ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰকৃত নাম দ্ৰৌপদী নহয়!

কিদৰে ঘটিল নামৰ পৰিৱৰ্তন

0 48
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুলাই : দ্ৰৌপদী মুৰ্মুৱে ২৫ জুলাই অৰ্থাৎ যোৱা সোমবাৰে ভাৰতৰ পোন্ধৰতম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। কেৱল সেয়াই নহয়, দেশৰ প্ৰথম আদিবাসী ৰাষ্ট্ৰপতি হিচাপে তেওঁ এক অনন্য নজিৰ সৃষ্টি কৰিছে। ইফালে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ সবিশেষ জানিবলৈ সকলোৰে মাজত তীব্ৰ আগ্ৰহ দেখা গৈছে। এনে অৱস্থাত এক আচৰিত তথ্য পোহৰলৈ আহিল। মূলতঃ বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম দ্ৰৌপদী মুৰ্মু, কিন্তু পূৰ্বে এই নামেৰে তেওঁক জনা নাছিল। তদুপৰি এই ঘটনাটো তেওঁ নিজেই প্ৰকাশ কৰিছে। স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীৰ ভূমিকা ৰৈছে ‘দ্ৰৌপদী’ নামটোৰ আঁৰত। মহাভাৰতৰ এটা কেন্দ্ৰীয় চৰিত্ৰৰ নামেৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁৰ নাম ৰাখিছিল। তেতিয়াৰ পৰাই দ্ৰৌপদী মুৰ্মুৱে সেই নামটো বহন কৰি আহিছে।
* তেওঁৰ আগৰ নাম কি আছিল?
এই প্ৰসংগত সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি জানিব পৰা গৈছে যে শেহতীয়াকৈ উৰিষ্যাৰ এখন ভিডিঅ’ আলোচনীক দিয়া এক সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৈছিল— “দ্ৰৌপদী মোৰ প্ৰকৃত নাম নাছিল। বৰং মোৰ চাওতালী নাম পুতি। দ্ৰৌপদী নামটো মোৰ এগৰাকী শিক্ষয়িত্ৰীয়ে দিছিল। তেওঁ মোৰ ময়ুৰভঞ্জ জিলাৰ বাসিন্দা নাছিল। দৰাচলতে ষাঠিৰ দশকত জনজাতি অধ্যুষিত ময়ুৰভঞ্জ জিলাত কোনো শিক্ষক নাছিল। ফলত সেই জিলাত পাঠদান কৰিবলৈ বালাসোৰ বা কটকৰ পৰা শিক্ষক আহিব লগা হৈছিল। এই ক্ষেত্ৰত মোৰ ‘পুতি’ নামটো সেই বাইদেৱে ভাল পোৱা নাছিল। বৰং ভালৰ কাৰণে তাৰ ঠাইত দ্ৰৌপদী দিলে।”
* উচ্চাৰণৰ পৰিৱৰ্তন
সাক্ষাৎকাৰটোত তেওঁ এইটোও প্ৰকাশ কৰিছিল যে তেওঁৰ নাম সলনি কৰাৰ পিছতো ভুল উচ্চাৰণৰ বাবে তেওঁৰ নাম কেইবাবাৰো সলনি হৈছিল। মূলতঃ দ্ৰৌপদী উচ্চাৰণ কৰাৰ সময়ত বহুতে তেওঁক ‘দুৰ্পদী’ বুলি মাতিছিল। কেৱল সেয়াই নহয়, কিছুমানে তেওঁক ‘দৰপদী’ বুলিও কয়। লগতে, জনা যায় যে দ্ৰৌপদীৰ পৈতৃক উপাধি আছিল ‘টুডু’। এনে অৱস্থাত তেওঁ স্কুল-কলেজকে ধৰি সকলোতে সেই উপাধিটো ব্যৱহাৰ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত বেংক বিষয়া শ্যাম চৰণ মুৰ্মুৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁ ‘মুৰ্মু’ উপাধিটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।
* চাওতালী সংস্কৃতিত কি আছে?
যদিও এই নাম সলনি কৰাক লৈ চৰ্চা অব্যাহত আছে, তেওঁ কয় যে তেওঁ কেতিয়াও নিজৰ মূল নাম ‘পুতি’ক লগ এৰি যাবলৈ নিদিয়ে। এই প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চাওতালী সংস্কৃতিত কোনো নাম হেৰাই নাযায়। বৰঞ্চ একে নামেই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই নিব পাৰি। তেওঁ লগতে জনায়— “এটা জনজাতীয় পৰিয়ালত যেতিয়া কন্যা সন্তানৰ জন্ম হয় তেতিয়া তাই আইতাকৰ নাম লয়। আনহাতে পুত্ৰ সন্তান জন্ম হ’লে ককাকৰ নামেৰে নামকৰণ কৰা হয়।” এইদৰে নামবোৰে বংশাৱলীক স্থায়ী কৰি ৰাখে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More