নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগত নেচাৰ্চ বেকনৰ সহযোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

0 164

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২৮ ফেব্ৰুৱাৰীঃ বিজ্ঞান সকলোৰে বাবে’– শীৰ্ষক নীতিবাক্যৰে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগে ২০১৬ বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস অনুষ্ঠিত কৰি আহিছে৷ ছাত্ৰ-ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপন কৰা তথা সমাজত বিজ্ঞান চিন্তাৰ প্ৰসাৰ ঘটোৱাই হৈছে অনুষ্ঠানটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য৷ আজি বিজ্ঞান দিৱস উপলক্ষ্যে অসমীয়া বিভাগ আৰু উত্তৰ-পূৱ ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ সহযোগত মহাবিদ্যালয়ৰ কনফাৰেন্স হলত ‘প্ৰকৃতি সুৰক্ষাত বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজনীয়তা’ শীৰ্ষকেৰে এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয়৷ অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যাত বিভাগৰ সম্পাদক দেৱব্ৰত শইকীয়াই বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমনৰ ‘ৰমন পৰিঘটনা’ আৱিষ্কাৰৰ প্ৰতি সন্মান জনাই বিজ্ঞান দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই আলোচনা চক্ৰখন সঞ্চালনা কৰে৷ ইতিমধ্যে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ আৰু নেচাৰ্চ বেকনে যৌথভাৱে আয়োজন কৰা ‘প্ৰকৃতি সুৰক্ষাত বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজনীয়তা’ শীৰ্ষক অসম ভিত্তিত প্ৰবন্ধ প্ৰতিযোগিতাখনৰ ফলাফলো আজি এই অনুষ্ঠানতে ঘোষণা কৰা হয়৷ স্নাতক পৰ্যায়ত অনুষ্ঠিত এই প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ক্ৰমে– মৰিয়নি মহাবিদ্যালয়ৰ নাঙমু বুঢ়াগোহাঁই, নৰ্থ লখিমপুৰ কলেজৰ দিব্যজ্যোতি শইকীয়া আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰান্তুপ্ৰতিম বড়াই৷ আলোচনা চক্ৰখনিত প্ৰকৃতি সুৰক্ষাত বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিভাগৰ শিক্ষাৰ্থী ক্ৰমে– ধৰিত্ৰী বৰুৱা, চিৰঞ্জীৱ গগৈ, দিব্যজ্যোতি শইকীয়া, মহানন্দ শইকীয়া, ৰুণমী শইকীয়া আৰু পৰাগ গগৈয়ে আলোচনা কৰে৷ অনুষ্ঠানটোৰ সঞ্চালক ড॰ ৰাজখোৱাই নেচাৰ্চ বেকনৰ দৰে প্ৰকৃতি সুৰক্ষাৰ হকে উৎসৰ্গিত সংস্থাৰ সহযোগত আয়োজিত এই অনুষ্ঠানটোৰ মান্যতাৰ কথা কয়৷ লগতে অসমৰ বিভিন্ন প্ৰকৃতি সংৰক্ষণ গোষ্ঠী, প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে কেনেদৰে বিজ্ঞান আশ্ৰয়ী প্ৰকৃতিৰ দাৰ্শনিক ব্যাখ্যা আগবঢ়োৱাৰ চেষ্টা কৰি আহিছে সেই সম্পৰ্কতো ড॰ ৰাজখোৱাই এক তথ্যসমৃদ্ধ বক্তৃতা প্ৰদান কৰে৷ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড॰ ধনৰঞ্জন কলিতা, মুন্‌মী দত্ত আৰু ড॰ ধীৰাজ পাটৰেও বিজ্ঞান জনপ্ৰিয়কৰণৰ পন্থাৰ মাজেদি কিদৰে বৈজ্ঞানিক মানসিকতা গঢ় দিব পাৰি সেইসম্পৰ্কে কিছু কথা প্ৰকাশ কৰে৷ এই অনুষ্ঠানতে ‘সাহিত্য সভাৰ অধিৱেশনত এদিন’ শীৰ্ষকেৰে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজিত প্ৰবন্ধ প্ৰতিযোগিতা আৰু বিভাগত আয়োজিত কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলকো বঁটা প্ৰদান কৰা হয়৷ অসমীয়া বিভাগৰ অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত এই অনুষ্ঠান অনুষ্ঠিত হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More