“ক্ৰিমিয়া ভাৰতৰ বাবে এক শিক্ষা’’— ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী

ৰাজনৈতিক মহলৰ মতে ঝাপৰোভাৰ এই পৰ্যবেক্ষণ ভাৰতৰ সীমা সমস্যাৰ বিষয়ে। ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰক লৈ ভাৰতৰ সৈতে সীমান্তৰ সমস্যা। তদুপৰি চীনৰ সৈতেও ভাৰতৰ দীঘলীয়া সীমা আছে।

0 29

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ এপ্ৰিল : ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী এমিন ঝাপৰোভা ভাৰত ভ্ৰমণত ব্যস্ত। তেওঁ ভাৰতলৈ আহি যুদ্ধবিধ্বস্ত ইউক্ৰেইনক মানৱীয় সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁ ভাৰতক চুবুৰীয়া দেশৰ আগ্ৰাসী মনোভাৱৰ ওপৰত চকু ৰাখিবলৈও পৰামৰ্শ দিয়ে। ঝাপৰোভাৰে কয় যে অশান্তিপূৰ্ণ ওচৰ-চুবুৰীয়াৰ লগত মোকাবিলা কৰাটোও এক বৃহৎ সমস্যা। এই কথাকে বুজাবলৈ তেওঁ ক্ৰিমিয়া দ্বীপৰ উদাহৰণ দিয়ে। যদিও ক্ৰিমিয়া ইউক্ৰেইনৰ অধীনত আছে, তথাপি কেইবছৰমান পূৰ্বে ৰাছিয়াই এই দ্বীপটোত আক্ৰমণ কৰি দখল কৰিছিল। চীন আৰু পাকিস্তানৰ সতেও ভাৰতৰ সীমা বিবাদ আছে। তেওঁ ৰাছিয়াৰ সৈতে ইউক্ৰেইনৰ ঘটনাৰ উদাহৰণ লৈ ভাৰতক প্ৰতিবেশীৰপৰা সাৱধানে থাকিবলৈ সকীয়াই দিয়ে।

দিল্লীত ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ এক অনুষ্ঠানত ঝাপৰোভাই কয়— “মই এটা বাৰ্তা লৈ ভাৰতলৈ আহিছোঁ। ইউক্ৰেইনক ভাৰতৰ প্ৰয়োজন। ইউক্ৰেইন ভাৰতৰ অতি ওচৰত। আমাৰ মাজত এক ঐতিহাসিক সম্পৰ্ক আছে। কিন্তু আমি নতুন সম্পৰ্ক আৰম্ভ কৰিব বিচাৰোঁ।” ইয়াৰ পিছত তেওঁ চীন আৰু পাকিস্তানৰ বিষয়টো উত্থাপন কৰি কয়— ‘’ভাৰতৰ চীন আৰু পাকিস্তানৰ দৰে জটিল চুবুৰীয়া দেশো আছে। গতিকে ক্ৰিমিয়া ভাৰতৰ বাবে শিক্ষামূলক হ’ব পাৰে। যেতিয়াই কোনো অপৰাধ সংঘটিত হয়, বন্ধ নকৰিলে ই এক দানৱীয় ৰূপ ধাৰণ কৰে।”

ৰাজনৈতিক মহলৰ মতে ঝাপৰোভাৰ এই পৰ্যবেক্ষণ ভাৰতৰ সীমা সমস্যাৰ বিষয়ে। ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰক লৈ ভাৰতৰ সৈতে সীমান্তৰ সমস্যা। তদুপৰি চীনৰ সৈতে ভাৰতৰ দীঘলীয়া সীমা আছে। লাডাখ, অৰুণাচল প্ৰদেশৰ দৰে বিভিন্ন ক্ষেত্ৰত চীনৰ আগ্ৰাসী নীতিৰ আভাস স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ চীনে অৰুণাচল প্ৰদেশৰ ১১টা অঞ্চলৰ নামো সলনি কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More