ভাৰতীয় লন বলৰ ‘ফেন্টাষ্টিক ফ’ৰ’

নয়নমণিকে ধৰি আন তিনি গৰাকীৰ চমু পৰিচিতি

0 179

দাদুল দেৱকৃষ্ণ বৰুৱা

ৰাতিটোৰ ভিতৰতে কোনো ‘ষ্টাৰ’ নহয়। তৰা একোটাৰ গঠন যিদৰে দীৰ্ঘদিনীয়া এক পৰিক্ৰমা, ঠিক একেদৰেই বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত একোগৰাকী ব্যক্তিয়ে নিজৰ সপোন পূৰণ কৰে। প্ৰতিটো সফলতাৰ আঁৰত থাকে ঘাম আৰু চকুপানীৰ লুণীয়া! কঠোৰ পৰিশ্ৰম অবিহনে সফলতা সুদূৰ পৰাহত। বহুতে ব্যৰ্থতাৰ একো একোটা পৰ্যায় আৰু কেতিয়াবা অস্তিত্বৰ সংকটৰ মাজেৰেও পাৰ হ’বলগীয়া হয়। কিছুমানৰ কঠোৰ পৰিশ্ৰম দৃশ্যমান, কিন্তু কিছুমান চৰ্চাৰ পৰা নিলগত থাকি, নিৰৱে পৰিশ্ৰম কৰি সফল হয়। এই মুহূৰ্তত মহিলাৰ লন বলৰ ভাৰতীয় দলটোৰ ক্ষেত্ৰত প্ৰযোজ্য পূৰ্বোল্লিখিত শাৰীটো। মহিলাৰ ভাৰতীয় লন বলৰ ‘ফেন্টাষ্টিক ফ’ৰ’-এ ঠিক তেনেকুৱাই কৰিলে। ২ আগষ্ট মঙলবাৰে বাৰ্মিংহাম-২০২২ কমনৱেলথ গেমছত মহিলাৰ লন বল ফ’ৰ ইভেণ্টত জয়লাভ কৰি চাৰিগৰাকীয়ে ইতিহাস সৃষ্টি কৰিলে। এই ‘ফেণ্টাষ্টিক ফ’ৰ’ৰ দুগৰাকী আৰক্ষী কনিষ্টবল, এগৰাকী ক্ৰীড়া শিক্ষক আৰু এগৰাকী ক্ৰীড়া জিলা বিষয়া। ভিন্ন ক্ষেত্ৰৰ পৰা অহা এই ‘ফেণ্টাষ্টিক ফ’ৰ’ৰে গঠিত ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে আৰু দক্ষিণ আফ্ৰিকাক ১৭-১২ গ’লত পৰাস্ত কৰি দেশখনৰ হৈ ঐতিহাসিক সোণৰ পদক লাভ কৰে। এই ক্ৰীড়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতে পদক লাভ কৰিছে। পদকৰ পৰা বহু দূৰত, এই চাৰিগৰাকী খেলুৱৈৰ দৰে এই খেলবিধৰ ভাৰতত কোনো বিশেষ পৰিচয় নাছিল। কিন্তু এতিয়া এই চাৰিগৰাকী খেলৰ ক্ষেত্ৰত ভাৰতীয় ছুপাৰষ্টাৰ হৈ পৰিছে আৰু তেওঁলোকক সকলোৱে চিনি পাইছে। আৰম্ভণিতে কোৱাৰ দৰে সংগ্ৰাম অবিহনে কোনো সফলতা নাহে। এই চাৰিগৰাকীৰ কাহিনীও বেলেগ নহয়। লন বল কেতিয়াও তেঁওলোকৰ প্ৰথম পছন্দ নাছিল যদিও বিভিন্ন খেলৰ জৰিয়তে তেওঁলোকে এই পৰ্যায়ত উপনীত হ’ল।

  •  লাভলী চৌবে
    ১৯৮০ চনৰ ৩ আগষ্টত ঝাৰখণ্ডৰ ৰাঁচীত জন্মগ্ৰহণ কৰিছিল এটা মধ্যবিত্ত পৰিয়ালত। ঝাৰখণ্ড ব’ৰ্ড অৱ এডুকেচনত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।1659503403048 লাভলীয়ে নিজৰ কেৰিয়াৰত চমু দূৰত্বৰ দৌৰৰ খেলুৱৈ আৰু লং জাম্পাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল। কিন্তু কঠিন প্ৰশিক্ষণৰ ফলত পোৱা আঘাতৰ বাবে তেওঁৰ ইচ্ছাশক্তি ভংগ হৈছিল। লাভলীয়ে ক্ৰিকেট আম্পায়াৰ মধুকণ্ঠ পাঠকৰ পৰা সমৰ্থন লাভ কৰিছিল, যিয়ে প্ৰথমে কেইবছৰমান পূৰ্বে অষ্ট্ৰেলিয়া ভ্ৰমণত ষ্টিভ ৱক লন বল খেলি থকা দেখিছিল আৰু তাৰ পিছত এই খেলৰ প্ৰশিক্ষণ লৈ নিজৰ কেৰিয়াৰ কৰি তুলিছিল। মধুকণ্ঠই পাঠকেই লাভলীক এই খেললৈ আমন্ত্ৰণ জনায় আৰু লাহে লাহে ই লাভলীক আকৰ্ষণ কৰে। ২০০৮ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাই তেওঁ এই খেলত সোণৰ পদক লাভ কৰে। ২০১৩ চনত এছিয়া পেচিফিক লন বলৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাত মিক্সড পেয়াৰ শাখাত প্ৰথম স্থান লাভ কৰিছিল। আনহাতে ২০১৪ চনত স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলা ট্ৰিপলছ আৰু মহিলাৰ ফ’ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ক্ৰমে তৃতীয় আৰু চতুৰ্থ পুলত অন্ত পেলাইছিল। সেই বছৰতে মহিলাৰ দ্বৈত আৰু একক ইভেণ্টত দশম এছিয়ান লন বলছ চেম্পিয়নশ্বিপত দুটা ৰূপৰ পদক লাভ কৰিছিল। ২০১৮ চনত অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত পঞ্চম স্থানৰ উল্লেখযোগ্য ফলাফল লাভ কৰিছিল লাভলীয়ে। বৰ্তমান তেওঁ ঝাৰখণ্ডৰ আৰক্ষী বিভাগত কাম কৰে।
  •  ৰূপাৰাণী তিৰ্কী
    ১৯৮৭ চনৰ ২৭ ছেপ্টেম্বৰত ঝাৰখণ্ডৰ ৰাঁচীত জন্মগ্ৰহণ কৰা ৰূপাৰাণী তিৰ্কী ৰাঁচীৰ ছেইণ্ট এন্নেছ গাৰ্লছ হাইস্কুলত পঢ়িছিল। ইয়াৰ পৰৱৰ্তী সময়ত ৰাঁচীৰ গোছনাৰ কলেজ আৰু দিল্লীৰ ইন্দিৰা গান্ধী ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচন এণ্ড স্প’ৰ্টছ ছায়েন্সত অধ্যয়ন কৰিছিল।1659503337029 ২০২২ চনৰ ১৪ মে’ত ৰূপৰাণী অভিযন্তা অমৃত মিঞ্জৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বৰ্তমান তেওঁৰ বয়স ৩৪ বছৰ। লন বললৈ যোৱাৰ পূৰ্বে ৰূপা ৰাণী তিৰ্কীয়ে কাবাদীত খেলৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৯ চনত মালয়েছিয়াত অনুষ্ঠিত এছিয়া পেচিফিক লন বল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ট্ৰিপল আৰু ফ’ৰ শাখাত ব্ৰঞ্জৰ পদকো আৰ্জিছিল। ২০১৯ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত এছিয়া পেচিফিক লন বল চেম্পিয়নশ্বিপৰ ট্ৰিপলত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আনহাতে ২০১০ চনত ভাৰতত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰি চতুৰ্থ স্থান দখল কৰিছিল। ২০১৪ চনত আকৌ এবাৰ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছিল, এইবাৰ স্কটলেণ্ডৰ গ্লাছগোত, য’ত তেওঁ ট্ৰিপলত নৱম আৰু ফ’ৰত চতুৰ্দশ স্থান লাভ কৰিছিল। ২০১৮ চনত অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছিল যদিও পেয়াৰ আৰু ফ’ৰ ইভেণ্টত তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত অনুষ্ঠিত ২০২০ চনৰ বিশ্ব আউটড’ৰ বলছ চেম্পিয়নশ্বিপত ট্ৰিপলছ এণ্ড ফ’ৰছ ইভেণ্টত অংশগ্ৰহণ কৰিছিল। বৰ্তমান ৰূপা ৰাণী ঝাৰখণ্ডৰ ৰামগড়ত জিলা ক্ৰীড়া বিষয়াৰ দায়িত্বত আছে।
  • নয়নমণি শইকীয়া
    লাভলীনা বৰগোহাঁইৰ ঘৰৰ পৰা নাতি দূৰৈৰ সৰুপথাৰৰ এখন দুৰ্গম গাঁও টেঙাবাৰীৰ নয়নমনি শইকীয়াই শেষত ভাৰতৰ বাবে ইতিহাস সৃষ্টি কৰিলে।1659503366426 ৩৩ বছৰীয়া নয়নমণি শইকীয়া সম্প্ৰতি অসমৰ বন সুৰক্ষা জোৱানৰূপে কৰ্মৰত। লন বল তেওঁৰ প্ৰথম পছন্দ নাছিল। নয়নমণিয়ে এবাৰ ভাৰোত্তোলনত নিজৰ কেৰিয়াৰ গঢ়াৰ চেষ্টা কৰিব বিচাৰিছিল। তেওঁ এগৰাকী অতি নিষ্ঠাবান ভাৰোত্তোলনকাৰী আছিল। কিন্তু আঘাতৰ বাবে তেওঁৰ প্ৰদৰ্শনৰ অৱনতি ঘটিছিল। শেষত তেওঁ ২০০৭ চনৰ পৰা লন বল খেলিবলৈ লয়। পিছত সেইটোৱেই তেওঁৰ আবেগ হৈ পৰিল। তেওঁ জীৱনত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদিও কেতিয়াও খেলক বিদায় দিয়া নাছিল। ২০০১ চনত প্ৰতিভা সন্ধানৰ জৰিয়তে ছাই গোলাঘাট কেন্দ্ৰৰ অংশ হ’বলৈ নিৰ্বাচিত হোৱা নয়নমণিয়ে বহুবাৰ নিজৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিছিল। ২০১১ আৰু ২০১৫ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্যক্তিগত আৰু দলীয় ইভেণ্টত সোণৰ পদক লাভ কৰিছিল। ২০১২ চনত এছিয়ান লন বল চেম্পিয়নশ্বিপত ২৫ বছৰৰ তলৰ ছোৱালীৰ শাখাত সোণৰ পদক লাভ কৰিছিল। ২০১৪ আৰু ২০১৮ চনৰ কমনৱেলথ গেমছতো দেশক প্ৰতিনিধিত্ব কৰিছিল। যুক্তৰাজ্যৰ পৰা আমদানি কৰা বিদেশী ক্ৰীড়া লন বলৰ প্ৰতি নয়নমণিৰ সমৰ্পণ এই কথাটোৰ পৰাই বুজিব পাৰি যে তেওঁ গুৱাহাটীলৈ ২-৩ ঘণ্টাৰ যাত্ৰা কৰিছিল, য’ত সৰুসজাই ক্ৰীড়া কমপ্লেক্সত সমগ্ৰ ৰাজ্যখনৰ একমাত্ৰ লন বল ক’ৰ্ট আছে। খেলবিধৰ প্ৰতি তেওঁৰ ইমানেই আগ্ৰহ আছিল যে, সন্তান জন্ম দিয়াৰ মাত্ৰ ন মাহৰ পিছতেই তেওঁ পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল।
  •  পিংকি সিং
    পিংকি দিল্লীৰ আৰ্কেপুৰমৰ এখন বিদ্যালয়ৰ ক্ৰীড়া শিক্ষয়িত্ৰী। কিন্তু ইয়াৰ পূৰ্বে তেওঁ ক্ৰিকেটত কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰিছিল। ১৯৮০ চনৰ ১৪ আগষ্টত তেওঁৰ জন্ম।1659503427233 ৪১ বছৰীয়া পিংকি সিঙে ২০০৯ চনত এছিয়া পেচিফিক বলছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভেৰে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গৌৰৱৰ সোৱাদ লভিছিল। উক্ত প্ৰতিযোগিতাৰ ২০১৬ চনত মহিলা ট্ৰিপলত ৰূপ আৰু মহিলা ফোৰত ব্ৰঞ্জৰ পদক তথা ২০১৭ চনত মহিলা ট্ৰিপলত সোণৰ পদক লাভ কৰিছিল। চতুৰ্থবাৰৰ বাবে কমনৱেলথ গেমচত প্ৰতিদ্বন্দ্বিতা কৰা পিংকি সিঙে ২০১০ চনৰ কমনৱেলথ গেমচত ট্ৰিপলছ ইভেণ্টত অংশগ্ৰহণ কৰি চতুৰ্থ স্থান দখল কৰিছিল। পিছত ২০১৪ চনৰ কমনৱেলথ গেমচত পেয়াৰ এণ্ড ফ’ৰ শাখাত আৰু ২০১৮ চনৰ কমনৱেলথ গেমচত চিংগলছ আৰু ট্ৰিপল শাখাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। পিংকি সিঙৰ নৈপুণ্যই ভাৰতক নিউজিলেণ্ডক পৰাস্ত কৰাত সহায় কৰিছিল।
  •  কি এই লন বল
    লন বল হৈছে এক প্ৰকাৰৰ বল ৰোলিং খেল। ত্ৰয়োদশ শতিকাত ইংলেণ্ডত আৰম্ভ হৈছিল। ইয়াৰ আনুষ্ঠানিক নিয়ম-নীতি ১৮ শতিকাৰ শেষৰ ফালেহে গঢ় লৈ উঠিছিল। ভাৰতীয় লন বল দলে ২০১০ চনৰ কমনৱেলথ গেমছত আত্মপ্ৰকাশ কৰিছিল। বৰ্তমান প্ৰায় ৪০ খন দেশত এই খেল খেলা হয়। কমনৱেলথ গেমছত লন বল ইভেণ্ট আছে যদিও অলিম্পিক আৰু এছিয়ান গেমছত এতিয়াও এই খেল অন্তৰ্ভুক্ত হোৱা নাই।
  •  ভাৰতীয় দলৰ সংগ্ৰাম
    লন বলৰ ক্ষেত্ৰত ১২ বছৰীয়া এক চুটি যাত্ৰাত ভাৰতে এইবাৰ এটা পদক লাভ কৰিছে মহিলা দলটোৰ জৰিয়তে। কিন্তু ভাৰতীয় মহিলা দলটোৰ বাবে বাৰ্মিংহাম যাত্ৰা সহজ নাছিল। কোনো পৃষ্ঠপোষক নথকা বাবে দলটোৰ খেলুৱৈসকলে নিজৰ খৰচত বাৰ্মিংহামলৈ যাত্ৰা কৰিছিল। কাৰণ কমনৱেলথ গেমছত ইতিপূর্বে ভাৰতে লন বলত ছেমি ফাইনেলৰ বাধাও অতিক্ৰম কৰা নাছিল আৰু জনপ্রিয়তাহীনতাৰ বাবেই ভাৰতে বিশেষ গুৰুত্ব লাভ কৰা নাছিল। এতিয়া লাভলী চৌৱে, পিংকি কৌশিক সিং, ৰূপাৰাণী তিৰ্কী আৰু নয়নমণি শইকীয়াৰ সফলতাই এই ছবিখন সলনি কৰাত ডাঙৰ ভূমিকা ল’ব পাৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More