বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলন অনিৰ্দিষ্ট কাললৈ

জিলা প্ৰশাসন- পৰিচালনা সমিতিৰ হেমাহিত খেদ প্ৰকাশ

0 104

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়খনৰ কেতবোৰ আভ্যন্তৰীণ সমস্যাক লৈ যোৱা ১১ মেৰ পৰা আন্দোলন অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উঠিছে। উল্লেখ্য যে শিক্ষক গোটটোৱে যোৱা ৮ মেত জিলা উপায়ুক্তক বিষয়টোৰ সন্দৰ্ভত স্মাৰক পত্ৰ দিয়াৰ লগতে ১১ মেত স্থানীয় ৰাজহ চক্ৰ বিষয়াকো অৱগত কৰে। আনহাতে শিক্ষক গোটে ১১ মেৰ পৰা ধাৰাবাহিক ভাৱে আন্দোলন অব্য়াহত ৰাখিছে যদিও ৰহস্য়জনক কাৰণত জিলা প্ৰশাসনে শিক্ষানুষ্ঠানখনৰ শিক্ষকসকলক ন্যায় প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ সঁহাৰি জনোৱা নাই। ইপিনে কালি বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও স্থানীয় বিধায়কৰ অনুপস্থিতি দেখুৱাই সভাখন স্থগিত ৰখা হয়। কাজেই বিষয়টোত পৰিচালনা সমিতি আৰু জিলা প্ৰশাসনে আওকণীয়া মনোভাব দেখুওৱাৰ বিপৰীতে শিক্ষক গোটে নিজা স্থিতিত অটল হৈ এই আন্দোলন অনিৰ্দিষ্ট কাললৈ চলি থাকিব বুলি স্পষ্ট কৰি দিছে। জিলা প্ৰশাসনৰ হেমাহিৰ বাবেই আগন্তুক সময়ত শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ অৱনতি ঘটাৰ আশংকা আছে। 

শিক্ষক গোটৰ দাবীসমূহঃ

  • মহিলা শিক্ষয়িত্ৰীৰ ওপৰত কৰা অশালীন আচৰণ বন্ধ হব লাগে৷ ইতিমধ্যে সংঘটিত ঘটনাৰ তদন্ত হব লাগে আৰু অপৰাধীক শাস্তি বিহিব লাগে ৷
  • কলেজৰ তথ্য চুৰিৰ উচিত আইনী তদন্ত হব লাগে ৷
  • অধ্যক্ষ মহোদয়ৰ ওপৰত ২০১৮ চনত হোৱা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ফলাফল অতি সোনকালে শিক্ষক গোটক অৱগত কৰিব লাগে৷
  • শিক্ষক-কৰ্মচাৰীৰ ওপৰত কৰা মানসিক আতিশয্য বন্ধ হব লাগে ৷
  • মহাবিদ্যালয়ৰ সমূহ কাৰ্যপ্ৰণালী গণতান্ত্ৰিক উপায় অৱলম্বন কৰি সম্পাদন কৰিব লাগে ৷
  • মহাবিদ্যালয়ৰ চৌহদত বুনিয়াদী ব্যৱস্থা (অনাময় ব্যৱস্থা) ৰ সু-সমাধান কৰিব লাগে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More