বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম-জয়ন্তী উপলক্ষে লেখা আহ্বান তিনিচুকীয়া জিলা প্ৰশাসনৰ : ২০ আগষ্ট অন্তিম দিন

0 53

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ আগষ্ট : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ নিৰ্দেশনা অনুসৰি তিনিচুকীয়া জিলা প্ৰশাসনে বীৰগৰাকীৰ জীৱন আৰু বীৰত্বৰ সৈতে জড়িত বিষয়ৰ ওপৰত এটি লেখা নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আহ্বান কৰিছে । এই লেখাসমূহ ১০০ ৰ পৰা ১০০০ শব্দৰ ভিতৰত হ’ব লাগিব । স্পষ্ট হাতৰ আখৰেৰে অথবা টাইপ কৰি লেখা জমা দিব লাগিব । এশটা উন্নত মানৰ লেখা নিৰ্বাচিত কৰি জিলা প্ৰশাসনৰ চৰকাৰী ৱেবচাইট আৰু ফেচবুক পেজত আপলোড কৰা হ’ব। তদুপৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা উৎকৃষ্ট ৫ টা লেখা বাচনি কৰি সাধাৰণ প্ৰশাসন বিভাগলৈ প্ৰেৰণ কৰা হ’ব । সদৌ অসম ভিত্তিত উৎকৃষ্ট মানৰ লেখাৰ বাবে লেখকগৰাকীক বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম-জয়ন্তীৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ’ব । লেখাসমূহ ২০ আগষ্টৰ বিয়লি ৫ বজাৰ ভিতৰত জমা দিব লাগিব । ইয়াৰ পাছত কোনোধৰণৰ লেখা গ্ৰহণ কৰা নহ’ব। চৰকাৰী-বেচৰকাৰী বিদ্যালয় তথা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে লেখাসমূহ নিজ নিজ বিদ্যালয়, মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অধ্যক্ষৰ হাতত জমা দিব লাগিব । অন্যান্য নাগৰিকে উপায়ুক্তৰ কাৰ্য্যালয়ত নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্দিষ্ট কৰি দিয়া স্থানত জমা দিব লাগিব । লেখা জমা দিয়া খামৰ ওপৰত নিজৰ নাম, ঠিকনা, যোগাযোগৰ নম্বৰ আৰু বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম-জয়ন্তীৰ লগত সংগতি ৰাখি “লেখা” বুলি স্পষ্টকৈ উল্লেখ কৰি জমা দিব লাগিব । আনহাতে নাগৰিকসকলে নিজৰ লেখাসমূহ ই-মেইল আই. ডি [email protected] ত অথবা তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্য্যালয়ৰ ঠিকনাত ডাকযোগেও নিৰ্ধাৰিত সময়ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব পাৰিব । কোনোধৰণৰ অস্পষ্ট লেখা গ্ৰহণ কৰা নহব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More