বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানৰ নিৰৱ সাধক ড° অখিল কুমাৰ ডেকালৈ বিজ্ঞান জনপ্ৰিয়কৰণৰ জীৱনজোৰা সাধনা সন্মান

0 28

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ২৮ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ‘২০২৩’উপলক্ষে বিশ্বনাথ চাৰিআলিৰ ‘আকাশ বিজ্ঞান আৰু পৰিবেশ শিক্ষা কেন্দ্ৰ’ই অসমৰ এগৰাকী আগশাৰীৰ বিজ্ঞান প্ৰচাৰক, লেখক, উদ্ভাৱক আৰু শিক্ষাবিদ, দৰং মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° অখিল কুমাৰ ডেকাক বিজ্ঞান জনপ্ৰিয়কৰণৰ জীৱনযোৰা সাধনা সন্মান’ আগবঢ়াইছে৷ এই সন্মান অহা ৫ মাৰ্চ দেওবাৰে তেজপুৰৰ তৰুণ অসম সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হ’ব বুলি অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক সভাপতি বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই এক বিবৃতিৰ জৰিয়তে জনাইছে৷ উল্লেখ্য যে, ২০০১ চনতে গঢ় লৈ উঠা ‘আকাশ বিজ্ঞান আৰু পৰিবেশ শিক্ষা কেন্দ্ৰ’ই অসমৰ বিশেষকৈ শিশু আৰু জনসাধাৰণৰ মাজত বিজ্ঞান-প্ৰযুক্তিমূলক জ্ঞানৰ প্ৰচাৰৰ লগতে বৈজ্ঞানিক মানসিকতাৰ বিকাশত নিৰৱছিন্ন প্ৰচেষ্টা চলাই আছে৷ অনুষ্ঠানটোৱে জনপ্ৰিয় বিজ্ঞান লেখাৰ কৰ্মশালাকে ধৰি ৰাজ্যিক ভিত্তিক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে৷১৯৪১ চনৰ ১৯ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা তেজপুৰৰ সন্তান ড° অখিল কুমাৰ ডেকাই কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থবিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তাত্ত্বিক নিউক্লীয় পদাৰ্থবিজ্ঞানত পিএইচ ডি উপাধি লাভ কৰিছিল৷ তেওঁ ১৯৬৩-২০০১ চনলৈকে দৰং মহাবিদ্যালয়ত অধ্যাপনা কৰা ড০ ডেকাই অধ্যাপনাৰ লগে লগে তেওঁ বিজ্ঞান জনপ্ৰিয়কৰণৰ কামতো নিজকে জড়িত কৰিছিল৷ তেওঁ বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক আমোদজনক ব্যৱহাৰিক পদ্ধতিৰে বিজ্ঞানৰ শিক্ষাদান কৰি বিজ্ঞানৰ মৌলিক জ্ঞান আহৰণ কৰাৰ লগতে বিজ্ঞান মনস্কতাৰ বিকাশ ঘটোৱাত গুৰুত্ব আৰোপ কৰে৷ অসম বিজ্ঞান সমিতি, এছটেক আদিয়ে আয়োজন কৰা শিক্ষণ প্ৰশিক্ষণ আৰু ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন কাৰ্যসূচীত তেওঁ পৰীক্ষা-নিৰীক্ষা ভিত্তিক বক্তৃতা প্ৰদান কৰিছিল৷ ড° ডেকাই ১৯৮০ৰ দশকত নিজাববীয়াকৈ তেজপুৰ চহৰত এটা বিজ্ঞান ক্লাব গঠন কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীক হাতে-কামে বিজ্ঞান শিকাইছিল৷ সেই কামৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আগ্ৰহ কৰি দিয়া ধন আৰু ভূমিৰে ১৯৯০ চনত তেজপুৰৰ মিছন চাৰিআলিত ‘তেজপুৰ বিজ্ঞান মন্দিৰ সমিতি’ নামৰ এটা প্ৰতিষ্ঠান গঠন কৰে৷ সেই প্ৰতিষ্ঠান পাছত ‘তেজপুৰ বিজ্ঞান কেন্দ্ৰ’ নামকৰণেৰে অসম বিজ্ঞান সমিতিলৈ হস্তান্তৰ কৰা হয়৷ তেওঁ ২০১৯ চনলৈকে সেই কেন্দ্ৰৰ সঞ্চালকৰ ‘অবৈতনিক’ নায়িত্বও পালন কৰে। আনহাতে ড° ডেকাই ৰচনা কৰা জনপ্ৰিয় বিজ্ঞান আৰু গণিতৰ ১৬খনকৈ পুথি ইতিমধ্যে প্ৰকাশ হৈছে৷ তাৰ ভিতৰত চুম্বকৰ সৈতে ধেমালি আৰু পৰীক্ষা [১৯৮৫] আৰু ‘ইলেক্ট’নিকছ’ৰ ক, খ [১৯৮৯] নামৰ গ্ৰন্থ দুখন অসম সাহিত্য সভাৰ দ্বাৰা পুৰষ্কৃতও হৈছে৷ গ্ৰন্থ প্ৰকাশৰ উপৰি ড° ডেকাৰ বিজ্ঞান জেউতি, সঁফুৰা, প্ৰান্তিক, গণিত বিকাশ আদি আলোচনীত শতাধিক অসমীয়া নিবন্ধ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীত ইংৰাজী নিবন্ধ প্ৰকাশ পাইছে৷ তেওঁ ছাত্ৰ-স্থানীয়ে হাতে-কামে বিজ্ঞান শিকাৰ বাবে কম দামী আৰু সহজলভ্য বস্তুৰে সঁজুলি-বাকচ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এজন অগ্ৰণী ব্যক্তি৷ ১৯৯০ চনত তেওঁ উদ্ভাবন কৰা পদাৰ্থবিজ্ঞানৰ প্ৰথমটো সঁজুলি-বাকচ অসম বিজ্ঞান সমিতিয়ে অসমৰ বিভিন্ন স্কুলত যোগান ধৰিছিল। নিৰৱে বিজ্ঞান সাধনা কৰি অহা প্ৰচাৰ বিমুখ ড° ডেকা অসম বিজ্ঞান সমিতিৰ এজন আজীৱন সক্ৰিয় কৰ্মী৷ তেওঁৰ প্ৰচেষ্টাতে ১৯৬৪ চনত প্ৰতিষ্ঠা কৰা অসম বিজ্ঞান সমিতিৰ তেজপুৰ শাখাৰ তেওঁ আছিল প্ৰথম সাধাৰণ সম্পাদক আৰু প্ৰতিষ্ঠাপক সভাপতি আছিল অধ্যক্ষ বিভিন্ন পাল দাস৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More