ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মে’ : গোলকীয় উষ্ণায়ন (Global Warming) আৰু জলবায়ুৰ পৰিৱর্তন (Climate Change) হ্ৰাস কৰিবলৈ গছপুলি ৰোপণৰ পৰামৰ্শ সকলো সময়তে বিভিন্নজনে দি অহা আমি শুনিছোঁ। লগতে ফ্রীজ, এয়াৰ কণ্ডিচনাৰ, পেট্র’ল আৰু ডিজেল চালিত গাড়ীৰ ব্যৱহাৰো যথাসম্ভৱ কম কৰা উচিত বুলি বাৰম্বাৰ পৰামর্শ দিছে বিশেষজ্ঞসকলে। কিন্তু এটা নতুন সমীক্ষাত বিশ্বব্যাপী এই সমস্যা সমাধানৰ সম্পূর্ণ নতুন এক ‘ঔষধ’ উলিয়াইছে গৱেষকসকলে। তেওঁলোকৰ পৰামর্শ— গোটেই বিশ্বত খাদ্য হিচাবে মাংসৰ ব্যৱহাৰ অন্ততঃ ৭৫ শতাংশ কমাব লাগিব। তেতিয়াই নিয়ন্ত্ৰণ কৰিব পৰা যাব পৰিৱেশৰ এই খামখেয়ালি ! সকলোতকৈ ভাল হ’ব যদিহে দৈনিক খাদ্য তালিকাৰ পৰা একেবাৰেই মাংস বাদ দিব পৰা যায়। পৰিৱেশবিদ আৰু গৱেষকসকলৰ একাংশই কৈছে যে, মাংসৰ ব্যৱসায়ে বিশ্বব্যাপী পৰিৱেশ আৰু জলবায়ুৰ ওপৰত গভীৰ প্রভাৱ পেলাইছে। বিগত কেইবাটাও দশকত মানুহৰ খাদ্য হিচাবে মাংসৰ চাহিদা মাৰাত্মক হাৰত বৃদ্ধি পাইছে । কাৰ্যতঃ মানুহৰ যিমান প্রয়োজন, তাতকৈ বহু বেছি পৰিমাণে মাংস খাদ্য হিচাবে ব্যৱহাৰ কৰা হৈছে। পৰিৱেশৰ ওপৰত ইয়াৰ বিৰূপ প্রভাৱ পৰিছে বুলিয়েই দাবী কৰিছে সমীক্ষকসকলে। জার্মানীৰ বন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° মার্টিন কোৱাইমে এই প্রসঙ্গত এক প্রেছ বিবৃতি জাৰি কৰিছে। উক্ত বিবৃতিত কোৱা হৈছে যে, এই মুহূর্তত ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ বাসিন্দাসকলে যিমান পৰিমাণৰ মাংস খাদ্য হিচাবে গ্রহণ কৰে, গোটেই পৃথিৱীৰ প্রত্যেক বাসিন্দাই যদি সিমানকৈ মাংস খায়, তেতিয়া আমাৰ চৌপাশৰ পৰিৱেশ মুহূর্ততে সলনি হৈ যাব আৰু সমগ্ৰ পৃথিৱীতেই জলবায়ুৰ বিৰাট পৰিৱর্তন ঘটিব। কাৰ্যতঃ পৰিৱেশৰ ভারসাম্যই নষ্ট হৈ যাব। এই সমস্যা সমাধানৰ বাবে মার্টিনে আগবঢ়োৱা ‘দৰৱ’ হ’ল— আমি বর্তমান গোটেই বছৰত যিমান পৰিমাণৰ মাংস খাওঁ, সেয়া অবিলম্বে অন্ততঃ অর্ধেকলৈ নমাই অনা উচিত। আপাতত বছৰি জনমূৰি হিচাপত সর্বাধিক ২০ কিলোগ্রাম মাংস খোৱা দেখা যায়। তেওঁ জনাইছে যে, গোটেই পৃথিৱীত মাংস খোৱাৰ পৰিমাণ অন্ততঃ ৭৫ শতাংশ কমাব পাৰিলে আমাৰ স্বাস্থ্য আৰু পৰিৱেশ, দুয়ো ক্ষেত্রতেই সহায়ক হ’ব। আগন্তুক দিনত সমাজো ইয়াৰ পৰা উপকৃত হ’ব। বৰ্তমান উত্তৰ আমেৰিকা, ওচেনিয়া আৰু ইউৰোপৰ দেশবোৰত জনমূৰি হিচাপত সকলোতকৈ অধিক মাংস খোৱা হয়। বিশেষজ্ঞসকলৰ হিচাপে কৈছে— ২০৫০ চনপর্যন্ত পৃথিৱীত একেৰাহে মাংসৰ চাহিদা বাঢ়িব। মাংস বেছিকৈ খালে শৰীৰত অনেক ৰোগে বাহ বান্ধে। এই ধ্রুব সত্যটো জনাৰ পিছতো এই চাহিদাত কিন্তু লাগাম লগোৱাটো সম্ভৱ নহয়। তুলনামূলকভাৱে নিৰামিষ খাদ্য খালে স্বাস্থ্য যেনেদৰে ভালে থাকে, তেনেদৰেই পৰিৱেশৰ ভাৰসাম্য বজায় ৰখাও সহজ হয়। যদিও বিশেষজ্ঞসকলৰ অন্য এটা অংশ এই মতৰ লগত সহমত নহয়। তেওঁলোকৰ মতে, মানৱ শৰীৰত নির্দিষ্ট পৰিমাণৰ প্রাণীজ প্র’টিনৰ প্রয়োজন আছে। তদুপৰি তৃণভোজী প্রাণীৰ সংখ্যা মাৰাত্মক হাৰত বাঢ়ি গ’লেও অৰণ্য আৰু বনভূমি ধ্বংস হৈ যাব পাৰে।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা