মঙলদৈৰ “জেংৰাই” নাট্য দললৈ শ্ৰেষ্ঠ নাট্যদলৰ সন্মান

তেজপুৰৰ বাণ থিয়েটাৰৰ সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

0 32
  • তেজপুৰৰ নৱজ্যোতি বৰা শ্ৰেষ্ঠ নাট্যকাৰ
  • কলিয়াবৰৰ ঋত্তিক নাথ শ্ৰেষ্ঠ পৰিচালক
  • শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন বোকাখাতৰ প্ৰিয়াংশু প্ৰাঞ্জলৰ
  • মঙলদৈৰ নীনামণি কলিতা শ্ৰেষ্ঠ অভিনেত্ৰী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২১ জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি বিজড়িত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত যোৱা ১৯ তাৰিখৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাত মঙলদৈৰ জেংৰাই নাট্য গোষ্ঠীয়ে নিবেদন কৰা “ডিগনিটি অৱ লেবাৰ” নাটকে শ্ৰেষ্ঠ নাট্য দলৰ সন্মান অৰ্জন কৰি স্বৰ্ণলতা দেৱী সোঁৱৰণী নগদ ১৫ হাজাৰ টকা সহ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা দুদিনীয়া এই সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ২৫ টা নাট্য দলে অংশ গ্ৰহণ কৰা পিছত কালি নিশা প্ৰতিযোগিতাৰ ফলাফল সমূহ ঘোষণা কৰে বাণ থিয়েটাৰ কৰ্তৃপক্ষই। ৰাজ্যখনৰ নাটশিল্প ক্ষেত্ৰখনৰ তিনিগৰাকীকৈ বিশিষ্ট ব্যক্তি ক্ৰমে গুৱাহাটীৰ মাণিক আহমেদ, যোৰহাটৰ পৱিত্ৰ বৰুৱা আৰু তেজপুৰৰ অলক নাথে বিচাৰকৰ আসন অলংকৃত কৰা এই প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক কালি নিশাই তিনিওগৰাকী বিচাৰকৰ উপস্থিতিত বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সমিতিয়ে পুৰস্কাৰ সমূহ প্ৰদান কৰে।প্ৰতিযোগিতাত বোকাখাতৰ কুৰুৱাবাহী সত্ৰৰ “দেখহ শুনহ” নাট্য দলে নিবেদন কৰা “শেষ ভাওনাৰ ভাও” নাটকে দ্বিতীয় স্থান লাভ কৰি নগদ ১০ হাজাৰ টকাসহ হেদায়ত উল্লাহ সোঁৱৰণী বঁটা, গুৱাহাটী কটনিয়ান নাট্য সমাজে নিবেদন কৰা “কথা বিষম” নাটকে তৃতীয় স্থান লাভ কৰি নগদ ৭ হেজাৰ টকা সহ কৰুণাময়ী দাস সোঁৱৰণী বঁটা লাভ কৰাৰ লগতে তেজপুৰৰ শংকৰ নাট্য গোষ্ঠীৰ “হাঁহিৰ ফুলবোৰ ফুলিবই “নাটকৰ নাট্যকাৰ নৱজ্যোতি বৰাই শ্ৰেষ্ঠ নাট্যকাৰৰ খিতাপ অৰ্জন কৰি নগদ ধনসহ দিলীপ চৌধুৰী সোঁৱৰণী বঁটা, কলিয়াবৰৰ বাঁহবাৰী নাট্য দলৰ “কাৰেং বেপীৰ হাঁহি” নাটকৰ পৰিচালক ঋত্তিক নাথে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি নগদ ধন সহ পংকজ বৰদলৈ সোঁৱৰণী বঁটা, বোকাখাতৰ “দেখহ শুনহ” নাটকৰ প্ৰিয়াংশু প্ৰাঞ্জলে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অৰ্জন কৰি নগদ ধনসহ বাণীকান্ত শৰ্মা সোঁৱৰণী বঁটা, নলবাৰীৰ প্ৰজন্ম নাট্য দলৰ “ৰঘুমলা” নাটকৰ দিগন্ত ভৰালীয়ে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অৰ্জন কৰি নগদ ধন সহ কবীন বৰুৱা সোঁৱৰণী বঁটা, মঙলদৈৰ জেংৰাই নাট্য দলৰ “ডিগনিটি অব লেবাৰ” নাটকৰ নীনামণি কলিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান অৰ্জন কৰি নগদ ধন সহ গৌৰী প্ৰতিমা পদ্মপতি সোঁৱৰণী বঁটা, পুৰণিগুদামৰ নৱসৃষ্টি নাট্য দলৰ “অস্পষ্ট অনুভৱ আৰু অপেক্ষা” নাটকৰ ঈপ্সিতা বৰাই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান অৰ্জন কৰি নগদ ধন সহ মেঘালী তালুকদাৰ সোঁৱৰণী বঁটা, নগাঁৱৰ নিবেদন নাট্য দলৰ “ৰং ঘঁহা মুখ” নাটকৰ হেমাংগ ৰঞ্জন বৰাই শ্ৰেষ্ঠ সহ অভিনেতাৰ সন্মান অৰ্জন কৰি নগদ ধন সহ ভূপেন বৰুৱা সোঁৱৰণী বঁটা, গুৱাহাটীৰ কটনিয়ান নাট্য সমাজৰ “কথা বিষম” নাটকৰ পৰিণাম্পী জিমা চুলতানাই শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ সন্মান অৰ্জন কৰি নগদ ধন সহ ডালিমী শইকীয়া সোঁৱৰণী বঁটা, কটনিয়ান নাট্য সমাজৰ হৃদয়দ্বীপ গগৈয়ে শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ সন্মান অৰ্জন কৰি নগদ ধন সহ উদয় চন্দ্র দাস সোঁৱৰণী বঁটা আৰু গোলাঘাটৰ ঢেকিয়ালৰ পদাতিক নাট্য দলৰ “কথা কুঁহিপাত” নাটকৰ ৰাণী দত্তই শ্ৰেষ্ঠ শিশু শিল্পী হিচাপে বিবেচিত হৈ নগদ ধন সহ ডা০ গজেন্দ্ৰ নাথ কলিতা সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More