বিশৃংখল তিনিচুকীয়া : পৌৰসভাৰ কাৰ্যবাহীলৈ নটিছ আৰক্ষীৰ

0 16
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুন : ৰাজহুৱা স্বাৰ্থলৈ পিঠি দি কেৱল ক্ষমতাকেন্দ্ৰিক যুঁজবাগৰত নিমজ্জিত তিনিচুকীয়া পৌৰসভাৰ অকৰ্মণ্যতাৰ বাবে এতিয়া কেতবোৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে তিনিচুকীয়া আৰক্ষী ৷ উল্লেখ্য যে যাতায়াতৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি চহৰখনৰ বাটেপথে যধেমধে পেলাই থোৱা নিৰ্মাণ সামগ্ৰীসমূহ আঁতৰ কৰাৰ বাবে যোৱা ১০ জুনত তিনিচুকীয়া সদৰ থানাৰ যান-বাহন পৰিদৰ্শকে পৌৰসভাৰ কাৰ্যবাহী বিষয়ালৈ এক পত্ৰ প্ৰেৰণ কৰিছিল ৷ এইবাৰ বহুমহলীয়া ভৱন নিৰ্মাণৰ ক্ষেত্ৰত হোৱা বিসংগতিৰ তদন্তৰ বাবে কেতবোৰ তথ্য বিচাৰি তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই পৌৰসভাৰ কাৰ্যবাহী বিষয়ালৈ বুধবাৰে চি আৰ পি চিৰ ৯১ ধাৰাৰ অধীনত জাননী জাৰি কৰিছে ৷ তিনিচুকীয়া চহৰৰ বিশৃংখলতাৰ এক অন্যতম কাৰণ হৈছে ভয়াৱহ যান-জঁট আৰু এই যান-জঁট প্রধানকৈ সৃষ্টি হয় চহৰখনৰ উপযুক্ত পাৰ্কিঙৰ ব্যৱস্থা নথকাকৈ আলিয়ে গলিয়ে কাঠফুলাৰ দৰে মূৰ দাঙি উঠা বহুমহলীয়া বাণিজ্যিক তথা আৱাসিক ভৱনসমূহ ৷ পাৰ্কিঙৰ ব্যৱস্থা নথকাকৈ এনে গৰিষ্ঠসংখ্যক ভৱন নিয়ম বহির্ভূতভাৱে নিৰ্মাণ কৰাৰ দীৰ্ঘদিনীয়া অভিযোগ উঠি অহাৰ লগতে সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ পাই আহিছে যদিও পৌৰসভাৰ আজিলৈকে গা লৰা পৰিলক্ষিত নহ’ল ৷ অৱশেষত এই বিষয়ত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে তিনিচুকীয়া আৰক্ষী ৷ সেই অনুসৰি তিনিচুকীয়া আৰক্ষী অধীক্ষক গুৰৱ অভিজিত দিলীপে বিভিন্ন নাগৰিকৰ পৰা পোৱা অভিযোগৰ ভিত্তিত চহৰখনৰ যিবোৰ বাণিজ্যিক আৰু আৱাসিক ভৱনৰ ক্ষেত্ৰত এনে অনিয়ম সংঘটিত হৈছে তাৰ এক প্ৰতিবেদন বিচাৰিছে ৷ ইতিমধ্যে যান-বাহন আৰক্ষীৰ পৰিদৰ্শকে এনে অনিয়মৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকক এক প্রতিবেদন দাখিল কৰিছে ৷ এই প্ৰতিবেদনৰ পাছতে তিনিচুকীয়া সদৰ থানাত ১২ জুনত ৪৯৪ নম্বৰত এক জেনেৰেল ডায়েৰী এণ্ট্ৰী হৈছে ৷ আৰক্ষী অধীক্ষকে তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ১৫ দিনৰ ভিতৰত এক তদন্ত কৰি প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ সেই মর্মে সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়াক চি আৰ পি চিৰ ৯১ ধাৰাৰ অধীনত এক জাননী জাৰি কৰি কেতবোৰ তথ্য বিচাৰি ৫ দিনৰ সময়সীমা বান্ধি দিছে ৷ জাননীখনত যোৱা ১০ বছৰত পৌৰসভাই কিমান বাণিজ্যিক আৰু আৱাসিক বিল্ডিং নিৰ্মাণৰ অনুমতি প্রদান কৰিছে তাৰ তথ্য, বিশেষকৈ পার্কিং ব্যৱস্থাৰ বাবে পৌৰসভাই কি আইন অনুসৰণ কৰি এনে নিৰ্মাণকাৰ্যৰ বাবে অনুমতি প্ৰদান কৰে তাৰ সবিশেষ, কোনো ভৱনৰ গৰাকীয়ে আইন ভংগ কৰি পার্কিং ব্যৱস্থা নৰখাকৈ যদি ভৱন নির্মাণ কৰিছে তেন্তে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু নিৰ্মাণকাৰ্যৰ সময়ত সংঘটিত অনিয়ম পৰীক্ষা কৰাৰ বাবে কিবা পদ্ধতি গ্ৰহণ কৰা হৈছিলনে তাৰ সবিশেষ তথ্য বিচৰা হৈছে৷ ইফালে আৰক্ষী অধীক্ষকৰ এই পদক্ষেপে তিনিচুকীয়া পৌৰসভাৰ অন্দৰমহলত খলকনি তোলাৰ লগতে বহু ভৱনৰ গৰাকীয়েও থৰকাছুটি হেৰুৱাইছে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More