বিহপুৰীয়াত সৰবৰহী যুৱকৰ অকাল মৃত্যুত শোক

0 52
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৩ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া ভোগদৈগুৰি নিবাসী প্ৰয়াত পুষ্পকান্ত বৰাৰ মাজু পুত্ৰ ভূপেন বৰা (৫০)ৰ আজি পুৱতি নিশা ৩ বজাত অকাল বিয়োগ ঘটে৷ তেওঁৰ বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ মাত্ৰ কেইদিনমানৰ পূৰ্বে বহুমূত্ৰ ৰোগত আক্ৰান্ত হোৱা ভূপেনক যোৱা নিশা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকাৰ সময়তে জাগীৰোডৰ পথতে তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত বৰাই মাতৃ, পত্নী, কণমানি পুত্ৰ সহ জ্যেষ্ঠ ভাতৃ সাংবাদিক দীপেন বৰাৰ লগতে বহু আত্মীয়ক এৰি থৈ যায়৷ সৰবৰহী যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More