ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ আগষ্ট : ভাৰতে এইবাৰ ৰাছিয়াৰ ছুপাৰছনিক বোমাৰু বিমান টু-১৬০ ক্ৰয় কৰি নিজৰ বায়ুসেনা শক্তিশালী কৰিবলৈ ওলাইছে নেকি? অন্ততঃ কেইবাটাও সূত্ৰই সেইটোৱেই দাবী কৰিছে। বিশ্বৰ ভিতৰতে চতুৰ্থ বৃহত্তম দেশ হোৱাৰ পিছতো বৰ্তমান ভাৰতীয় বায়ুসেনাৰ অস্ত্ৰভাণ্ডাৰত নাই কোনো ছুপাৰছনিক বোমাৰু বিমান। ইয়াৰ ফলত ভাৰতে ৰাছিয়াৰ পৰা বোমাৰু বিমান ক্ৰয় কৰিব পাৰে বুলি জল্পনা-কল্পনা জগাই তুলিছে। ৰাছিয়াৰ বায়ুসেনাৰ অস্ত্ৰভাণ্ডাৰত থকা অন্যতম শক্তিশালী বোমাৰু বিমান হৈছে টুপলেভ টি-ইউ১৬০। ইয়াক ‘হোৱাইট শ্বোৱান’ বুলিও কোৱা হয়। টু-১৬০ বোমাৰু বিমানখনক ‘ব্লেকজেক’ বুলিও কোৱা হয়। ই বিশ্বৰ আটাইতকৈ দ্ৰুত, আটাইতকৈ ডাঙৰ ছুপাৰছনিক বোমাৰু বিমান। ৰাছিয়াৰ বাহিনীৰ মেৰুদণ্ড হিচাপে পৰিচিত এই বিমানখন। ১৯৮১ চনত পৰীক্ষামূলকভাৱে উৰণৰ পিছত ১৯৮৭ চনত এই বিমানখন তদানীন্তন ছোভিয়েট ইউনিয়নৰ বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হয়। এই বিমানখন যিকোনো বতৰ, যিকোনো পৰিস্থিতি আৰু যিকোনো ভৌগোলিক অৱস্থানত উৰিব পাৰে। টু-১৬০ বোমাৰু বিমানখন প্ৰতি ঘণ্টাত সৰ্বোচ্চ ২২০০ কিলোমিটাৰ বেগত উৰিব পাৰে। ৰাছিয়াই এই বিমানখন উন্নীতকৰণ আৰম্ভ কৰিছে। বৰ্তমান ৰাছিয়াৰ সেনাৰ হাতত আছে ১৬ খন টু-১৬০ বিমান। টু-১৬০ বিমানখনে ৭৫০০ কিলোমিটাৰ এলেকাত কাৰ্পেট বোমা বিস্ফোৰণ কৰিব পাৰে। টুপলেভ কোম্পানীয়ে দাবী কৰিছে যে এই বিমানখনে ১২,৩০০ কিলোমিটাৰ অবিৰতভাৱে উৰিব পাৰে। এই বিমানখনে ৪০ টন পৰ্যন্ত ফ্ৰী ফ’ল বোমা কঢ়িয়াব পাৰে। এই বিমানখনত ১২কেএইচ-৫৫এমএছ মিছাইল আৰু ২৪কেএইচ-১৫পি চুটি দূৰত্বৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰও কঢ়িয়াব পৰা যায়।
পূৰ্বৱৰ্তী লেখা