ভাৰত- জাৰ্মান সম্পৰ্ক হ’ব পাৰে মাইলৰ খুঁটি

0 27

মুক্তামণি ভূমিফুকন 
ইউক্রেন যুদ্ধৰ প্রসঙ্গত ইউৰোপৰ সতে ভাৰতৰ মতবিৰোধ চলি থকাৰ সময়তে জাৰ্মানীৰ লগত Inter government consultation (IGC) মাইলৰ খুঁটি হোৱাৰ দিশত আগবাঢ়িছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ইউৰোপ ভ্ৰমণৰ মাজতে এই দাবী উত্থাপন কৰিছে বিদেশ মন্ত্ৰণালয়ে।এফালে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত বাণিজ্যিক তথা কৌশলগত সহযোগিতাৰ বিষয়ে ঐকমত্যত উপনীত হৈছে ভাৰত আৰু জার্মানী। দুয়োখন দেশেই পাকিস্তানৰ নাম নোলোৱাকৈয়ে সীমান্ত অঞ্চলত চলি থকা সন্ত্রাস তথা ‘সন্ত্রাসবাদীৰ স্বর্গোদ্যানৰ তীব্ৰ নিন্দা কৰি আফগানিস্তানৰ পৰিস্থিতিকলৈয়ো সহমত প্ৰকাশ কৰিছে ।
সংবাদ মাধ্যমলৈ পঠোৱা এক যৌথ বিবৃতিত দুয়োখন দেশৰ নেতাই আন্ত: সীমান্তত চলি থকা সন্ত্ৰাসবাদক তীব্ৰ নিন্দা কৰি কোনোধৰণৰ সন্ত্ৰাসকেই সহ্য কৰা নহ’ব বুলি উল্লেখ কৰে। সন্ত্ৰাসবাদৰ নেটৱৰ্ক ধ্বংস কৰা, সন্ত্ৰাসবাদীৰ স্বৰ্গোদ্যান ধ্বংস কৰা আৰু সন্ত্ৰাসৰ নামত পূঁজি যোগান বন্ধ কৰিবলৈ সকলো ৰাষ্ট্ৰকেই আহ্বান জনায়।নাম উল্লেখ নকৰাকৈয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ একচেটীয়া বাণিজ্য আৰু কৌশলগত ভূমিকাক নিন্দা কৰে দুয়োখন দেশে।তদুপৰি জাৰ্মানী,ইউৰোপীয় ইউনিয়ন ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় উদ্যোগত একেলগ হ’ব বিচাৰে বুলিও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ চ’লতজ’ৰ মাজত মূলত বিনিয়োগৰপৰা পৰিৱেশ, বিকল্প শক্তি, সন্ত্রাস ৰোধৰ সহযোগিতা, সমুদ্র বাণিজ্য আৰু বিভিন্ন গুৰুত্বপূর্ণ বিষয়ত আলোচনা হয়।

কূটনৈতিক শিবিৰৰ মতে, এই মুহূৰ্তত ৰাছিয়াক বিভিন্ন নিষেধাজ্ঞাৰে ঘেৰি ৰখাৰ সময়তে ভাৰত আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ লগত সংযুক্ত হোৱাটো জাৰ্মানীৰ পক্ষে লাভজনক। অতিমাৰীৰ প্ৰকোপত বিধ্বস্ত হোৱা জাৰ্মানীয়ে ইমানদিনে শক্তি আৰু বাণিজ্য ক্ষেত্ৰত মস্কোৰ ওপৰত বিশেষভাবে নিৰ্ভৰশীল আছিল। এতিয়া দেশখনক নতুন বজাৰ আৰু বিনিয়োগৰ পৰিসৰৰ প্ৰয়োজন। এইক্ষেত্ৰত ভাৰতে তেওঁলোকক সহায় কৰিব পাৰে বুলি জাৰ্মানীৰ নতুন চৰকাৰখনৰ আশা। আনহাতে অদূৰ ভৱিষ্যতে ভাৰত-প্ৰসান্ত মহাসাগৰীয় অঞ্চলৰ পৰা জাৰ্মানীৰ সহযোগেৰে চীনৰ একচেটীয়া আধিপত্যক খৰ্ব কৰাৰ এক নতুন সুযোগ বুলি আশা প্ৰকাশ কৰিছে নতুন দিল্লীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More