বিশ্ব বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যুবাৰ্ষিকী

0 66
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ নৱেম্বৰঃ বিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যুবাৰ্ষিকীৰ আজিৰ দিনটোত পুৱাৰে পৰা শিল্পীগৰাকীৰ সাধনাৰ স্হলী ঊষা নগৰী তেজপুৰৰ বিভিন্ন অনুষ্ঠানে গীতে মাতে সাংগীতিক আৰু সুৰীয়া ভাবে  স্মৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পুৱাই তেজপুৰ সাহিত্য সভা ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই। ইয়াৰ পিছতেই তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মা আৰু প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ বেনুধৰ কাকতি, প্ৰবীণ কন্ঠশিল্পী সচ্চিদানন্দ বৰা, অজিৎ দাস, অৱসৰপ্ৰাপ্ত অধ্যাপিকা, শিল্পী কল্পনা বৰুৱা, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, লেখক নবীন চন্দ্ৰ লহকৰ, আবৃত্তিকাৰ বিকাশজ্যোতি কলিতা, অঞ্জু দত্ত বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানটিত প্ৰবীণ কন্ঠশিল্পী সচ্চিদানন্দ বৰা আৰু ৰূপম দাসে সুধাকণ্ঠ গৰাকীৰ গীত পৰিবেশন কৰে। আনহাতে পুৰোধা শিল্পী গৰাকীৰ একাদশ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰৰ মিলনপুৰৰ “মাধৱদেৱ কলা নিকেতন” ৰ সহযোগত তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা “আমি একেখন নাৱৰে যাত্ৰী” শীৰ্ষক কাৰ্যসূচী সুধাকণ্ঠ গৰাকীৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে আৰু পুষ্পাঞ্জলি অৰ্পনৰে শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু সুধাকণ্ঠৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীয়ে। ইয়াৰ পিছতেই বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ নাগবংশী, অসমীয়া ক্লাবৰ উপ সভাপতি, বিশিষ্ট ক্ৰীড়াবিদ পংকজ বৰা, প্ৰাক্তন সম্পাদক চিত্তদেৱ শৰ্মা, মাধৱদেৱ কলা নিকেতনৰ সভাপতি ময়ূৰ কাঞ্চন বৰা, জংগমৰ তৰফৰ পৰা শান্তনু মহন্ত, অলক নাথ, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, প্ৰাক্তন সভাপতি ড০ সুৰেশ কুমাৰ আৰ্য, এনভাইৰণমেন্ট চচাইটিৰ কোষাধক্ষ সুৰেশ চিৰোহীয়া, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক জিন্টু বৰঠাকুৰ আদিকে ধৰি বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানৰ প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ মাজতে মাধৱদেৱ কলা নিকেতনৰ শিক্ষাৰ্থীসকলে সুধাকণ্ঠৰ কালজয়ী গীত “কাজিৰঙা কাজিৰঙা” সমবেত ভাবে পৰিৱেশ সুৰক্ষাৰ প্ৰতিকী বাণীৰে পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে।  অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সুধাকণ্ঠ গৰাকীক  স্মৃতিচাৰণ কৰি অকল অসমৰেই নহয় সমগ্ৰ দেশৰ লগতে দেশৰ বাহিৰতো পুৰোধা শিল্পী অতি জনপ্ৰিয় আছিল তাৰ প্ৰমাণ নিজৰ কৰ্ম জীৱনৰ সময়ত লাভ কৰা অভিজ্ঞতাৰ তথ্যৰে সদৰী কৰে। উপায়ুক্ত গৰাকীয়ে তেজপুৰৰ “ভূপেন হাজৰিকা কলাভূমি” ক শিল্পী গৰাকীৰ প্ৰকৃত জীৱন-দৰ্শন প্ৰতিফলিত কৰিব পৰাকৈ আৰু অধিক উন্নত কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। আনহাতে আজিৰ এই কলাভূমিৰ অনুষ্ঠান পুষ্পাঞ্জলি অৰ্পনৰে শুভাৰম্ভ কৰা সুধাকণ্ঠৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীয়ে সান্নিধ্যৰ বহু স্মৃতি ৰোমন্থন কৰি বহুতে নজনা বহু কথা সদৰী কৰি ৰাইজক এনেদৰে আপ্লুত কৰে। নিজৰ ঘৰত বিভিন্ন সময়ত থকাৰ সময়ত কেনেদৰে থলুৱা অসমীয়া খাদ্যৰ বাবে ৰান্ধনীৰ লগত নিজে জড়িত হৈ পৰিছিল, কাপোৰ কিনিবলৈ বজাৰলৈ যোৱাৰ মুহূৰ্তৰ পৰিৱেশ, হেজাৰ টকীয়া নোট আছে বুলি নজনা আদি বহু আমোদজনক কথাৰে স্মৃতিচাৰণ কৰি শিল্পী গৰাকীৰ মহান দিশ সমূহৰ ওপৰত আলোকপাত কৰে।আনহাতে কলাভূমিৰ আজিৰ এই অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সুধাকণ্ঠ গৰাকীৰ স্মৃতিচাৰণ কৰি পিতৃ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সৈতে থকা সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰা অনুষ্ঠানটিত বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, কন্ঠশিল্পী কামাল ৰচিদ আহমেদ আৰু অন্বেষা কাঞ্চন বৰাই  একোটিকৈ কালজয়ী গীত পৰিবেশন কৰে। বিয়লি “আমি একেখন নাৱৰে যাত্ৰী” শীৰ্ষক সুৰীয়া আৰু সাংগীতিক অনুষ্ঠানটিত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ওড়িষ্যাৰ সন্তান বিশ্বৰঞ্জন চামালে সুধাকণ্ঠৰ গীত পৰিবেশন কৰাৰ লগতে তেজপুৰৰ কন্ঠশিল্পী পৱন দাস, বিতোপন বৰা, প্ৰাঞ্জল শইকীয়া, দিক্ষীত মহন্ত, ভাস্কৰ মৌনস, ৰাজশ্ৰী বৰুৱা, দ্বিপান্বিতা শৰ্মা, প্ৰীতম নাথ, হীৰামণি লহকৰ আদিয়ে সুধাকণ্ঠ গৰাকীৰ গীত পৰিবেশন কৰাৰ লগতে প্ৰবীণ নৃত্যশিল্পী তথা অভিনেত্ৰী কৃষ্ণা দাস নাথ পৰিচালিত ভূপেন্দ্ৰ সঙ্গীতৰ আধাৰত এটি আকৰ্ষণীয় সমবেত নৃত্য পৰিৱেশন কৰে কৰুণাময়ী কলা নিকেতনৰ শিক্ষাৰ্থী সকলে। আনহাতে সংগীত শিল্পী প্ৰাঞ্জল বৰুৱা আৰু মঞ্জিল কুমাৰ গগৈয়ে যন্ত্ৰ সংগীতত ভূপেন্দ্ৰ সঙ্গীতৰ মূৰ্চ্ছনা তোলা অনুষ্ঠানটিত সুধাকণ্ঠৰ মহা প্ৰয়ানৰ পিছতেই ড০ মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা বিখ্যাত কবিতা “তোমাৰ কন্ঠ অবিহনে মই” আবৃত্তি কৰি সমগ্ৰ অনুষ্ঠানটি জীপাল কৰি তোলাৰ লগতে তেজপুৰৰ একাংশ শিল্পীয়ে বিশেষ নান্দনিক দৃশ্যৰ প্ৰতিকী বাণী লৈ “আমি একেখন নাৱৰে যাত্ৰী” শীৰ্ষক সমবেত গীত পৰিবেশন কৰি এক বিশেষ বাৰ্তা দিবলৈ সক্ষম হয়। উল্লেখ্য যে, এই সমবেত সংগীতৰ সময়ত বিশিষ্ট চিত্ৰশিল্পী হৰেশ্বৰ শইকীয়া, ৰাতুমণি দাস আৰু ৰাজু মণি দাসে বিশেষ চিত্ৰ অংকন কৰে। আনহাতে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মিলনপুৰৰ” মাধৱদেৱ কলা নিকেতন” ৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথে ড০ ভূপেন হাজৰিকাৰ সৃষ্টিশীল সত্বাত সামাজিক দৰ্শন তথা সমাজবাদী চিন্তা প্ৰতিফলিত হৈছে বুলি এগৰাকী কন্ঠশিল্পী হিচাপেই নহয় সামগ্ৰীক ভাবে সকলো সত্বাতে মানুহ আৰু সমাজৰ মুক্তি আৰু কল্যাণে প্ৰাধান্য লভিছিল বুলি মন্তব্য কৰে। উল্লেখ্য যে আজিৰ এই দিনটোতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই ২০০৩ চনৰ ১৭ ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত নৱনিৰ্মিত বাণথিয়েটাৰৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ সংৰক্ষণ কৰি ৰখা ড০ ভূপেন হাজৰিকাৰ চিতাভষ্ম সংৰক্ষণৰ গৃহটিৰ আজিৰ দিনটোতে মাংগলিক পৰিৱেশত আধাৰশিলাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব, ওড়িষ্যাৰ সন্তান বিশ্বৰঞ্জন চামলে। উল্লেখ্য যে সুধাকণ্ঠৰ গীত চৰ্চা কৰি পৰিৱেশন কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে ইয়াৰ পিছতেই বাণ থিয়েটাৰৰ মঞ্চত শুভাৰম্ভণিৰ ভাষণ  প্ৰদান কৰি ড০ ভূপেন হাজৰিকাৰ গীতৰ মহত্ব ব্যখ্যা কৰি “চিত্ৰলেখা চিত্ৰলেখা” শীৰ্ষক গীতটিও পৰিৱেশন কৰি ৰাইজৰক আপ্লুত কৰে। অতিৰিক্ত মুখ্য সচিব চামলে ড০ ভূপেন হাজৰিকাৰ প্ৰত্যেকটি গীতৰে এক বিশেষ দৰ্শন আৰু বাৰ্তা আছে বুলি মন্তব্য কৰি বহুকেইটা গীতৰ উৰ্ধৃতিৰে সৰ্বকালৰ বাবেই মহান শিল্পী বুলি মন্তব্য কৰে। বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ পৌৰোহিত্যত কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে দিনজোৰা কাৰ্যসূচীৰ প্ৰাৰম্ভিক ভাষণেৰে সুধাকণ্ঠ গৰাকীক স্মৰণ কৰাৰ উপৰি বাণ থিয়েটাৰৰ আজীৱন সদস্য তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাইও স্মৃতিচাৰণ কৰে ।বিয়লিৰ পৰা বাণ থিয়েটাৰত অনুষ্ঠি হয় সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা।বিশিষ্ট কন্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ জে পি দাস আৰু আলেখ্য চক্ৰৱৰ্তীয়ে বিচাৰকৰ আসন গ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দুকুৰি দলে অংশ গ্ৰহণ কৰে। ইয়াৰ উপৰি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী, ত্ৰিমূৰ্তি উদ্যান, তৰুণ অসম সংঘ, জয়মতী সংঘ, তেজপুৰ লেখিকা সমাৰোহ সমিতি, প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন আদি অনুষ্ঠানেও বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ একাদশ মৃত্যুবাৰ্ষিকীৰ দিনটোত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণৰে স্মৰণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More