ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সীয়ে দেশৰ অৰ্থনৈতিক ভাৰসাম্য ক্ষতিগ্ৰস্ত কৰিছে

0 9
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ অক্টোবৰঃ ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সীয়ে দেশৰ অৰ্থনৈতিক স্থিতিশীলতাক ক্ষতিগ্ৰস্ত কৰিছে বুলি দাবী কৰিছে ৰিজাৰ্ভ বেংকে। দেশৰ ডিজিটেল মুদ্ৰাৰ বিষয়ে কওঁতে ৰিজাৰ্ভ বেংকে জনাইছে যে ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সীৰ বাবে ভাৰতীয় অৰ্থনীতিৰ সামগ্ৰিক ভাৰসাম্য হেৰাইছে। ৰিজাৰ্ভ বেংকৰ শীৰ্ষ বিষয়াসকলৰ মতে, অনাগত দিনত ইয়াৰ প্ৰভাৱ ভয়ংকৰ হ’বলৈ গৈ আছে। ইয়াৰ পূৰ্বেও ৰিজাৰ্ভ বেংকে ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সীক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে জুন মাহত কৈছিল— “এবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ ক্ষমতা ক্ৰিপ্টোকাৰেন্সীৰ আছে। ফলত আস্থাৰ ভিত্তিত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ শৃংখলটো ধ্বংস হৈ গৈ আছে।” ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংকে ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সী ৰোধ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু কৰ্তৃপক্ষই দাবী কৰিছে যে ইয়াৰ ব্যৱহাৰ ৰোধ কৰাটো কোনো দেশৰ বাবে সম্ভৱ নহয়। পৰৱৰ্তী জি-২০ বৈঠকত ভাৰতে এই বিষয়টো আলোচনাৰ বাবে ল’ব পাৰে। প্ৰসংগক্ৰমে উল্লেখ্য যে পৰৱৰ্তী জি-২০ বৈঠকৰ অধ্যক্ষতা কৰিব ভাৰতে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More