ভয়ংকৰ টাইফুন : গতিবেগ ঘণ্টাত ২৫৭ কিলোমিটাৰ

দক্ষিণ এছিয়াৰ সন্মুখীন হ'ব বৃহৎ দুৰ্যোগৰ

0 42
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ছেপ্টেম্বৰ: সাগৰত এটা ভয়ানক ধুমুহা ওচৰ চাপি আহিছে। ২০২২ চনৰ আটাইতকৈ প্ৰবল ধুমুহা আহি আছে। সম্প্ৰতি পূব চীন সাগৰৰ সিপাৰে শক্তি লাভ কৰিছে ছুপাৰ টাইফুন ‘হিন্নামেন’-এ। ইয়াৰ ফলত জাপানৰ দক্ষিণ দ্বীপসমূহৰ লগতে চীনৰ পূব উপকূলৰ কাষে কাষে চৰম দুৰ্যোগৰ আশংকা সৃষ্টি হৈছে। এই ঘূৰ্ণীবতাহে দক্ষিণ এছিয়াৰ আন কেইবাখনো দেশত বিধ্বংসী ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকা কৰা হৈছে। আমেৰিকাৰ জইণ্ট টাইফুন ৱাৰ্নিং চেণ্টাৰৰ তথ্য অনুসৰি, ছুপাৰ টাইফুন ‘হিন্নামেন’ এতিয়া প্ৰতি ঘণ্টাত প্ৰায় ২৫৭ কিলোমিটাৰ বেগেৰে ধুমুহাত পৰিণত হৈছে। ফলত সাগৰত ১৫ মিটাৰ উচ্চ জোৱাৰৰ সৃষ্টি হৈছে। জাপানৰ বতৰ বিজ্ঞান সংস্থাৰ এজন বিষয়াই দাবী কৰিছে যে ২০২২ চনৰ আটাইতকৈ প্ৰবল ধুমুহা হ’ব ‘হিন্নামেন’। অন্ততঃ বৰ্তমানৰ সৰ্বাধিক ৰেকৰ্ড কৰা বতাহৰ গতিবেগে সেইটোৱেই কৈছে। হংকং মানৱ নিৰীক্ষণ কেন্দ্ৰই জনোৱা মতে, ৩১ আগষ্ট বুধবাৰে পুৱা ১০ বজাত জাপানৰ অকিন’ৱা দ্বীপৰ পৰা প্ৰায় ২৩০ কিলোমিটাৰ পূবে টাইফুন আহিছিল। তেওঁলোকৰ পূৰ্বাভাস অনুসৰি টাইফুনটো ঘণ্টাত প্ৰায় ২২ কিলোমিটাৰ বেগেৰে পশ্চিম-দক্ষিণ-পশ্চিম দিশত ৰ্যুকিউ দ্বীপপুঞ্জৰ দিশে গতি কৰিছে। অৱশ্যে আমেৰিকাৰ জইণ্ট টাইফুন ৱাৰ্নিং চেণ্টাৰে জনোৱা মতে, অহা কেইদিনমানৰ ভিতৰত ধুমুহাই কিছু শক্তি হেৰুৱাব। এই ধুমুহাৰ প্ৰভাৱৰ বাবে ইতিমধ্যে বিমান সেৱা বাতিল কৰা আৰম্ভ হৈছে। জাপান এয়াৰলাইন্সে অকিন’ৱা দ্বীপৰ পৰা অৱতৰণ আৰু উৰণ কৰা দুখন বিমান বাতিল কৰিছে। এ এন এ হোল্ডিংছ ইনকৰ্পৰেশ্যনে কয় যে ১ ছেপ্টেম্বৰত তেওঁলোকৰ আঠখন বিমান বাতিল কৰা হৈছে। দুয়োটা সংস্থাই জনোৱা মতে, টাইফুনৰ ট্ৰেকৰ ওপৰত নিৰ্ভৰ কৰি গোটেই সপ্তাহটো বিমান যাত্ৰাত ব্যাঘাত জন্মিব পাৰে। কেইবাটাও বতৰ বিজ্ঞান সংস্থাৰ পূৰ্বাভাস অনুসৰি ২ ছেপ্টেম্বৰত এই ভয়ংকৰ টাইফুনে অকিন’ৱা দ্বীপৰ দক্ষিণ অংশত আঘাত হানিব। পৰৱৰ্তী সময়ত ধুমুহা ক’লৈ যাব সেয়া এতিয়াও নিশ্চিত কৰা নাই বিজ্ঞানীসকল। অৱশ্যে বতৰৰ মডেলে ইংগিত দিছে যে অহা সপ্তাহত টাইৱান আৰু মূল চীনৰ উপকূলীয় অঞ্চলৰ মাজেৰে ধুমুহা উত্তৰ কোৰিয়া উপদ্বীপৰ দিশে গতি কৰিব। আনহাতে, বতৰ বিজ্ঞানীসকলে কয় যে এইবাৰ আটলাণ্টিক মহাসাগৰ আন বছৰতকৈ বহু শান্ত। আন বছৰত এই মহাসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহৰ সংখ্যা এই বছৰ নহ’ল। বিশেষকৈ আফ্ৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ মাজৰ অঞ্চলটোক ‘হাৰিকেন এলি’ বা ‘হাৰিকেন পাথ’ নামেৰে জনাজাত। বিশেষকৈ আগষ্ট মাহৰ আৰম্ভণিৰ পৰা এই অঞ্চলত এটাৰ পিছত এটাকৈ হাৰিকেন বা ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। যোৱা ২৫ বছৰে এই ঘটনা দেখা গৈছে। কিন্তু চলিত বৰ্ষত আগষ্ট মাহৰ অন্ত পৰিলেও অঞ্চলটোত এতিয়ালৈকে এটাও ঘূৰ্ণীবতাহৰ সৃষ্টি হোৱা নাই। ক’লৰাডো ষ্টেট ইউনিভাৰ্চিটিৰ বতৰ বিজ্ঞান আৰু জলবায়ুৰ অধ্যাপক ফিল ক্লটজবাকে কয় যে যোৱা সাতটা দশকত আগষ্ট মাহত হাৰিকেন এলিত মাত্ৰ দুটা হাৰিকেন হৈছে— প্ৰথমটো ১৯৬১ চনত আৰু দ্বিতীয়টো ১৯৯৭ চনত।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More