বিশিষ্ট শিশু সাহিত্যিক ড° স্বাধীনতা মহন্তলৈ “অকণিৰ সাহিত্য সভা”ৰ ২০২৩ বৰ্ষৰ “অসমীয়া শিশু সাহিত্য বঁটা”

চলিত বৰ্ষৰ শেষ সপ্তাহত প্ৰদান কৰা হ'ব তেজপুৰত

0 186

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৮ আগষ্ট : শিশু সাহিত্যৰ ক্ষেত্ৰখনক বিগত বহু বছৰ ধৰি ধাৰাবাহিক ভাৱে স্বকীয় মৌলিক ৰচনাৰ কৌশলেৰে পাঠক সকলক আকৃষ্ট কৰি অহা বিশিষ্ট শিশু সাহিত্যিক, শিক্ষাবিদ লেখিকা তেজপুৰ নিবাসী ড০ স্বাধীনতা মহন্তলৈ “অকণিৰ সাহিত্য সভা”ই ২০২৩ বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটা প্ৰদানৰ কথা আজি ঘোষণা কৰিছে। উল্লেখ্য যে, ১৯৬১ চনত “অসমবাণী” ৰ মইনা পাৰিজাত চ’ৰাত প্ৰকাশিত “সেই আহঁত জোপা” নামৰ প্ৰথম লেখাৰে নিজৰ সৃষ্টিশীলতাক ক্ৰমবৰ্ধমান ৰূপ দি পৰৱৰ্তী সময়ত “ৰ’দ জিলমিল”, “ৰং চিলমিল”, “তৰা তিৰবিৰ”, “জোন জিকমিকি”, “নিৰ্বাচিত শিশু কবিতা”, “মৌ গুণ গুণ” আদি শিশু উপযোগী কবিতা পুথি; প্ৰজ্ঞা প্ৰকাশনে প্ৰকাশ কৰা শিশু উপন্যাস “কাজিৰঙা”, প্ৰবন্ধ সংকলন/সমালোচনামূলক গ্ৰন্থ/জীৱনী গ্ৰন্থ ক্ৰমে, “জ্যোতিপ্ৰসাদৰ কাব্য নাটৰ সমীক্ষা”, “নামঘোষানুপম”, “জোনাকীৰ পোহৰত অসমীয়া কবিতা”, “ভাৰতৰ স্বাধীনতা আন্দোলনত ঢেকিয়াজুলিৰ মুক্তি যুঁজাৰু ফনীধৰ দাস”, “গহন চন্দ্ৰ গোস্বামী”, “সপোনৰ ভাৰত” আদি মৌলিক ৰচনাৰে অসমীয়া শিশু সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি আহিছে ড০ মহন্তই । দৰংমহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, উপাধ্যক্ষ ড০ স্বাধীনতা মহন্তৰ বহু লেখা ইতিমধ্যে অসমবাণী, অগ্ৰদূত, অসম বাতৰি, নতুন অসমীয়া, অসমীয়া খবৰ, দৈনিক জনমভূমি, দৈনিক অসম, অসমীয়া প্ৰতিদিন, আমাৰ অসম আদি বাতৰি কাকতৰ ঠাই দখল কৰিছে। তদুপৰি বিগত বহু বছৰ ধৰি একেৰাহে তেওঁ অসমীয়া শিশু আলোচনী মৌচাক, সঁফুৰা, মুকুতা আদি আৰু প্ৰান্তিক, মণিকূট, সাতসৰী, নৱযুগ, বাৰ্তাপখিলী প্ৰভৃতি আলোচনীত নিজৰ প্ৰতিভাৰে পাঠকৰ মন জিনি আহিছে। ১৯৫০ চনৰ ২০ অক্টোবৰ তাৰিখে জন্মগ্ৰহণ কৰা ড° স্বাধীনতা মহন্তই “জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জয়শংকৰ ‘প্ৰসাদ’ৰ নাটকৰ তুলনামূলক অধ্যয়ন ” বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৯০ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদিকা (যুটীয়া), সদৌ অসম লেখিকা সমাৰোহ সমিতি, তেজপুৰৰ সম্পাদিকা আৰু সভানেত্ৰী, কটন কলেজ অসমীয়া আলোচনা চক্ৰৰ সাধাৰণ সম্পাদিকা, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, , অসম ৰাজ্যিক শিশু শিক্ষা সমিতিৰ সভাপতি আদি সামাজিক দায়িত্বও পালন কৰি অহাৰ লগতে শেহতীয়াকৈ ড০ মাৰ্গদৰ্শনেৰে গঢ়ি উঠা সামাজিক – সংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান “সুদৰ্শন অসম”ৰ সভানেত্ৰী হিচাপে দায়িত্ব পালন কৰি আহিছে। অসমীয়া শিশু সাহিত্যৰ এই সন্মানীয় বঁটাটো ২০২৩ বৰ্ষৰ বাবে ড° স্বাধীনতা মহন্তলৈ আগবঢ়োৱা হৈছে বুলি অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক দ্বীপজ্যোতি বৰাই আজি এক বিবৃতিৰ জৰিয়তে জানিবলৈ দি এই বৰ্ষৰ শেষৰ ফালে সাংস্কৃতিক নগৰী তেজপুৰত তেওঁলৈ এই বঁটা আনুষ্ঠানিক ভাৱে আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৪ চনত দীলিপ কুমাৰ বৰুৱা, ২০১৫ চনত শশীন্দ্ৰ কুমাৰ অধিকাৰী, ২০১৬ চনত বীণা শৰ্মা, ২০১৭ চনত যুগললোচন দাস, ২০১৮ চনত নূপুৰ মোমাইদেউ, ২০১৯ চনত ৰঞ্জু হাজৰিকা, ২০২০ চনত দ্বিজেন নাথক, ২০২১ চনত ৰথীন্দ্ৰ নাথ গোস্বামীলৈ আৰু ২০২২ চনত অভিজিত শৰ্মা বৰুৱালৈ অসমীয়া শিশু সাহিত্য বঁটা প্ৰদান কৰা হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More