ভাৰতত অচিৰেই প্ৰৱৰ্তন হ’ব নিজা ডিজিটেল মুদ্ৰা

নাম ঘোষণা কৰিলে ৰিৰ্জাভ বেংকে

0 27
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ অক্টোবৰঃ অপেক্ষাৰ অন্ত পৰিবলৈ আৰু বেছিদিন নাই; ভাৰতে অতি সোনকালে নিজৰ ডিজিটেল টকা বা মুদ্ৰা লাভ কৰিব। এই ডিজিটেল মুদ্ৰা প্ৰৱৰ্তন কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকে। যদিও বৰ্তমানলৈ সঠিক সময় ঘোষণা কৰা হোৱা নাই, তথাপি এই ডিজিটেল টকা শীঘ্ৰেই পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হ’ব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে, কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰাৰ লক্ষ্য হৈছে ডিজিটেল মুদ্ৰা সম্পৰ্কে সজাগতা সৃষ্টি কৰা। ভাৰতৰ ডিজিটেল মুদ্ৰাৰ নাম হ’ব ‘ই-টকা’ বা ‘e₹’। এই ডিজিটেল মুদ্ৰাটো লেনদেনৰ আন এটা পদ্ধতি হিচাপে অনা হ’ব, বিত্তীয় লেনদেনৰ কোনো পদ্ধতিৰ সলনি বা বিকল্প হিচাপে নহয়। এই ডিজিটেল মুদ্ৰাই দেশৰ ডিজিটেল অৰ্থনীতি আৰু অধিক শক্তিশালী কৰিব। ডিজিটেল মুদ্ৰা আটাইতকৈ দ্ৰুত আৰু সহজ পদ্ধতি বুলি আৰ বি আয়ে প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা বা চিবিডিচি হৈছে এনে মুদ্ৰা যিবোৰ ডিজিটেল ফৰ্মেটত সংৰক্ষণ কৰা হয়। ইয়াক কাগজৰ মুদ্ৰা অৰ্থাৎ মানি নোটলৈও ৰূপান্তৰিত কৰিব পাৰি। এই ধন আৰ বি আইৰ বেলেন্স শ্বীটতো প্ৰতিফলিত হ’ব। ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত এই ডিজিটেল মুদ্ৰা অনাৰ পৰিকল্পনা কৰা হৈছে। এই ডিজিটেল মুদ্ৰা কেনেকৈ ডিজাইন কৰা হ’ব, ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হ’ব, এই ডিজিটেল মুদ্ৰা কেনেকৈ সৃষ্টি কৰা হ’ব বা জাৰি কৰা হ’ব, সেইবোৰ এতিয়ালৈ চূড়ান্ত কৰা হৈছে। ৰিজাৰ্ভ বেংকৰ মতে, যিহেতু চিবিডিচি এটা সাৰ্বভৌম মুদ্ৰা, গতিকে ইয়াৰ নিৰাপত্তাক লৈ কোনো সন্দেহ নাই। উল্লেখযোগ্য যে কেন্দ্ৰীয় বেংকে পূৰ্বে ক্ৰিপ্টোকাৰেন্সীৰ দৰে ভাৰ্চুৱেল মুদ্ৰা আৰু ইয়াৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে ক্ৰিপ্টোকাৰেন্সীৰ বিত্তীয় বিপদ আৰু লোকচানৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এইবাৰৰ বাজেট অধিৱেশনৰ সময়ত বাজেট উপস্থাপনৰ দিনা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে ক্ৰিপ্টোকাৰেন্সীৰ দৰে ডিজিটেল মুদ্ৰাৰ লগত জড়িত বিত্তীয় বিপদৰ বাবে দেশত ক্ৰমান্বয়ে নিষিদ্ধ কৰা হ’ব। ইয়াৰ পৰিৱৰ্তে ভাৰতীয় ৰিজাৰ্ভ বেংকে নিজাকৈ ডিজিটেল মুদ্ৰা প্ৰৱৰ্তন কৰিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More