ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন

অসমীয়া ভাষা সাহিত্যলৈ হেমচন্দ্ৰ বৰুৱা অৱদান শীৰ্ষক বক্তৃতা প্ৰদান

0 110
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১ মেঃ  ভাষাৰ ওজা হেম চন্দ্ৰ বৰুৱা দেৱৰ স্মৃতি দিৱস উপলক্ষে আজি শোণিতপুৰ জিলা সাহিত্য সভাই দৰ্পতীয়া শাখা সাহিত্য সভাৰ সহযোগত দ-পৰ্বতীযা মজলীয়া বিদ্যালয় প্ৰাঙ্গনত এখনি সভাৰ লগতে বক্তৃতানুষ্ঠানৰ আয়োজন কৰে৷ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পুণেশ্বৰ নাথে অসমীয়া ভাষালৈ হেম চন্দ্ৰ বৰুৱাৰ অৱদান শীষক এক বক্তৃতা প্ৰদান কৰে৷ ভাষণ প্ৰসঙ্গত তেখেতে কয় যে ১৭৫ বছৰ পূৰ্বে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ স্বাভিমান ৰক্ষাৰ অৰ্থে নিৰলস প্ৰচেষ্টাত হেমকোষ অভিধান প্ৰণয়নেৰে অসমীয়া ভাষা চিৰদিনলৈ সুৰক্ষিত কৰি গ’ল৷ হেমচন্দ্ৰ বৰুৱা আছিল এগৰাকী গভীৰ সচেতনতা থকা দেশাত্মবোধ আৰু গভীৰ গণতান্ত্ৰিক মনোবৃত্তিৰ লোক৷ তেওঁ অসমীয়া ভাষাৰ উত্তৰণৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল৷ হেমচন্দ্ৰ বৰুৱাৰ সময়ত কানিৰ খুৱেই প্ৰচলন৷ কানিৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি কৰিবলৈ তেওঁ বিভিন্ন কৰ্মপন্থা হাতত লৈছিল৷ ভাষণ প্ৰসঙ্গত তেও আৰু কয় যে হেমচন্দ্ৰ বৰুৱা আছিল একেৰাহে এগৰাকী অতি প্ৰগতিশীল, সংস্কাৰকামী আৰু বিজ্ঞান মনস্ক মনৰ ব্যক্তি৷  সেই সময়ৰ অসমীয়া লোক সকলক কানিৰ পৰা আঁতৰ কৰিবলৈ বাহিৰে ৰংচং ভিতৰে কোবা ভাতুৰি , কানিয়াৰ কীৰ্তন শীৰ্ষক ব্যঙ্গ সাহিত্য ৰচনা কৰিছিল৷ প্ৰতিগৰাকী অসমীয়া মানুহৰ ঘৰত হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ, মহাপুৰুষ দুজনাৰ কীৰ্তন আৰু নামঘোষা, জ্যোতি প্ৰসাদ আৰু বিষ্ণুৰাভাৰ এখনকৈ হ’লে গ্ৰন্থ থকা উচিত বুলি উল্লেখ কৰে৷ বৰ্তমানে যিমানেই অভিধান প্ৰকাশ নহওক কিয় হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ খনেই সৰ্বশ্ৰেষ্ঠ বুলি উল্লেখ কৰে৷ কাৰ্যসূচী অনুসৰি পুৱা ভাষা ওজা হেমচন্দ্ৰ বৰুৱা দেৱৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে বৰালিমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শোভন মহন্তই আৰু পুস্পাঞ্জলি অৰ্পণ কৰে শাখাটোৰ সভাপতি চন্দ্ৰ শেখৰ শইকীয়াই৷ ইয়াৰ পিছতেই দিনৰ ১১বজাৰ পৰা মুকলি সভাখন অনুষ্ঠিত হয়৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি আঁতধৰে জিলা সম্পাদক দুলাল নাথে৷ দ-পৰ্বতীয়া শাখাৰ সদস্য সকলে সভাৰ আৰম্ভণি গীত পৰিবেশনৰ পিছতেই সভাৰ উদ্দেশ্য ব্যাখা কৰে জিলাৰ সম্পাদক দুলাল নাথে৷ সভাৰ মাজতে ভাৰ্গৱী গোস্বামীয়ে এটি বৰগীত, তিনামণি বৰাই এটি বিষ্ণুসঙ্গীত আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ প্ৰভা বৰাই স্বৰচিত কবিতা পাঠ কৰে৷ আজিৰ এই অনুষ্ঠানত প্ৰায় শতাধিক লোক উপস্থিত আছিল৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More