“বিহুৰ দস্তাবেজ” ৰ স্ৰষ্টা তেজপুৰৰ প্ৰবীণ গগৈৰ আত্মজীৱনীমূলক গ্ৰন্থ “বোৱঁতী নদীৰ দৰে” উন্মোচন

নামৰ জনপ্ৰিয়তাতকৈ প্ৰকাশকে লেখাৰ গুণাগুণৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰা উচিত - - ডা০ সৌৰভ ভূঞা

0 22

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল: অসমীয়া লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক, বিশেষকৈ বিহুৰ সকলো লোকাচাৰ বা পৰম্পৰাৰ ওপৰত গৱেষণা অব্যাহত ৰখা, “বিহুৰ দস্তাবেজ”, “আমাৰ বিহু ভাঙোতা নাই” ৰ দৰে গুৰুত্বপূৰ্ণ গ্ৰন্থৰ স্ৰষ্টা চাৰিকুৰি চাৰি বছৰীয়া তেজপুৰৰ প্ৰবীণ গগৈয়ে শেহতীয়াকৈ ৰচনা কৰি উলিওৱা আত্মজীৱনীমূলক এখন গ্ৰন্থ “বোৱঁতী নদীৰ দৰে” আজি গোঁসাই বিহুৰ দিনটোতে তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন হয় তেজপুৰ মাজগাঁওস্হিত নিজৰ বাসগৃহতে। উল্লেখ্য যে, নিজৰ পাঁচগৰাকী কন্যাৰ “পঞ্চকন্যা প্ৰকাশনে” অতি দৃষ্টান্তমূলক ভাৱে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে দৰংমহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ গহন চন্দ্র মহন্তই ।বিশিষ্ট শিক্ষাবিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক ড০ ভুবনেশ্বৰ চহৰীয়াৰ পৌৰোহিত্যত কন্যা প্ৰণামিকা গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত উন্মোচনী ভাষণ প্ৰদান কৰি ড০ গহন চন্দ্র মহন্তই অসম চৰকাৰৰ পৰিসংখ্যা বিভাগৰ দায়িত্বতবাহী এগৰাকী বিষয়াৰ পদত থাকিও প্ৰবীণ গগৈয়ে অসমৰ লোক কলা, লোক কৃষ্টি সমূহৰ ওপৰত গৱেষণালব্ধ অধ্যয়ন কৰি অহাই নহয় ইতিমধ্যে দুখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনাৰ উপৰি কাকত – আলোচনীত নিয়মীয়াকৈ লেখা মেলা কৰি অহাই নহয় বিশেষ ভাৱে সক্ষম লোকৰ বাবে গঢ়ি তোলা তেজপুৰৰ “সঞ্জীৱনী” শীৰ্ষক অনুষ্ঠানৰ উপৰি বিভিন্ন সামাজিক – সংস্কৃতিক অনুষ্ঠানৰে জড়িত হৈ এগৰাকী প্ৰকৃত সমাজকৰ্মী হিচাপে সকলোৰে অন্তৰত ঠাই পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। আনহাতে অনুষ্ঠানটিত উপস্থিত থকা কৰুণাধাৰাৰ প্ৰতিষ্ঠাপক সম্পাদক, বিশিষ্ট চিকিৎসক, গল্পকাৰ, লেখক ডা০ সৌৰভ ভূঞাই সমালোচকে নহয় পাঠক সমাজে একোখন গ্ৰন্থ কেনেদৰে আকোঁৱালি লৈছে তাৰ ওপৰতহে একোগৰাকী লেখকৰ ভৱিষ্যত বা কৃতিত্ত্ব নিৰ্ভৰ কৰে বুলি কৈ সাহিত্যৰ গুণগত দিশটোতহে সকলোৱে অধিক গুৰুত্ব দিয়া প্ৰয়োজন যদিও সম্প্ৰতি ভাল লেখা নহ’লেও প্ৰকাশক সকলে অখ্যাত লেখকৰ সলনি জনপ্ৰিয় লেখকৰহে গ্ৰন্থ প্ৰকাশ কৰি উলিয়াব বিচাৰে বুলি আক্ষেপ প্ৰকাশ কৰে। আনহাতে বৰ্তমানে কিতাপ পঢ়াৰ প্ৰবণতা সকলো লোকৰে কমি অহাত কেনেকৈ কিতাপ পঢ়াৰ পৰিবেশ ঘূৰাই আনিব পাৰি সেই দিশত মনোনিবেশ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ডা০ ভূঞাই।বিশিষ্ট বুৰঞ্জীবিদ ভূবন চন্দ্র গগৈ, সদৌ অসম মইনা পাৰিজাতৰ নিলীমা বেজবৰুৱা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা, লেখক কুশল চন্দ্র বৰুৱা, সমাজকৰ্মী বংকিম বৰুৱা আদিয়ে ভাষণ দিয়া অনুষ্ঠানটিত অতিথি ৰূপে অংশ গ্ৰহণ কৰা “অকণিৰ সাহিত্য সভা”ৰ সভাপতি পংকজ বৰুৱাই পাঁচগৰাকী কন্যাৰ এনে প্ৰয়াসৰ শলাগ লৈ ভাষণ প্ৰসংগত অশীতিপৰ প্ৰবীণ গগৈয়ে নিজৰ জীৱন পৰিক্ৰমাক উভতি চাই ৰচনা কৰা এনে এখন গ্ৰন্থৰ পৃষ্ঠাই পৃষ্ঠাই সামাজিক বুৰঞ্জী লিপিবদ্ধ হৈ ৰ’ব বুলি মন্তব্য কৰি গোঁসাই বিহুৰ দিনটোত ই এক আশাব্যঞ্জক খবৰ হিচাপে বিবেচিত হৈছে বুলি মন্তব্য কৰে। আনহাতে লেখক প্ৰবীণ গগৈৰ লগতে সহধৰ্মিনী আৰু এগৰাকী কন্যা আৰু দুগৰাকী জোঁৱাইয়ে অনুভৱ সদৰী কৰা অনুষ্ঠানটিত সভাপতিৰ আসনৰ পৰা বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়াই গ্ৰন্থৰ ভড়ালক গোঁসাই ঘৰ বুলি অভিহিত কৰি গোঁসাই বিহুৰ দিনটোত এই গোসাঁই ঘৰক গ্ৰন্থৰে পূজা কৰা পৰিৱেশ অতি আশাব্যঞ্জক বুলি কৈ প্ৰবীণ গগৈৰ পাঁচগৰাকী কন্যাৰ এই প্ৰয়াস অতি মহৎ প্ৰয়াস বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More