শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে প্ৰশাসনীয় ভাবে শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ ৰাজহ চক্ৰ অন্তৰ্গত তথা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান। আজি চলা এই উচ্ছেদ অভিযানত বন্যপ্ৰাণী অভয়াৰণ্যখনৰ মুঠ ৬৮২হেক্টৰ অৰ্থাৎ ৫১৩০বিঘা ভূমি বেদখল মুক্ত কৰা হয়৷ ইয়াৰে ভিতৰত লংকে টাপুত ৬৩০হেক্টৰ বনভূমি বেদখলমুক্ত কৰা হয়৷ ইয়াত ৫৬৩ঘৰ আৰু ২৪৪৪জন বেদখলকাৰীক উচ্ছেদ কৰা হয়৷ আনহাতে,বেটনিত ৭৬টা পৰিয়ালৰ ৩০৪জনক আৰু কমলাগড়ত চলোৱা উচ্ছেদ অভিযানত মুঠ ছয়শ ৫২হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয়৷ উল্লেখযোগ্য যে মুঠ ১৮৯২হেক্টৰ বনভূমিত এই উচ্ছেদ অভিযান চলিব আৰু মুঠ ২৫১৩টা বেদখলী পৰিয়ালৰ প্ৰায় ১১হেজাৰ ছয়শ ১০জন বেদখলকাৰীক উচ্ছেদ কৰা হ’ব বুলিও সদৰী কৰিছে প্ৰশাসনে৷ আজি পুৱাৰে পৰা আৰম্ভ হোৱা এই উচ্ছেদ অভিযানৰ প্ৰথম দিনটো শান্তিপূৰ্ণ ভাবেই সামৰণি পৰে৷ কাৰ্যবাহী দণ্ডাধীশৰ লগতে বৃহৎ সংখ্যক আৰক্ষী, বনৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ তত্বাবধানত চলা এই উচ্ছেদ ৰাজ্যৰ সকলোতকৈ বৃহৎ উচ্ছেদ অভিযান বুলিও অভিহিত হৈছে । ১৭ শ নিৰাপত্তা বাহিনীৰ লোক, শোণিতপুৰ জিলা প্ৰশাসনৰ বিষয়া বৰ্গৰ উপস্থিতিত চলে এই উচ্ছেদ অভিযান৷ মুঠ তিনিদিন ধৰি চলিব লগা এই উচ্ছেদ অভিযানত ব্যৱহাৰ কৰা হৈছে মুঠ ৫০ খন এক্সকেভেটৰ আৰু ৫০ খন ট্ৰেক্টৰ৷পাছত শোণিতপুৰৰ উপায়ুক্তই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে এই অভয়াৰণ্যখনৰ ভূমিত স্থাপন হোৱা বিদ্যালয় গৃহ সমূহ আজি উচ্ছেদ কৰা হোৱা নাই৷ এই বিদ্যালয় সমূহ অন্য বিদ্যালয়ৰ স’তে সংযুক্ত নকৰালৈকে বিদ্যালয় সমূহ উচ্ছেদ কৰা নহয় বুলিও তেওঁ উল্লেখ কৰে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.