বিহালী সংৰক্ষিত বনাঞ্চলত  অৰুণাচলী লোকৰ পুনৰ আগ্ৰাসন

অসমৰ বন বিভাগৰ কাৰ্যালয়  জ্বলাই দিয়া হুংকাৰ অৰুণাচলীলোক

0 24
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯ ফেব্ৰুৱাৰীঃ হাতে হাতে চোকা অস্ত্ৰ লৈ অসমৰ বন বিভাগৰ ফৰেষ্ট প্ৰটেকচন কেম্পত এদল অৰুণাচলী প্ৰৱেশ কৰি বনৰক্ষী জোৱানক ভাবুকি একাংশ অৰুণাচলী লোকৰ। উল্লেখযোগ্য যে  কিছু দিন পূৰ্বে অসম-অৰুণাচল সীমা সমস্যা সমাধানৰ উদ্দেশ্যে দুয়ো ৰাজ্যৰ দুয়ো গৰাকী  মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এখন বৈঠকত আয়োজন কৰি সীমা সমস্যা ওপৰত আলোচনা কৰি আঞ্চলিক সমিতি গঠন কৰি সীমা পৰিদৰ্শন কৰিবলৈ দুয়ো খন ৰাজ্য চৰকাৰৰ চৰকাৰী প্ৰতিনিধি আৰু মন্ত্ৰী বিধায়কক প্ৰেৰণ কৰিছিল । কিন্তু সেই আলোচনা সময়ত প্ৰচাৰ হোৱা অনুসৰি সীমা সমস্যা সমাধানৰ প্ৰাথমিক চৰ্ত হিচাপে দখলকৃত অঞ্চলেই সীমা হিচাপে গণ্য কৰা হ’ব বুলি চলা চৰ্চাৰ লগে লগে এতিয়া নিশা হলেই অসম অৰুণাচল সীমান্তত বসবাস কৰা একাংশ  অৰুণাচলী লোকে হাতে হাতে চোকা অস্ত লৈ নিশা হলেই নামি পৰে অসমৰ ভুমি দখলত। নিশা হলেও সীমান্ত প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি মাটি দখলত নামি পৰে একাংশ অৰুণাচলী লোকে। ৰাতিটোৰ ভিতৰতে নতুন গাঁও পতাৰ গৃহ নিৰ্মাণ কৰিবলৈ   উঠি পৰি লাগিছে এতিয়া বিহালী সমষ্টিৰ অসম অৰুণাচল সীমান্তত। গুৰুত্বপূৰ্ণ কথাটো হ’লযে, অসম-অৰুণাচলৰ আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পতিৰ বাবে দ্বি-পাক্ষিক আলোচনা অব্যাহত থকাৰ সময়তে পুনৰ অসমৰ ভূমি দখলত  চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ নামি পৰা ঘটনাই সমগ্র বিশ্বনাথ জিলাতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অভিযোগ অনুসৰি শেহতীয়াকৈ  অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যখনৰ একাংশ লোকে অসমৰ ভূমিত বাসগৃহ নিৰ্মাণ কৰিবলৈ উঠি পৰি লাগিছে। বিশেষকৈ বিশ্বনাথৰ  বিহালী সংৰক্ষিত বনাঞ্চলৰ বৰগাং বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত ৰাধাচু ফৰেষ্ট প্ৰটেকচন কেম্পৰ চৌহদত অৰুণাচলী একাংশ  লোকে হাতে হাতে চোকা অস্ত্ৰ হাতত লৈ  অসমৰ বন শিৱিৰত  প্ৰৱেশ কৰি  বনৰক্ষী আৰু অসম পুলিচৰ  জোৱানক ভাবুকি দিয়ে। একাংশ  অৰুণাচলী লোকে  হাতত চোকা অস্ত্ৰলৈ অসম অৰুণাচল সীমান্তত পহৰা দি থকা  ৰাধাচু ফৰেষ্ট কেম্পত  প্ৰৱেশ কৰি  সন্ত্রাস সৃষ্টি কৰি কৰা লগতে  অৰুণাচলী লোকে সীমান্তথকা বন বিভাগৰ কাৰ্যালয় জ্বলাই দিয়াৰ  ভাবুকি প্ৰদান কৰে। দিনৰ ভাগত যিহেতু অসম পুলিচ আৰু বন বিভাগৰ লোকে  চোকা নজৰ ৰাখে যাৰ ফলত অৰুণাচলী লোকে অবৈধ দখল বা গছ গছনি কাটিবলৈ সুবিধা নাপায়।আৰু সেই বাবেই  নিশাৰ সুযোগ গ্ৰহণ কৰি  এতিয়া একাংশ  অৰুণাচলীলোকে।  যোৱা কেইবাদিন ধৰি নিশা বিহালী সংৰক্ষিত বনাঞ্চল খনত  নিশা ভাগত  অৰুণাচলী লোকে পুনৰ আগ্ৰাসন আৰম্ভ কৰিছে। ইফালে এই তথ্য বন বিভাগে লাভ কৰি একাংশ  অৰুণাচলী লোকে ৰাধাচুত নতুনকৈ ঘৰ সজাৰ খবৰ লাভ কৰি বন বিভাগৰ লোক উপস্থিত হৈ ঘৰকেইটা ভাঙি পেলাইছিল বৰগাং বন বিভাগ এটা দলে। এই গৃহ সমূহ ভাঙি পেলোৱা খবৰ বিয়পি পৰা পিচতেই বৰগাং বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত  ৰাধাছু ফৰেষ্ট প্ৰটেকচন কেম্পত  একাংশ  অৰুণাচলী লোকে হাতত চোকা অস্ত্ৰ লৈ বন শিৱিৰত  উপস্থিত হৈ উত্তেজনাপূর্ণ পৰিস্থিতি সৃষ্টি কৰাৰ লগতে অৰুণাচলী বেদখলকাৰীক উচ্ছেদ কৰিলে পৰিনাম ভয়াবহ হ’ব বুলি ভাবুকি দিয়া লগতে তেওঁলোকে ৰাধাছুৰ পৰা ফৰেষ্ট প্ৰটেকচন কেম্পটো উঠাই নিবলৈ বন বিভাগক ভাবুকিও প্ৰদান কৰে।  যদি নিদিষ্ট সময়ত বন শিৱিৰ উঠাই নিনিয়ে তেন্তে জ্বলাই দিয়া ভাবুকি দিয়ে।উল্লেখযোগ্য যে, সীমা সমস্যা সমাধানৰ প্ৰাথমিক চৰ্ত হিচাপে দখলকৃত অঞ্চলেই সীমা হিচাপে গণ্য কৰা হ’ব বুলি চলা চৰ্চাৰ লগে লগে অৰুণাচলী লোকে ৰাতিটোৰ ভিতৰতে নতুন গাঁও পতাৰ বাবে উঠি পৰি লগাটোৱেই লক্ষ্য হিচাপে পৰিগণিত হৈছে। কিন্তু  দুয়োখন ৰাজ্যৰ সীমা বিবাদক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে আৰু মহামান্য আদালতে দুয়ো পক্ষকে স্থিতাবস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়া  পিছতো  আদালতৰ নিৰ্দেশনা অমান্য কৰি অৰুণাচলী চৰকাৰৰ প্ৰশাসনৰ সহযোগত পুনৰ অসমৰ ভুমি  অৰুণাচলে আগ্রাসন অব্যাহত ৰখা বিষয়টো বিহালী বিভিন্ন দল সংগঠনে সহজ ভাৱে লব পৰা। ইফালে হাতে হাতে চোকা অস্ত্ৰ লৈ অসমৰ ভূমিত প্ৰৱেশ কৰি গছ গছনি কাটি তহিলং কৰা লগতে বন শিৱিৰ কাৰ্যালয় জ্বলাই দিয়া অৰুণাচলী বিৰুদ্ধে শীঘ্ৰে আইনী ভাৱে  কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বিহালী বিভিন্ন দল সংগঠনে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More