ব্যৱহাৰকাৰীৰ বাবে সুবিধাজনক ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ শুভ উদ্বোধন মুখ্য নির্বাচনী বিষয়াৰ

0 10
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ আগষ্টঃ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই আজি গুৱাহাটীত এক অনুষ্ঠানত দেশৰ নিৰ্বাচন আয়োগে ব্যৱহাৰকাৰীৰ সুবিধার্থে নতুনকৈ প্ৰস্তুত কৰি উলিওৱা ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ শুভ উদ্বোধন কৰে। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্রেক্ষাগৃহত মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ সহযোগত অনুষ্ঠিত এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এই ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰসমূহ উদ্বোধন কৰা হয়। উল্লেখ্য যে এই নতুন প্ৰ-পত্রযোগে ভোটাৰ তালিকাত নাম পঞ্জীয়নৰ বাবে আবেদনৰ সময়ত আধাৰ কাৰ্ডৰ সৱিশেষ দাখিলৰ ব্যৱস্থা থাকিব। ই ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাৰ সুবিধা প্ৰদান কৰিব। এই নতুন ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ শুভাৰম্ভ কৰি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েয়ে কয় যে ভাৰতৰ নিবাচন আয়োগে ভোটাৰ ৰাইজৰ সুবিধা হোৱাকৈ সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। এনে পদক্ষেপৰ অংশ হিচাবে ভোটাৰ তালিকাত ভোটাৰৰ নাম পঞ্জীয়নৰ সময়ত ব্যৱহাৰ হোৱা প্ৰ-পত্র সংশোধন কৰি তাত আবেদনকাৰীয়ে আধাৰ নম্বৰ উল্লেখ কৰিব পৰাৰ ব্যৱস্থা ৰখা হৈছে। ই ভোটাৰ তালিকাত ‘এজন ভোটদাতা, এটা ভোট’ ব্যৱস্থা অর্থাৎ ভোটাৰ তালিকাত এজন ভোটাৰৰ নাম যাতে একাধিকবাৰ অন্তৰ্ভুক্ত নহয়, সেয়া নিশ্চিত কৰিব। অৱশ্যে আধাৰ কাৰ্ডৰ সৱিশেষ প্ৰদান কৰা নকৰাতো সম্পূৰ্ণ স্বেচ্ছামূলক বুলি উল্লেখ কৰি আধাৰ কার্ড নথকা ভোটাৰসকলে বা আধাৰ কাৰ্ডৰ সৱিশেষ দিব নিবিচৰাসকলে ভোটাৰ পঞ্জীয়নত কোনো অসুবিধাৰ সন্মুখীন নহয় বুলিও মুখ্য নির্বাচনী বিষয়া খাড়েই উল্লেখ কৰে। অনুষ্ঠানত তেওঁ অধিক সংখ্যক যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰাত সুবিধা হোৱাকৈ নিৰ্বাচন আয়োগে জনপ্রতিনিধিত্ব আইন আৰু ভোটাৰ পঞ্জীয়ন আইনত সংশোধন কৰি নাম পঞ্জীয়নৰ বাবে তিনিটা নতুন ভিত্তি তাৰিখ নিৰ্ধাৰণ কৰিছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে পূৰ্বৰ বৰ্ষসমূহত নির্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ সময়ত ভিত্তি বৰ্ষৰ কেৱল ১ জানুৱাৰীৰ দিনটোত ১৮ বছৰ সম্পূৰ্ণ হোৱাসকলকহে ভোটাৰ তালিকাত নাম পঞ্জীয়নৰ সুবিধা প্ৰদান কৰিছিল যদিও এতিয়াৰে পৰা ১ জানুৱাৰীৰ উপৰি ১ এপ্রিল, ১ জুলাই আৰু ১ অক্টোবৰত ১৮ বছৰ সম্পূৰ্ণ হোৱাসকলেও ভোটাৰ তালিকাত নাম পঞ্জীয়নৰ বাবে আবেদন জনাব পাৰিব বুলি উল্লেখ কৰে। ইয়াৰ ফলত ১৮ বছৰ সম্পূৰ্ণ নোহোৱাসকলেও আগতীয়াকৈ নাম পঞ্জীয়নৰ বাবে আবেদন কৰিব পাৰিব আৰু যোগ্যতা অর্জনৰ তাৰিখৰ পিছত তেওঁলোকক স্বয়ংক্রিয়ভাৱে ভোটাৰ ফটো পৰিচয় পত্ৰ প্ৰদান কৰা হ’ব বুলিও নীতিন খাড়েই উল্লেখ কৰে। তেওঁ নির্বাচন আয়োগে ছাৰ্ভিচ ভোটাৰসকলৰ বাবে থকা প’ষ্টেল বেলটৰ ক্ষেত্ৰতো কিছু সাল-সলনি কৰিছে বুলি উল্লেখ কৰে। যুটীয়া মুখ্য নির্বাচনী বিষয়া লক্ষীনন্দন চহৰীয়া আৰু এমিলি বৰুৱাও উপস্থিত থকা আজিৰ অনুষ্ঠানত ই আৰ অ’, এ ই আৰ অ’, বি এল অ’, ছুপাৰভাইজাসকল আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More