ভাৰতৰ মংগলযানৰ যাত্ৰা শেষ হোৱাৰ পথত!

0 19
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ অক্টোবৰঃ ভাৰতৰ মংগলযানৰ দীঘলীয়া যাত্ৰা নিৰৱে বন্ধ হ’বলৈ গৈ আছে। দেশখনৰ প্ৰথম মংগল অভিযান আৰম্ভ হৈছিল এদশক পূৰ্বে। কিন্তু হঠাতে আজি ৯ অক্টোবৰ দেওবাৰে সেই যাত্ৰাৰ ছন্দত যতি পৰিল। ইছৰোৱে কোনো ধৰণে বাহনখনৰ সৈতে যোগাযোগ কৰিব পৰা নাই। বহু চেষ্টা কৰিও মঙলয়ানক জগাই তুলিব পৰা নাই। সূত্ৰ অনুসৰি ইছৰ’ৰ ‘মংগল অৰ্বিটাৰ মিছন’ বা ‘এম অ’ এম’ৰ অধীনত প্ৰেৰণ কৰা বাহনখনৰ ইন্ধন শেষ হৈছে। ফলত আয়ুসো শেষ হৈছে। ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰ’ই এদশক পূৰ্বে মংগল গ্ৰহলৈ অভিযান আৰম্ভ কৰিছিল মাৰ্চ অৰ্বিটাৰ অভিযানৰ জৰিয়তে। ২০১৩ চনত উৎক্ষেপণৰ পিছৰে পৰা ই মংগল গ্ৰহত কাম কৰি আহিছে। কিন্তু ইন্ধন শেষ হোৱাৰ লগতে বেটাৰীৰ কাৰ্যক্ষমতাও হেৰুৱাবলৈ আৰম্ভ কৰে। ফলত বাহনখন পুনৰ জগাই তুলিব পৰা নাযাব। সেয়ে এই মাৰ্চিয়ানৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ বাধ্য হৈছে ইছৰ’। কিন্তু ৰঙা গ্ৰহটোক প্ৰদক্ষিণ কৰি থকা মহাকাশযানখন উদ্ধাৰৰ বাবে কোনো প্ৰচেষ্টা চলোৱা হৈছে নে নাই সেই সন্দৰ্ভত দেশৰ মহাকাশ সংস্থাই একো কোৱা নাই। এই কথা ইছৰ’ৰ এক সূত্ৰৰ উদ্ধৃতিৰে বাতৰি সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে। ইছৰ’ৰ এক সূত্ৰ অনুসৰি ভাৰতৰ মংগল ৰোভাৰত কোনো ইন্ধন বাকী নাই। উপগ্ৰহটোৰ বেটাৰী মৃত। জনা গৈছে যে যোৱা কেইদিনমানৰ পৰা একেৰাহে ৰঙা গ্ৰহটো গ্ৰহণ চলি আছে। তাৰ বাবেই মংগলযানৰ বেটাৰী ‘ৰিচাৰ্জ’ কৰাটো আৰু সম্ভৱ নহ’ল। ইছৰ’ই পূৰ্বে জনাইছিল যে মংগলযানৰ বেটাৰীসমূহ এনেদৰে ডিজাইন কৰা হৈছে যে ই ১ ঘণ্টা ৪০ মিনিটলৈকে ৰিচেপচনৰ বাবে কাম কৰিব পাৰে। কিন্তু শেহতীয়াকৈ মংগল গ্ৰহত যি ধৰণৰ দীঘলীয়া সময়ৰ বাবে গ্ৰহণ সংঘটিত হৈছে তাৰ ফলতে বেটাৰীৰ কাৰ্যক্ষমতাও শেষ হৈ গৈছে। প্ৰসংগক্ৰমে উল্লেখ্য যে ২০১৩ চনত PSLV-C25 ৰকেটেৰে মংগল গ্ৰহলৈ প্ৰেৰণ কৰা হৈছিল মংগলযান। এয়া আছিল ভাৰতৰ প্ৰথম আন্তঃগ্ৰহ মহাকাশ অভিযান।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More