পূৱ তেলাহীত হিতাধিকাৰীক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল যোগানত ঠিকাদাৰৰ হেমাহী

সোৱণশিৰি নদীৰ পাৰলৈহে ঠিকাদাৰে যোগান ধৰে চাউল

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰে সমবায় সমিতিৰ জৰিয়তে বিভিন্ন এজেণ্টলৈ সুলভ মূল্যৰ চাউল যোগান ধৰাৰ বাবে ঠিকাদাৰক দায়িত্ব দি অহাৰ সময়তে লখিমপুৰৰ তেলাহী সমবায় সমিতিৰ এজন ঠিকাদাৰে গ্ৰাহক তথা এজেণ্টক নিৰ্দিষ্ট স্থানত এনে সুলভ মূল্যৰ চাউল যোগান নধৰাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি তেলাহী সমবায় সমিতিৰ পৰা পূৱ তেলাহী গাঁও পঞ্চায়তৰ বিভিন্ন এলেকালৈ চাউল যোগান ধৰাৰ বাবে লক্ষীনাথ পেগু নামৰ ঠিকাদাৰজনক দায়িত্ব প্ৰদান কৰাৰ পিছত এই ঠিকাদাৰজনে নিৰ্দিষ্ট স্থানত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল যোগান ধৰা নাই৷ যাৰ ফলত নদীপৰীয়া এজেণ্টসকলে এনে সুলভ মূল্যৰ চাউল সোৱণশিৰি নদীৰ ঘাটৰ পৰাই নিব লগা হয়৷ ফলত একাংশ এজেণ্টে গাঁৱত হিতাধিকাৰীক চাউলৰ পৰিমাণ কমাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ লখিমপুৰ জিলাৰ তেলাহী সমবায় সমিতিৰ অন্তৰ্গত তথা পূৱ তেলাহী গাঁও পঞ্চায়তৰ উজনি আৰু নামনি খণ্ডত সুলভ মূল্যৰ চাউল পৰিবহনৰ দায়িত্ব লাভ কৰা লক্ষীনাথ পেগুৱে উজনি খণ্ডৰ এছেৰাকটা ঘাটলৈহে [সোৱণশিৰি নদী] আৰু নামনি খণ্ডৰ ন-আলি ঘাটলৈহে [সোৱণশিৰি নদী] চাউল আগবঢ়াই দিয়াৰ পিছত সোৱণশিৰি সিপাৰৰ পৰা আহি এজেণ্টে নিজা খৰচত এই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল সমূহ তেওঁলোকৰ সমবায় সমিতিৰ সূলভ মূল্যৰ দোকানলৈ নি পিছত সেইবোৰ হিতাধিকাৰীক বিতৰণ কৰি আহিছে৷ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰে নিৰ্দিষ্ট স্থানত তথা সোৱণশিৰি পাৰৰ পূৱ তেলাহী গাঁও পঞ্চায়তৰ বিভিন্ন এজেণ্টৰ দোকানলৈ চাউল সমূহ নি দিব লাগে যদিও তাকে নকৰি নদীৰ এইপাৰেই চাউলসমূহ যোগান ধৰাত এজেণ্টে নিজাববীয়া খৰচত চাউলসমূহ নিজৰ দোকানলৈ নিব লগা হোৱাত হিতাধিকাৰীসকলৰ চাউলৰ নিৰ্দিষ্ট পৰিমাণতকৈ চাউল কৰ্তন কৰি আহিছে৷ এই ক্ষেত্ৰত লখিমপুৰৰ যোগান বিভাগৰ হস্তক্ষেপ দাবী কৰিছে ভূক্তভোগী গ্ৰাহক সকলে৷ উল্লেখ্য যে পূৱ তেলাহী গাঁও পঞ্চায়তৰ উজনি খণ্ডৰ এছেৰাকটা, আদিসুঁতি, বুঢ়া চাপৰি, গামচুক, গোৱালবাৰী আদিৰ লগতে একেটা পঞ্চায়তৰে নামনি খণ্ডৰ ন-আলি, বালিগাঁও, ৰজাবুঢ়া, মৰটন চাপৰি, ঘূলি গাঁও আদিলৈ ঠিকাদাৰে সমবায়ৰ চাউল পৰিবহন কৰিব লাগে যদিও তেনে ঠাইলৈ চাউল পৰিবহন কৰাত হেমাহী প্ৰদৰ্শন কৰি আহিছে৷ ইয়াৰ বিপৰীতে ঠিকাদাৰে নিৰ্দিষ্ট স্থানলৈ সমবায়ৰ চাউল পৰিবহন কৰা দেখুৱাই প্ৰাপ্য মাননি লাভ কৰি আহিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More