বিহপুৰীয়া মহাবিদ্যালয়ত দুই তৰপীয়া তদন্ত আৰম্ভঃ শিক্ষক গোটৰ স্বস্তি

ন্যায় বিচাৰৰ জৰিয়তে মহাবিদ্যায়খন ৰক্ষা পৰিব বুলি আশা শিক্ষক গোটৰ

0 46

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ জুনঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ সমস্যাৰাজিৰ সমাধানৰ দাবীত শিক্ষক গোটে যোৱা ১১ মে’ৰ পৰা চলাই অহা ধৰ্মঘটৰ পিছত অৱশেষত গা লৰিল চৰকাৰ তথা শিক্ষা বিভাগৰ। শিক্ষক গোটৰ যুক্তিসংগত আন্দোলনক নস্যাৎ কৰিবলৈ বিভিন্ন পক্ষই নানান ষড়যন্ত্ৰ কৰাৰ পিছত অৱশেষত দুটা পৰ্যায়ত তদন্ত আৰম্ভ হৈছে। সেইমৰ্মে জিলা প্ৰশাসন আৰু উচ্চ শিক্ষাধিকৰ্তাই কালিৰে পৰা পৃথকে তদন্ত আৰম্ভ কৰিছে ৷ যোৱা ১৩ জুনত লক্ষীমপুৰ জিলাৰ জিলা উন্নয়ন আয়ুক্তৰ নেতৃত্বত এটা দলে বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটৰ প্ৰতিনিধি, মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিনিধি, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধি আৰু অধ্যক্ষৰ ভাষ্য গ্ৰহণ কৰে ৷ সমান্তৰাল ভাবে আজি ১৪ জুনত অতিৰিক্ত উচ্চ শিক্ষাধিকৰ্তাৰ নেতৃত্বত এটা দলে মহাবিদ্যালয়ৰ শিক্ষক গোট, মহাবিদ্যালয় পৰিচালনা সমিতি আৰু অধ্যক্ষৰ ভাষ্য সুকীয়া সুকীয়াকৈ গ্ৰহণ কৰিছে ৷ উৰ্দ্ধতন কৰ্তৃপক্ষৰ এই ভূমিকাত অধ্যক্ষৰ দুৰ্ব্যৱহাৰ, তথ্য চুৰি আৰু বিত্তীয় কেলেংকাৰিত অতিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক গোটে স্বস্তি অনুভৱ কৰিছে আৰু ন্যায় বিচাৰৰ জৰিয়তে মহাবিদ্যায়খন ৰক্ষা পৰিব বুলি আশা প্ৰকাশ কৰিছে ৷ উল্লেখযোগ্য যে উৰ্ধতন কৰ্তৃপক্ষৰপৰা মহাবিদ্যালয়খনে ন্যায় লাভ কৰাৰ ক্ষেত্ৰত অসম কলেজ শিক্ষক সংস্থাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে চলাই অহা আন্দোলন সাময়িক ভাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল বুলি আজি শিক্ষক গোটৰ সভাপতি ড° ৰচিদ খান আৰু সম্পাদক ৰাজীৱ লেখাৰুৱে এক বিবৃতিৰে সদৰী কৰে।IMG 20220824 WA0001 1

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More