বিহিয়াগাঁৱকে ধৰি চাৰিখন গাঁৱত জীয়াভৰলীৰ খহনীয়াৰ ভয়াবহ ৰূপঃ শংকিত নৈপৰীয়া ৰাইজ

0 10

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী বিহিয়াগাঁও,কোৰকানি আৰু চামধৰা নামৰ তিনিখন গাঁৱৰ বহু মাটি সম্পত্তি ইতিমধ্যেই জীয়াভৰলীৰ গৰাখহনীয়াত নিঃশেষ কৰাৰ পাছত বৰ্তমান পুনৰ এই বৃহত্তৰ অঞ্চল যোৱা চাৰিদিনে হোৱা ভয়ানক খহনীয়াত আক্ৰান্ত হৈছে৷প্ৰনিধানযোগ্য যে,তেজপুৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলটোত বহুবছৰ পূৰ্বে নিৰ্মাণ কৰা শৈলস্পাৰটোৰ ৯৯শতাংশ ইতিমধ্যেই জীয়াভৰলীত জাহ যোৱাৰ লগতে এই অংশ খহাই নিয়া জীয়াভৰলীয়ে এটা সুঁতিৰ সৃষ্টি কৰে৷উল্লেখযোগ্য যে,তেজপুৰ বিশ্ববিদ্যালয়ৰ সুৰক্ষাৰ বিষয়ে লক্ষ্যৰাখি জলসম্পদ বিভাগে প্ৰায় ১০বছৰ পূৰ্বে বিহিয়াগাঁৱত এক জিঅ’বেগ আঁচনি ৰূপায়ণ কৰিছিল৷জীয়াভৰলীৰ বান আৰু গৰাখহনীয়াৰ পৰা এই বান্ধটোৱে ভৱিষ্যতে তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে কাষৰীয়া অঞ্চলৰ ৰাইজক ৰক্ষা কৰিব বুলি আশা কৰা হৈছিল যদিও প্ৰায় আঠমাহ পূৰ্বলৈকে বিহিয়াগাঁৱৰ এই জিঅ’বেগ আঁচনিখনৰ প্ৰায় ৯০শতাংশ জাহ যায় জীয়াভৰলীত৷ ইয়াৰ পাছতে অঞ্চলটোত খহনীয়াৰ মাত্ৰা বৃদ্ধি পাই৷ইপিনে যোৱা চাৰিদিনত ইয়াত পুনৰ খহনীয়াই তীব্ৰৰূপ ধাৰণ কৰে আৰু সমপ্ৰতি মাটিৰ তলত পোতখাই থকা জিঅ’বেগসমূহো খহাই নিছে জীয়াভৰলীৰ প্ৰৱল সোঁতে৷প্ৰনিধানযোগ্য যে,নিৰ্মীয়মাণ চকীঘাট দলঙৰ তেজপুৰৰ দিশে নামনিৰ এই অংশ এই দলংখনৰ বাবে আচৰিতধৰণে নিৰ্মাণ কৰা গাইডবান্ধৰ বাবেই সম্প্ৰতি বিপদৰ সন্মুখীন হৈছে৷এই গাইডবান্ধ আৰু জীয়াভৰলীৰ মাজত তিনিখন বৃহৎ ৰাজহ গাঁও সোমাই পৰাত এতিয়া জীয়াভৰলীৰ খহনীয়াত ভৱিষ্যতে এইতিনিখন গাঁও জাহ যোৱাৰ আশংকা বৃদ্ধি পাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More