষ্কাৰ কৰিছে। কলম্বিয়াৰ ছিয়েৰা নেভাদা ডি চান্টা মাৰ্টা হাইলেণ্ডৰ বাবে একচেটিয়া এক বৃহৎ হামিংবাৰ্ড প্ৰজাতি চান্টা মাৰ্টা চেব্ৰুইং শেষবাৰৰ বাবে ২০১০ চনত দেখা গৈছিল। ইতিমধ্যে এই প্ৰজাতিটো বিলুপ্ত হৈ গৈছে বুলি ভবা হৈছিল। কিন্তু শেহতীয়াকৈ এজন দক্ষ স্থানীয় চৰাই নিৰীক্ষকে প্ৰজাতিটোৰ এখন ফটো তুলিবলৈ সক্ষম হৈছে, যিটো আৱিষ্কাৰক লৈ পক্ষীবিজ্ঞানীসকল আনন্দিত হৈ উঠিছে। উত্তৰ কলম্বিয়াৰ ছিয়েৰা নেভাদা ডি চান্টা মাৰ্টাত ২৪টা চৰাইৰ প্ৰজাতি আছে যিবোৰ এই অঞ্চলৰ বাবে অনন্য। কিন্তু জীৱবিজ্ঞানীসকলৰ মতে, হাইলেণ্ডৰ প্ৰায় ১৫ শতাংশ অৰণ্য এতিয়াও অক্ষত অৱস্থাত আছে। ‘গাৰ্ডিয়ান’ত প্ৰকাশ পোৱামতে এই প্ৰজাতিটোৰ নথিভুক্তকৰণ এইবাৰ মাত্ৰ তৃতীয়বাৰৰ বাবেহে। ১৯৪৬ চনত প্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছিল আৰু পুনৰ ২০১০ চনত গৱেষকসকলে ইয়াৰ প্ৰথম ছবি তুলিবলৈ সক্ষম হৈছিল। ছিয়েৰা নেভাদা ডি চান্টা মাৰ্টাৰ সংৰক্ষণ গোট চেলভা, প্ৰ’কেট কলম্বিয়া, আৰু ৱৰ্ল্ড পেৰ’ট ট্ৰাষ্টৰ সৈতে স্থানীয় চৰাইৰ জৰীপ কৰি থাকোঁতে হামিংবাৰ্ডটোক পুনৰ আৱিষ্কাৰ কৰা ইউৰ্গেন ভেগাই কয় যে চৰাইটো দেখি তেওঁ ‘আৱেগেৰে আপ্লুত’ হৈছিল। বিজ্ঞানীসকলে আশা কৰিছে যে বিৰল হামিংবাৰ্ডটোৰ অপ্ৰত্যাশিত আবিৰ্ভাৱে ইহঁতৰ শেষৰটো জীৱিত বাসস্থান সংৰক্ষণত অৰিহণা যোগাব। উল্লেখ্য যে IUCNৰ ৰেড লিষ্টত কেম্পিল’পটেৰাছ ফেইনোপেপ্লাছ বা চান্টা মাৰ্টা চেব্ৰুইংক সংকটজনকভাৱে বিপন্ন বুলি তালিকাভুক্ত কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More