বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে তেজপুৰত উত্তৰ অসম দিব্যাংগ সন্হাৰ বৰ্ণাঢ্য কাৰ্যসূচী

দৃষ্টিহীনৰ কন্ঠত সুমধুৰ গীত, ভৰি নোহোৱাকৈ যুৱতীৰ দৃষ্টিনন্দন নৃত্য, ভৰিৰে অঁকা চিত্ৰ, কবিতা - কথাৰে জীপাল হ'ল তেজপুৰৰ বাণ থিয়েটাৰ

0 17

শতাব্দ’ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩ ডিচেম্বৰ : দৃষ্টিহীনৰ কন্ঠত সুমধুৰ গীত, ভৰিৰে চিত্ৰাংকন, দুভৰি নোহোৱাকৈ এখন কাঠৰ টুলত বহি দৃষ্টিনন্দন নৃত্য, দিব্যাংগৰ কন্ঠত কবিতা আবৃত্তি আদিৰে মুখৰিত কৰি আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটো উদযাপিত হ’ল তেজপুৰত। উল্লেখ্য যে উত্তৰ অসম দিব্যাংগ সন্হাৰ উদ্যোগত শোণিতপুৰ জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আজি পুৱাৰ পৰা তেজপুৰৰ বাণ থিয়েটাৰত অনুষ্ঠি হয় বিশ্ব প্ৰতিবন্ধী দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠান। পুৱা উত্তৰ অসম দিব্যাংগ সন্থাৰ মুখ্য সম্পাদক মৃদুল কুমাৰ বৰাৰ দ্বাৰা পতাকা উত্তোলন, কাৰ্যকৰী সভাপতি ৰিয়াজ আনচাৰীৰ দ্বাৰা শ্বহীদ তৰ্পণ আৰু সভাপতি জিতু নাথৰ দ্বাৰা গছপুলি ৰোপণৰ পিছত দুপৰীয়াৰ পৰা অনুষ্ঠিত মূল অনুষ্ঠানত উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ দিব্যাংগ যুৱক – যুৱতী সকলে পৰিবেশন কৰা বিভিন্ন আকৰ্ষণীয় অনুষ্ঠানে উপস্থিত বিশিষ্ট ব্যক্তিসকলক আপ্লুত কৰি তোলে। তেজপুৰ জাতীয় বিদ্যালয়ৰ দিব্যাংগ প্ৰধান শিক্ষক মুনীন্দ্ৰ নাথৰ পৌৰোহিত্যত মুখ্য সম্পাদক মৃদুল কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই ৰাজ্যখনৰ দিব্যাংগ লোক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে। বৰ্তমান মূল্য বৃদ্ধিৰ সময়তো দিব্যাংগ লোকসকলক মাহিলী ১০০০ টকাহে ভাট্টা দি অহাতো উদ্বেগজনক কথা বুলি মন্তব্য কৰি অচিৰেই সন্হাই দাবী কৰি অহা অনুসৰি ৫০০০ টকা কৰিবলৈ চৰকাৰক আহ্বান জনায়। আনহাতে দিব্যাংগ সকলো ঈশ্বৰৰ সন্তান বুলি মন্তব্য কৰি তেওঁলোকৰ মাজৰ প্ৰতিভা সমূহৰ দ্বাৰাই তেওঁলোকো যে সমাজৰ অবিচ্ছেদ্য অংগ সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি সমাজৰ এই দিব্যাংগ লোকসকলক যাতে কোনেও পুতৌ দৃষ্টিৰে নেচাই আন সক্ষম লোকৰ দৰেই জ্ঞান কৰি তেওঁলোকেও যাতে সুৰক্ষিত জীৱন যাপন কৰি আগুৱাই যাব পাৰে তাৰ প্ৰতি মনোনিবেশ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। দৃষ্টিহীন যুৱক অৰূপ খুদাই সুললিত কন্ঠেৰে পৰিৱেশন কৰা জুবিন গাৰ্গৰ এটি গীতেৰে আৰম্ভ হোৱা মূল অনুষ্ঠানটিত নাট্যকাৰ – পৰিচালক তথা সাংবাদিক পুলক কুমাৰ ডেকা নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি দিব্যাংগ সকল কোনো কাৰণতে সমাজৰ অক্ষম লোক নহয় বুলি কৈ মানসিক ভাৱে বহু সক্ষম লোকতকৈ সকলো ক্ষেত্ৰতে অধিক দক্ষ বুলি অনুষ্ঠানটিত উপস্থিত থকা বহুকেইগৰাকী দিব্যাংগৰ সুকুমাৰ কলাৰ পাৰদৰ্শিতাৰ উদাহৰণেৰে তেওঁলোকক উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ লোক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা, সাংবাদিক দ্বিপ কুমাৰ কলিতা, জেষ্ঠ অধিবক্তা জয়দ্বিপ দে’ও বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা মূল অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিৰিঞ্চি বৰাই সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি মানুহ অকল নিজক লৈয়েই ব্যস্ত হৈ নেথকি আনৰ কল্যাণৰ বাবেও কিবা এটা কৰিব পাৰিলে নিজে মানসিক প্ৰশান্তি লাভ কৰাৰ লগতে সমাজৰো মংগল হয় বুলি মন্তব্য কৰে। আনহাতে দিব্যাংগ সকল কেতিয়াও অক্ষম নহয় বুলি কৈ ব্যক্তিয়ে ব্যক্তিৰ সলনি ব্যক্তি বিশেষৰ কথা চিন্তা কৰিলেই এনে লোকসকলো উপকৃত হ’ব বুলি মন্তব্য কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক বৰাই। উল্লেখ্য যে, অনুষ্ঠানটিৰ মাজতে যোৱা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভৰিৰে লিখি ৫৬ শতাংশ নম্বৰেৰে উতীৰ্ণ হোৱা ঢেকীয়াজুলিৰ সুদিপ্তা ভৌমিক নামৰ যুৱতী গৰাকীয়ে ভৰিৰে অংকণ কৰা কেবাখনো আকৰ্ষণীয় চিত্ৰ প্ৰত্যক্ষ কৰি উপস্থিত ৰাইজ আপ্লুত হৈ পৰে। আনহাতে দুই ভৰি নোহোৱা চিত্ৰা দেৱীয়ে এখন কাঠৰ টুলত বহি এটি দৃষ্টিনন্দন নৃত্য পৰিৱেশন কৰা, দিব্যাংগ স্বৰ্ণালী দেৱী, ডিম্পী শইকীয়া বৰা, ৰাণু দেৱী, ছানাম তানাম, মিৰাজ আলী আৰু কেৰেলিং খাপলঙে গীত পৰিবেশন কৰা আৰু বনজিৎ কোঁচে কবিতা আবৃত্তি কৰা অনুষ্ঠানটিত জিলা সমাজ কল্যাণ বিষয়াৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত কবিতা ফাংচুৱে দিব্যাংগ সকলৰ বাবে সমাজ কল্যাণ বিভাগৰ বিভিন্ন চৰকাৰী আঁচনি সমূহৰ কথা সদৰী প্ৰদান কৰা ভাষণত জিলাখনৰ দিব্যাংগ সকলৰ বিভিন্ন ক্ষেত্ৰত থকা প্ৰতিভাৰ শলাগ লয়। উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানতে উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ পাৰদৰ্শী দিব্যাংগ লোকক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More