শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ এপ্ৰিলঃ যোৱা সপ্তাহত Council on Energy, Environment & Water এ মুকলি কৰা এক অধ্যয়ন প্ৰতিবেদনত ভাৰতবৰ্ষৰ বনাঞ্চল সমূহত বনজুইৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰা হৈছে। দেশখনৰ মুঠ অৰণ্যাঞ্চলৰ প্ৰায় ৩৬ শতাংশ এলেকা বনজুই প্ৰৱণ বুলি উল্লেখ কৰি প্ৰতিবেদনখনত কোৱা হৈছে যে, ২০০০ চনৰ পৰা ২০১৯ চনৰ সময়ছোৱাত বনজুইৰ ঘটনা ক্ৰমে বৃদ্ধি পাই আহিছে। সমগ্ৰ দেশখনতে ২০০০ চনত বনজুইৰ ঘটনা ৩,০৮২ টাৰ বিপৰীতে ২০১৯ চনত এনে ঘটনা সংঘটিত হৈছিল ৩০,৯৪৭ টা।
বনজুই পীড়িত ভাৰতৰ ৰাজ্য কেইখন হৈছে অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, তেলেঙ্গানা, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ছত্তিছগড় আৰু ছিক্কিমক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ গোটেইকেইখন ৰাজ্য। ক্ৰান্তীয় সিক্ত পৰ্ণপাতী আৰু ক্ৰান্তীয় শুষ্ক পৰ্ণপাতী অৰণ্য সমূহ বনজুইৰ বাবে অধিক দুৰ্যোগপ্ৰৱণ হিচাপে চিনাক্ত কৰা হৈছে। বনজুইৰ ঘটনা দেশখনত বৃদ্ধি পোৱাৰ মূল কাৰণ হিচাপে অধ্যয়নটোৱে ঘাইকৈ জলবায়ু পৰিৱৰ্তন সমস্যাটোকেই দায়ী কৰিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত বায়ুমণ্ডলত অতি উষ্ণতা, আৰ্দ্ৰতা পৰিমাণ হ্ৰাস আৰু অতি উষ্ণ দিনৰ সংখ্যা বৃদ্ধিৰ বাবে অগ্নি উৎপন্ন হোৱাৰ অনুকুল পৰিৱেশ এটা সৃষ্টি হোৱা হেতুকে বনজুইৰ ঘটনাৰ ব্যাপকতা বৃদ্ধি পাইছে। এক বৃহৎ অঞ্চলৰ বন-বননি ইয়াৰ ফলত ধ্বংস হোৱাৰ উপৰি বায়ু প্ৰদূষণৰ মাত্ৰা ই বৃদ্ধি কৰাত অৰিহণা যোগায়।