বোপাককাৰ কথাই সঁচা— ‘ফোন হ’ব মৃত্যুৰ কাৰণ’

অধ্যয়নে প্ৰমাণ কৰিলে বয়োজ্যেষ্ঠৰ বাণী

0 55
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ছেপ্টেম্বৰঃ আমি সকলোৱে হয়তো শুনি আহিছোঁ বয়োজ্যেষ্ঠৰ হাক বচন। আমাৰ পিতৃ-মাতৃ বা অভিভাৱকে আমাক কৈ আহিছে যে এই যন্ত্ৰবোৰ আমাৰ মৃত্যুৰ কাৰণ হ’ব। এতিয়া নতুন গৱেষণাই প্ৰমাণ দিছে যে স্মাৰ্টফোন, কম্পিউটাৰ, টেবলেটৰ দৰে ইলেক্ট্ৰনিক যন্ত্ৰ আৰু ইয়াৰ পৰা নিৰ্গত হোৱা অত্যধিক নীলা পোহৰে আমাৰ বয়স বৃদ্ধি প্ৰক্ৰিয়াক যথেষ্ট ক্ষিপ্ৰ কৰিব পাৰে। অধ্যয়নৰ জ্যেষ্ঠ লেখিকা তথা Oregon State Universityৰ অধ্যাপিকা জাডৱিগা গিবুলট’ভিচ (Jadwiga Giebultowicz)ৰ উদ্ধৃতিৰে PTI-এ কয়— “টিভি, লেপটপ, ফোন আদি যন্ত্ৰৰ পৰা ওলোৱা নীলা পোহৰ (blue light)ৰ অত্যধিক সংস্পৰ্শই বহু কোষত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। আমাৰ শৰীৰত, ছাল আৰু চৰ্বি কোষৰ পৰা আৰম্ভ কৰি সংবেদনশীল নিউৰনলৈকে।” Frontiers in Aging নামৰ আলোচনীখনত প্ৰকাশিত এই গৱেষণাৰ পৰা দেখা গৈছে যে অত্যধিক নীলা পোহৰৰ সংস্পৰ্শ সীমিত কৰাটো বয়স বৃদ্ধি বিৰোধী এক ফলপ্ৰসূ কৌশল হ’ব পাৰে। জিবুলটভিচে দাবী কৰিছে যে এই অধ্যয়নটোৱে কৈছে— “প্ৰথমটোৱেই দেখুৱাইছে যে নিৰ্দিষ্ট বিপাকীয় পদাৰ্থৰ মাত্ৰা— কোষবোৰে সঠিকভাৱে কাম কৰিবলৈ অপৰিহাৰ্য ৰাসায়নিক পদাৰ্থবোৰ— নীলা পোহৰৰ সংস্পৰ্শলৈ অহাৰ ফলত পৰিৱৰ্তন হয়।” পদ্ধতিটোৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয় যে গৱেষকসকলে দুসপ্তাহ ধৰি নীলা পোহৰৰ সংস্পৰ্শলৈ অহা মাখিত থকা বিপাকীয় পদাৰ্থৰ পৰিমাণক সম্পূৰ্ণ আন্ধাৰত ৰখা মাখিৰ সৈতে তুলনা কৰি বুজিব পাৰিছিল যে ফলৰ মাখিৰ বয়স বৃদ্ধি ত্বৰান্বিত কৰাৰ বাবে কিয় উচ্চ শক্তিৰ নীলা পোহৰ দায়ী। তেওঁলোকে দেখিলে যে নীলা পোহৰৰ সংস্পৰ্শলৈ অহাৰ পিছত মাখিৰ মূৰৰ কোষত তেওঁলোকে পৰীক্ষা কৰা বিপাকীয় পদাৰ্থৰ পৰিমাণ যথেষ্ট বেলেগ বেলেগ আছিল। গৱেষকসকলৰ পৰ্যবেক্ষণে তেওঁলোকৰ পূৰ্বৰ ফলাফলসমূহ সমৰ্থন কৰে যে নীলা পোহৰে বয়স বৃদ্ধি ক্ষিপ্ৰ কৰে আৰু ইয়াৰ পৰা অনুমান কৰিব পাৰি যে কোষবোৰে সৰ্বোত্তমভাৱে কাম কৰা নাই, যাৰ ফলত কোষৰ অকাল মৃত্যু হ’ব পাৰে। জিবুলট’ভিচৰ মতে নীলা পোহৰে মানুহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে কাৰণ মাখি আৰু মানুহৰ কোষত থকা সংকেত প্ৰদানকাৰী ৰাসায়নিক পদাৰ্থবোৰ একে। যিহেতু এল ই ডি (LED) কেৱল ডিছপ্লে স্ক্ৰীণতে নহয়, পৰিৱেশৰ পোহৰতো মূল আলোকসজ্জা হৈ পৰিছে। “উন্নত সমাজৰ মানুহে তেওঁলোকৰ সাৰ পোৱাৰ বেছিভাগ সময়তে এল ই ডি পোহৰৰ জৰিয়তে নীলা পোহৰৰ সন্মুখীন হয়।”— তেওঁ ব্যাখ্যা কৰে। বিগত সময়ছোৱাত অধ্যয়নত অত্যধিক স্ক্ৰীণ টাইমক মেদবহুলতা আৰু মানসিক সমস্যাৰ দৰে ৰোগৰ সৈতে সংযোগ কৰা হৈছে। মানৱ কোষত নীলা পোহৰৰ প্ৰত্যক্ষ প্ৰভাৱ পৰীক্ষা কৰিবলৈ বিজ্ঞানীসকলে অধিক গৱেষণা কৰিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More