বুষ্টাৰ ড’জ সম্পূৰ্ণ হোৱাৰ পিছতে কাৰ্যকৰী হ’ব CAA

0 11
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ আগষ্টঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনোৱা মতে, ক’ভিড-১৯ বুষ্টাৰ ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱাৰ পিছত দেশত কাৰ্যকৰী হ’ব বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই আশ্বাস দিয়ে পশ্চিমবংগৰ বিজেপি নেতা সুবেন্দু অধিকাৰীক। ২০১৯ চনৰ ১১ ডিচেম্বৰত ভাৰতীয় সংসদে CAA গৃহীত কৰি ১০ জানুৱাৰী, ২০২০ৰ পৰা বলবৎ কৰা হৈছিল যদিও নিয়ম নথকাৰ বাবে এতিয়াও আইন প্ৰণয়ন কৰিবলৈ বাকী আছে। কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে উদ্ধৃতি দি আহিছে যে ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱে এই পৰ্যন্ত নিয়মাৱলী ফ্ৰেমৱৰ্ক কৰাত পলম কৰিছে। CAA ৰূপায়ণ কৰিলে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানত নিৰ্যাতনৰ সন্মুখীন হোৱা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ সেই সদস্যসকলক নাগৰিকত্ব প্ৰদান কৰাটো নিশ্চিত কৰা হ’ব। উল্লেখযোগ্য যে পশ্চিমবংগৰ বিজেপি নেতা সুবেন্দু অধিকাৰীয়ে অমিত শ্বাহক অতি সোনকালে CAA কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে ‘কা’ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More