ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে লিজ ট্ৰাছ। তেওঁ ভাৰতীয় মূলৰ প্ৰাক্তন বিত্তমন্ত্ৰী ঋষি সুনকক কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত পৰাস্ত কৰে। লিজ ট্ৰাছে লাভ কৰে ৮১৩২৬টা আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী ঋষি সুনাকে লাভ কৰে ৬০৩৯৯টা ভোট। প্ৰথম পাঁচটা ৰাউণ্ডত ঋষি সুনকে বৃহৎ অগ্ৰগতি লাভ কৰিছিল যদিও কনজাৰ্ভেটিভ পাৰ্টিৰ সদস্যৰ চূড়ান্ত ভোটত লিজ ট্ৰাছে জয়লাভ কৰে। এই নিৰ্বাচনত প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৰাজহুৱাভাৱে লিজ ট্ৰাছক সমৰ্থন কৰিছিল। তেওঁ দলৰ সদস্য আৰু সাংসদসকলক লিজ ট্ৰাছক ভোট দিবলৈ কৈছিল। ৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী হিচাপে ব্ৰিটিছ সংসদত উপস্থিত হ’ব লিজ ট্ৰাছ।
* লীজ ট্ৰাছ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব
কাঁইটৰ মুকুটহে পিন্ধিছে যেন ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হৈছিল লিজ ট্ৰাছে! তেওঁৰ সন্মুখত বহু প্ৰত্যাহ্বান আছে। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে দেশত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি, শক্তি সংকট আৰু নিবনুৱা সমস্যা দূৰ কৰা। ইতিমধ্যে বহু অসুবিধাৰ সন্মুখীন হৈছে মানুহ। লিজ ট্ৰাছে এতিয়ালৈকে নিৰ্বাচনী প্ৰচাৰত এনে কোনো সুনিৰ্দিষ্ট ঘোষণা কৰা নাই যিয়ে ব্ৰিটেইনৰ অৰ্থনীতিক সহায় কৰিব। এনে অৱস্থাত তেওঁ যদি প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰে তেন্তে অৰ্থনৈতিক ফ্ৰণ্টৰ আটাইতকৈ ডাঙৰ সমস্যাটো তেওঁ সমাধান কৰিব লাগিব।
* কনজাৰ্ভেটিভ পাৰ্টিক একত্ৰিত কৰাটোও প্ৰত্যাহ্বান
দুটা ফৈদত বিভক্ত হৈ থকা তেওঁৰ কনজাৰ্ভেটিভ পাৰ্টিক একত্ৰিত কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে লিজ ট্ৰাছ। দলৰ সাংসদ ঋষি সুনকৰ সপক্ষে। আনহাতে, ব্ৰিটিছ জাতীয়তাবাদৰ বিষয়টোত সদস্যসকলে লিজ ট্ৰাছক সমৰ্থন কৰি আছে। এনে পৰিস্থিতিত দুয়োটাৰ মাজত সমন্বয় ৰাখি চৰকাৰ পৰিচালনা কৰাটো লিজ ট্ৰাছৰ বাবে সহজ নহ’ব। অৱশ্যে ঋষি সুনকে এদিন পূৰ্বে কৈছিল যে তেওঁ নতুন চৰকাৰক প্ৰতিটো ফ্ৰণ্টতে সমৰ্থন কৰিব। কিন্তু দলটোৰ দুয়োটা ফৈদৰ মাজত ব্যৱধান বৃদ্ধি পাইছে৷
* আজি ক্ষমতা অৰ্পণ কৰিব বৰিছ জনছনে
ব্ৰিটিছ প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে বৰিছ জনছন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হয়। থেৰেছা মেৰ পিছত তেওঁ ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰিছ জনছনে ১১৩৯ দিনৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ক্ষমতা দখল কৰিছিল। জনছনে ৬ ছেপ্টেম্বৰত বালমোৰাললৈ গৈ ৰাণী দ্বিতীয় এলিজাবেথক সাক্ষাৎ কৰি নতুন কনজাৰ্ভেটিভ পাৰ্টিৰ নেতাগৰাকীক আনুষ্ঠানিকভাৱে ক্ষমতা অৰ্পণ কৰিব।
* নতুন প্ৰধান মন্ত্ৰীৰ সংক্ষিপ্ত অতীত
লিজ ট্ৰাছ আছিল বৈদেশিক সচিব। চৰকাৰী বিদ্যালয়ত পঢ়া ৪৭ বছৰীয়া ট্ৰাছৰ পিতৃ গণিতৰ অধ্যাপক আৰু মাতৃ নাৰ্ছ। লেবাৰ সমৰ্থক পৰিয়ালৰ পৰা অহা ট্ৰাছে অক্সফৰ্ড বিশ্ববিদ্যালয়ত দৰ্শন, ৰাজনীতি আৰু অৰ্থনীতিৰ বিষয়ে অধ্যয়ন কৰিছিল। পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ কিছুদিন একাউন্টেন্ট হিচাপেও কাম কৰিছিল। তাৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰে। ২০১০ চনত প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ট্ৰাছ। ট্ৰাছে প্ৰথমতে ইউৰোপীয় সংঘৰ পৰা ওলাই অহাৰ বিষয়টোৰ বিৰোধিতা কৰিছিল। তেওঁ পিছলৈ ব্ৰেক্সিটৰ নায়ক হিচাপে আত্মপ্ৰকাশ কৰা বৰিছ জনছনক সমৰ্থন কৰিছিল। ব্ৰিটিছ সংবাদ মাধ্যমে তেওঁক প্ৰায়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰৰ সৈতে তুলনা কৰিছিল।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা