মনিষা বড়োৰ হত্যাকাৰীক ফাঁচিৰ দাবী

জনজাতি আতিশয্য প্ৰতিৰোধী আইন ১৯৮৯সংযোগৰ আহ্বান

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯এপ্ৰিলঃ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ওপৰত হোৱা আতিশয্য প্ৰতিৰোধী আইন ১৯৮৯ৰ ধাৰা তেজপুৰত জঘন্য হত্যাকাণ্ডৰ বলিহোৱা মনিষা বড়োৰ হত্যাৰ গোচৰত সংযোগ কৰাৰ লগতে হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী জনোৱা হৈছে৷ আজি এই সন্দৰ্ভত এবছুৰ ঠেলামৰা আঞ্চলিক সমিতিয়ে শোণিতপুৰৰ উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷উল্লেখযোগ্য যে,ইয়াৰ পাছতে আজি দিনৰ প্ৰায় ১-৩০বজাত তেজপুৰস্হ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত আয়োজিত এক সংবাদমেলত সদৌ অসম জনজাতি ছাত্ৰ সন্হাৰ উপদেষ্টা ৰাজু দেউৰী, ট্ৰাইবেল সংঘৰ শোণিতপুৰ জিলা সমিতিৰ যুটীয়া সম্পাদক জিতেন মেছ,এবছুৰ ঠেলামৰা আঞ্চলিকৰ সভাপতি বিপুল বসুমতাৰী,সাধাৰণ সম্পাদক মিথিংগা বড়ো,এবছুৰ শোণিতপুৰ জিলা সমিতিৰ সাহিত্য সম্পাদক সুনীল কুমাৰ বড়ো আৰু সংগঠনটোৰ শোণিতপুৰ জিলাৰ মুখপাত্ৰ পৰেশ বৰমহলীয়াই এই বিষয়ে সদৰি কৰি কয় যে,পঞ্জাৱ নেছনেল বেংকৰ কৰ্মচাৰী তথা ঠেলামৰাৰ বড়গাঁও নিবাসী মনিষা বড়োক ঊষানগৰৰ ভাড়া ঘৰত হত্যা কৰা সন্দৰ্ভত দুই অভিযুক্ত ৰিচাৰ্ড দলে আৰু দেৱাশীষ কৰৰ বিৰুদ্ধে দলবদ্ধভাৱে ধৰ্ষণ আৰু হত্যাৰ ৩৬২/২০২৩ নম্বৰ গোচৰৰ বিপৰীতে ৩৭৬(ডি)/৩০২ধাৰা সংলগ্ন কৰা হৈছে য’দিও অনুসূচিত জাতি আৰু জনজাতি মহিলা আৰু যুৱতীৰ ওপৰত চলা আতিশয্য প্ৰতিৰোধী ১৯৮৯ৰ আইন সংযোগ কৰা হোৱা নাই৷ আৰক্ষীয়ে মূল অভিযুক্ত দেৱাশীষক পলাতক অৱস্থাত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাত আৰক্ষীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলেও সংগঠনৰ প্ৰতিনিধিবৰ্গই কয় যে,মনিষা বড়ো এগৰাকী জনজাতীয় যুৱতী হোৱা সত্বেও তথা দেশৰ কেন্দ্ৰীয় চৰকাৰে অনুসূচিত জাতি আৰু জনজাতি সকলৰ সুৰক্ষাৰ বাবে কেতিয়াবাই প্ৰযোজ্য কৰিবলৈ নিৰ্দেশ দিয়া আইনখন এইক্ষেত্ৰত প্ৰয়োগ নকৰাটো দুৰ্ভাগ্যজনক৷ এই আইনৰ অধীনত গ্ৰেপ্তাৰ হ’লে অভিযুক্তই জামিন লাভ নকৰে আৰু ৬০দিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰি সংগঠন সমূহৰ বিষয়ববীয়া সকলে কয় যে,এই আইনৰ নিৰ্দেশ অনুসৰি জিলা দণ্ডাধীশে নিপীড়িতৰ পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়াব লাগে য’দিও মনিষাৰ দৰিদ্ৰ পৰিয়ালটোৱে হত্যাকাণ্ডৰ ছয় দিন উকলি যোৱাৰ পাছতো সেয়া লাভ কৰা নাই৷ মাজতে দিল্লীত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাতো ৰাজ্যচৰকাৰক ১৯৮৯ৰ আইনখন বলৱৎ কৰিবলৈ কোৱা হৈছিল য’দিও সেয়া বাস্তৱত কাৰ্যকৰী কৰাৰ পৰা ৰাজ্যচৰকাৰ বিৰত থকা বুলি ক্ষোভ উজাৰি সংবাদমেলত সংগঠন কেইটাৰ বিষয়ববীয়া সকলে লগতে কয় যে,বৰ্তমানৰ চৰকাৰৰ প্ৰতিটো আহ্বানৰ প্ৰতি ৰাজ্যৰ জনজাতীয় লোকসকলে সমৰ্থন আগবঢ়াই আহিছে য’দিও ৰাজ্য চৰকাৰে জনজাতীয় মহিলা যুৱতী সকলৰ ওপৰত হোৱা আতিশয্য প্ৰতিৰোধী আইনখন বলৱৎ কৰা নাই আৰু এইখন আইন বলৱৎ কৰি চৰকাৰে জনজাতি সকলৰ প্ৰতি তেওঁলোকৰ মৰম প্ৰকৃততে আছে বুলি প্ৰমাণ দিয়ক৷ তেওঁলোকে লগতে কয় যে,যিখন চৰকাৰে বিহুৰ অভিলেখ স্হাপন কৰিবলৈ এশকোটি আৰু বাল্যবিৱাহ প্ৰতিৰোধৰ বাবে দুশ কোটি টকা ব্যয় কৰিব পাৰে সেইখন চৰকাৰে কিন্তু আতিশয্যৰ বলি হোৱা জনজাতীয় যুৱতীৰ পৰিয়ালক সামান্য সাহায্য আদায় দিব পৰা নাই অথচ নিহত মনিষাই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল৷ইপিনে ১৯৮৯ৰ বিশেষ আইনখন ৰাজ্যত কাৰ্যকৰী নকৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ সকলো জনজাতীয় স্বায়ত্ত্বপৰিষদ সমূহো নীৰৱে থকা বুলি অভিযোগ কৰি সংবাদমেলত এনে সকলো স্বায়ত্ত্বপৰিষদ সমূহকো এইক্ষেত্ৰত মাত মতাৰ বাবে আহ্বান জনোৱা হয়৷ মনিষা বড়োৰ হত্যাৰে জড়িত সকলে কঠোৰতম শাস্তি লাভ কৰিবই লাগিব বুলি দাবী জনাই তেওঁলোকে কয় যে,মূল অভিযুক্ত দেৱাশীষ কৰৰ লগতে ৰিচাৰ্ড দলেৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷এইক্ষেত্ৰত কোনো আপোচৰ কথা নাহে বুলি প্ৰকাশ কৰি সংবাদমেলত লগতে কোৱা হয় যে,মুঠতে হত্যাকাৰীক ফাঁচি দিব লাগে আৰু তেনে কৰিলেহে হত্যা আৰু ধৰ্ষণৰ বলি হোৱা মনিষা তথা পৰিয়ালে প্ৰকৃত ন্যায় লাভ কৰিব৷উল্লেখযোগ্য যে,আজিৰ স্মাৰকপত্ৰৰ প্ৰতিলিপি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ পাছতো যদি এই বিষয়টোৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়,তেনেহলে বিষয়টো দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়কে ধৰি মানৱ অধিকাৰ আয়োগ,জনজাতি কল্যান মন্ত্ৰালয়কে ধৰি বিভিন্ন পৰ্যায়ত দৃষ্টিগোচৰ কৰা হ’ব বুলিও সংবাদমেলত কোৱা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More