বিশ্বত আজব বিভাগৰ মন্ত্ৰীপদ সৃষ্টি

পাপুৱা নিউগিনিত কফি মন্ত্ৰী নিযুক্তি

0 22
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ আগষ্ট : কামৰ ক্ষেত্ৰখন বৃদ্ধি পাইছে, চোৱাচিতা বা যত্নৰ পৰিসৰো বৃদ্ধি পাইছে। বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰে গুৰুত্বপূর্ণ কর্তব্য সম্পাদন কৰাৰ লগতে বিভিন্ন কাম-কাজ চোৱা-চিতা কৰিবলৈ মন্ত্রী নিযুক্ত কৰে৷ কিন্তু ইমান দিনে পৃথিৱীৰ ক’তো কোনো কফি মিনিষ্টাৰ নিযুক্ত হোৱা নাই। শেহতীয়াকৈ পাপুৱা নিউগিনি চৰকাৰে দেশখনৰ কফিক অধিক জনপ্ৰিয় কৰি তুলিবলৈ এজন মন্ত্ৰী নিযুক্তি দিছে। এই মন্ত্ৰীৰ কাম হ’ব কফিৰ সৈতে জড়িত বিভিন্ন কামৰ যত্ন লোৱা। কিয় এই সিদ্ধান্ত? কাৰণ পাপুৱা নিউগিনিৰ কফি এক অতি গুৰুত্বপূৰ্ণ বাণিজ্যিক সামগ্ৰী। মুঠ কৃষি ৰপ্তানিৰ ২৭ শতাংশ কফিয়ে লাভ কৰে আৰু দেশৰ মুঠ জিডিপিৰ ৬ শতাংশ কফি ব্যৱসায়ৰ পৰা আহে। হয়তো পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নৱনিযুক্ত মন্ত্ৰীগৰাকীক সেইটোৱেই কৈছিল, তেওঁ য’তেই যায় তাতেই কফিৰ সৈতে ব্যস্ত থাকিব লাগে, আড্ডা মাৰিবলৈ আৰু কথা পাতিবলৈ। কেৱল কফি চাবলৈ এজন মন্ত্ৰীক নিযুক্তি দিয়া হৈছে বিশ্বত। সেই দৃষ্টিকোণৰ পৰা ই অতি তাৎপৰ্যপূৰ্ণ। চলিত মাহত অনুষ্ঠিত নিৰ্বাচনত জয়ী হৈ পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল জেমছ মাৰাপে। কিছুদিন পূৰ্বে তেওঁ নতুন মন্ত্ৰীসভা ঘোষণা কৰিছে। তেওঁৰ মন্ত্ৰীসভাৰ দুটা নতুন পদ আলোচনাৰ বাবে আহিল। এজন কফি মন্ত্ৰী আৰু আনজন পাম তেলৰ মন্ত্ৰী। প্ৰধানমন্ত্ৰী জেমছ মাৰাপেই কয় যে তেওঁ দেশৰ অৰ্থনীতি সমৃদ্ধ কৰাৰ নিৰ্দিষ্ট লক্ষ্যৰে এই দুটা মন্ত্ৰালয়ত মন্ত্ৰী নিযুক্তি দিছে। কফি আৰু পাম তেল পাপুৱা নিউগিনিৰ দুটা শীৰ্ষ ৰপ্তানি সামগ্ৰী। কফি মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী জো কুলিক। যদিও কফি দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পণ্য, তথাপি দেশৰ কফি উদ্যোগ শেহতীয়াকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গতিকে প্ৰধানমন্ত্ৰী মৰাপে আশা কৰিছে যে কফি মন্ত্ৰী নিযুক্তি দিলে এই পৰিস্থিতি সলনি হ’ব। কিন্তু জো কুলিক কিয়? তাৰো এটা কাৰণ আছে। কফিৰ বাবে বিখ্যাত দেশৰ ৱাঘী উপত্যকা অঞ্চলৰ নতুন মন্ত্ৰী জো কুলি। ইয়াৰ প্ৰসংগতেই হয়তো প্ৰধানমন্ত্ৰীয়ে কৈছিল যে জো কুলিৰ উত্তম কফি বনাই দিয়াৰ বাহিৰে আন কোনো কাম নাথাকিব। গতিকে তেওঁক শুই থাকোঁতে আৰু খোজকাঢ়ি থাকোঁতেও কেৱল কফিৰ কথা চিন্তা কৰিবলৈ কোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যোৱা তিনি-চাৰি দশকত পাপুৱা নিউগিনিৰ পৰম্পৰাগত শস্যৰ কিছু গুৰুত্ব হেৰাই গৈছে। এইবোৰক পুনৰ আলোচনাৰ মাজলৈ অনাটো গুৰুত্বপূৰ্ণ। গতিকে কফিক এতিয়া নিৰ্দিষ্ট মন্ত্ৰীৰ অধীনলৈ অনা হৈছে, যাতে ভৱিষ্যতে কফিয়ে নিজৰ মৰ্যাদা ঘূৰাই পায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More