ভোট বৰ্জনেই অন্তিম বিকল্প শোণিতপুৰৰ বৰছলা সমষ্টিৰ দুইনম্বৰ নতুন ঘগৰাৰ ৰইজৰ বাবে

অসহনীয় বঞ্চনাৰ বিৰুদ্ধে সৰৱ ৰাইজ

0 17
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৫আগষ্টঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টিৰ বিহগুৰি উন্নয়ন খণ্ড অন্তৰ্গত এটা অঞ্চল দুই নম্বৰ নতুন ঘগৰা গ্ৰান্ট৷বেছেৰীয়া পাম, তেজপুৰ পাম আদিকৰি এই বৃহত্তৰ অঞ্চলটোত বসবাস কৰে এশ শতাংশই থলুৱা লোকে৷ বাঁহবাৰী গাঁও পঞ্চায়ত অন্তৰ্গত এই অঞ্চলৰ ৰাইজৰ মনত ক্ষোভৰ অগ্নি জলিছে চৰকাৰী বঞ্চনাৰ বাবে৷ দেশৰ স্বাধীনতাৰ পাছৰ পৰা আজিলৈকে উন্নয়নৰ মুখ নেদেখা এই অঞ্চলৰ সহস্ৰাধিক লোকৰ ভিতৰত শতাধিক এনে পৰিয়াল আছে যাৰ থাকিবলৈ ঘৰৰ নামত জৰাজীৰ্ণ চাৰিখন বেৰৰ বিপৰীতে বাঁহৰে কোনোমতে পৰি নোযোৱাকৈ ধৰি থকা আধা টিনপাতৰ এখন চালি আছে৷ এশ শতাংশ লোকেই সামান্য মাটিত খেতি কৰি আৰু  দিন হাজিৰা কৰি পৰিয়াল চলাই অহা লোকৰ এইখন গাঁও৷ কিন্তু ইয়াত ৯৯শতাংশ লোকেই লাভ কৰা নাই চৰকাৰী আঁচনিৰ বাসগৃহ৷ স্হানীয় বিধায়ক গনেশ লিম্বু,পঞ্চায়ত প্ৰতিনিধি যেনেদৰে এইসকল ৰাইজৰ প্ৰাপ্যৰ ক্ষেত্ৰত উদাসীন একেদৰে বিহগুৰি উন্নয়ন খণ্ডৰ বিষয়া তথা শোণিতপুৰ প্ৰশাসনৰ মুৰব্বী সকলে চিনি নাপায় এইসকল দৰিদ্ৰ লোকক৷এনে বঞ্চনাৰ বিষয়ে ক’বলৈ গৈ কান্দোনত ভাঙিপৰা দিন হাজিৰা কৰা  ৰাজু ৰাভাই ক’লে কি দৰে তেওঁলোকক বঞ্চিত কৰা হৈছে চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা৷তেওঁৰ সৰু ভৰালটো থকাৰ বাবেই দিনহাজিৰা কৰা সত্বেও ৰাজুৰ পৰিয়ালে লাভ নকৰে অৰুনোদয় আঁচনিৰ সুবিধা,কঁপালৰ ঘাম মাটিত পেলাই খেতি কৰিলেও তেওঁলোকে লাভ নকৰে কৃষি বিভাগে খেতিয়কলৈ দিয়া আৰ্থিক সাহায্য নতুবা আন সুবিধা৷ ইন্দিৰা আৱাস তথা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰাও বঞ্চিত ৰাজু সহ গাঁওখনৰ শতাধিক দৰিদ্ৰ লোক৷ এনে বঞ্চনাৰ বেদনাত ক্ষোভিত কঠোৰ পৰিশ্ৰমী এইসকল লোকৰ ভিতৰত এটা চৰকাৰী ঘৰৰ বাবে দীৰ্ঘদিনে হাঁহাকাৰ কৰি আহিছে অঞ্চলটোৰ পুতুল ৰাভাই৷ শিশু সন্তানসহ পৰিয়ালটো লৈ আৰ্থিক ভাবে  অতি দৰিদ্ৰ এই পৰিয়ালটোৰ বাসগৃহ দুটা কোন সময়ত এজাক বতাহত ভাঙিপৰে তাৰ কোনো নিশ্চয়তা নাই৷পুতুলে এটা ঘৰৰ বাবে বহুবাৰ আবেদন কৰিলে যদিও আজিলৈকে লাভ নকৰিলে এটা চৰকাৰী আঁচনিৰ বাসগৃহ৷সেই ক্ষোভতে পুতুলে ক’লে “আৰু কিমান বাৰ ঘৰ বিচাৰি আবেদন কৰিম, কিমান কাগজ ফটোকপি কৰি দিম৷ সেয়া দিবলৈও পইচা নোজোৰে৷ আমি ঘৰ নাপাওঁ৷ সেইবোৰ ধনী মানুহৰ কাৰণেহে৷” অঞ্চলটোৰ ভুট্টু কৰ্মকাৰ, বহিৰা কৰ্মকাৰ, কমল নাথ, নগেন নাথ, ৰাজীৱ নাথ, লক্ষীধৰ নাথ, সঞ্জু ৰাভা, সোনাৰাম মেছ, থুলেশ্বৰী দেৱী, ৰমেন নাথ, ৰাজু ৰাভা, মদন কৰ্মকাৰ, ভোলা মেছ, প্ৰমিলা কছাৰী, বুবুল নাথ, মহোধৰ নাথ, ভেচেলি মেছ, ৰাজেশ মাঝি, দিলীপ নাথ, জোনালী দেৱী কাংগাৰী, খগেন নাথ আদি শতাধিক লোকে একোটা উৱঁলি পৰা ঘৰত বাস কৰি আহিছে৷ তেওঁলোকে চৰকাৰী বাসগৃহৰ বাবে আবেদন জনাই আহিলেও ৰহস্যজনক ভাবে আজিলৈকে লাভ নকৰিলে চৰকাৰী আঁচনিৰ বাসগৃহ৷ ক্ষোভিত লোক সকলে কয় “আপোনালোকে বিহগুৰি উন্নয়ন খণ্ড এলেকাত অনুসন্ধান কৰক, কিমান ধনী আৰু পোৱা লোকেই বাৰে বাৰে চৰকাৰী বাসগৃহ লাভ কৰিছে জানিব পাৰিব৷কিন্তু আমালৈহে চৰকাৰী ঘৰ নোলাই৷” থুলেশ্বৰী দেবী নামৰ প্ৰৌঢ়া গৰাকীয়ে দুখৰে  ক’লে “মোৰ মানুহজন ল’ৰা ছোৱালী দুটা সৰু হৈ থাকোঁতেই ঢুকাল৷মই ইঘৰে সিঘৰে কাম কৰি কোনোমতে পৰিয়ালটো চলালোঁ৷ থাকিবলৈ ঘৰ বুলিবলৈ নাই৷ কিন্তু আবেদন কৰিলেও আমি ঘৰ এটা আজিলৈকে নাপালোঁ৷” অঞ্চলটোৰ প্ৰায় সকলৰে একে অৱস্থা৷ কৃষি পথাৰত জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই,খোৱা পানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক আঁচনি আছে যদিও পানী নোলাই৷ ক্ষোভিত ৰাইজে প্ৰকাশ কৰে যে, একাংশ পঞ্চায়ত প্ৰতিনিধিক এইসকল লোকে কোনো চৰকাৰী সুবিধা লাভ নকৰাৰ কথা ক’লে জাঙুৰ খাই উঠি উত্তৰত কয় যে তেওঁলোকৰ ভোট নহ’লেও নিৰ্বাচনত তেওঁলোকৰ প্ৰাৰ্থী বিজয়ী হ’ব৷ জনপ্ৰতিনিধিৰ এনে দম্ভালি আৰু চৰকাৰী উদাসীনতাৰ বলি হৈ এইদৰেই অতি কষ্টৰে জীয়াই থকা এইসকল লোকে সেয়ে এইবাৰ সিদ্ধান্ত লৈছে যে সঁচাকৈয়ে যদি তেওঁলোকৰ সমস্যাবোৰ আগন্তুক সময়ত সমাধান নহয়,তেনেহলে এইবাৰ সঁচাকৈয়ে এইসকল দৰিদ্ৰ লোকে ভোট বৰ্জন কৰিব৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More