আগন্তুক ২৭ বছৰত শেষ হ’ব বিশ্বৰ খাদ্যভাণ্ডাৰ !

কাউণ্ট ডাউন আৰম্ভ

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মে’ : বিশ্ববাসীৰ বাবে বৰ বেয়া খবৰ শুনাইছে বিশেষজ্ঞসকলে। The World Count নামৰ এটা সংস্থাৰ হিচাপে কৈছে, আগন্তুক ২৭ বছৰৰ ভিতৰতেই পৃথিৱীৰ খাদ্যৰ ভাণ্ডাৰ শেষ হৈ যাব ! কার্যতঃ মৰামৰি আৰম্ভ হ’ব পেয় জলৰ ভাগ বতৰাক লৈয়ো। মানুহৰ খাদ্য আৰু পেয় জলৰ যোগান অব্যাহত ৰাখিবলৈ এই ধৰণৰ অন্ততঃ দুখন পৃথিৱীৰ প্রয়োজন হ’ব ! যি আপাতত সম্ভৱ বুলি মনে নকয় ! The World Count-এ বিশ্বব্যাপী সামাজিক আৰু অর্থনৈতিক তথ্য সংগ্রহ কৰি তথ্যভাণ্ডাৰ তৈয়াৰ কৰে। সংস্থাটোৰ হিচাপমতে ২০৫০ চনৰ ভিতৰতেই খাদ্যশস্য পৃথিৱীৰ পৰা হেৰাই যাব। বিশ্বৰ ক’তো শস্যৰ এটা দানাও পোৱা নাযাব ! আনকি এই সংস্থাটোৱে তেওঁলোকৰ ৱেব ছাইটত এই মর্মে এক ‘কাউন্ট ডাউন’-ও আৰম্ভ কৰি দিছে ! ৰীতিমত অঙ্ক কৰি তেওঁলোকৰ সিদ্ধান্তত উপনীত হৈছে The World Count। তেওঁলোকৰ মতে, ২০৫০ চনৰ ভিতৰত পৃথিৱীত জনসংখ্যা ১ হাজাৰ কোটি পাৰ হৈ যাব। ইয়াৰ ফলত ২০৫০ চনত খাদ্যৰ চাহিদা ২০১৭ চনৰ তুলনাত ৭০ শতাংশ বাঢ়ি যাব। অন্য এক হিচাপ তেওঁলোকে দেখুৱাইছে যে, প্রতি বছৰে গড়ে ৭৫০০ মিলিয়ন টন উর্বৰ মাটি পৃথিৱীৰ বুকুৰ পৰা হেৰাই গৈছে। বিগত ৪০ বছৰত পৃথিৱীত আবাদী মাটিৰ পৰিমাণ কমিছে প্রায় এক তৃতীয়াংশ! কিন্তু এই একেই সময়ৰ ভিতৰত খাদ্যৰ চাহিদা মাৰাত্মক হাৰত বাঢ়িছে। সেই চাহিদা পূৰণ কৰিবলৈ হ’লে বিগত ৮ হাজাৰ বছৰৰ সমস্ত ৰেকর্ড পিছ পেলাই মানুহে খাদ্যপণ্য উৎপাদন কৰিব লাগিব। অনেকেই ভাবিব পাৰে যে, খাদ্যশস্য নাপালেও মাংস খায়েই জীৱন ধাৰণ কৰিব মানুহে। কিন্তু সেইটো কার্যতঃ অসম্ভৱ। কাৰণ মাংস তৈয়াৰ হ’বলৈ যি ইন্ধন লাগিব তাৰ যোগান কোনে ধৰিব? ইয়াত ইন্ধন বোলোতে মূলতঃ ফচল উৎপাদনৰ কেঁচামাল বুজোৱা হৈছে। পশুপালন কৰিবলৈ হ’লেওতো চাৰণভূমিৰ দৰকাৰ। সেইবোৰেইতো আৰু নোহোৱা হৈ আহিছে। তদুপৰি মাকৈ বা গোমধান উৎপাদন কৰিবলৈ যিমান শক্তি ব্যয় হয়, তাতকৈ অন্ততঃ ৭৫ গুণ বেছি শক্তি খৰচ হয় মাংস উৎপাদন কৰাৰ ক্ষেত্রত। ইয়াতেই বিপদ ওৰ পৰা নাই। অন্য এক অঙ্কই কয়, পৰিস্থিতিৰ অবিলম্বে পৰিৱৰ্তন নঘটিলে ২০৩০ চনৰ ভিতৰত চাউলৰ দাম ১৩০ গুণ আৰু মাকৈৰ দাম ১৮০ গুণ বাঢ়ি যাব! কিন্তু, ৰোজগাৰৰ সম্ভাৱনা তাৰ তুলনাত নাবাঢ়িব। একেদৰে পেয় জলৰ ভাণ্ডাৰ উৎস সংকুচিত হৈ পৰাৰ ফলত পানী যোগানক লৈ কার্যতঃ মাৰপিট আৰম্ভ হ’ব ! সমীক্ষক আৰু গৱেষকসকলৰ দাবী— বর্তমানে মানুহে পৃথিৱীক কার্যতঃ লুণ্ঠন কৰিছে। এই পৰিস্থিতি চলি থাকিলে ২০৩০ চনৰ ভিতৰত বিশ্ববাসীক খাদ্য আৰু পেয় জলৰ যোগান অব্যাহত ৰাখিবৰ বাবে অন্ততঃ এনে ধৰণৰ দুখন পৃথিৱী লাগিব ! দুর্ভাগ্যৰ বিষয় হ’ল, নিখুঁত হিচাপ নাজানিলেও বিশ্ববাসীৰ অধিকাংশই আসন্ন সংকট সম্পর্কে একেবাৰে অজ্ঞ। তথাপি খাদ্য আৰু পানীৰ অপচয় কৰিবলৈ আমি অলপো দ্বিধা বা লজ্জাবোধ নকৰোঁ! ৰাষ্ট্রসংঘৰ খাদ্য অপচয় তালিকাৰ ২০২১ চনৰ প্ৰতিবেদনত কোৱা হৈছে যে, ২০১৯ চনত গোটেই বিশ্বত ৯ কোটি ৩০ লাখ টনৰো বেছি খাদ্য অপচয় কৰা হৈছিল। যিটো পৰিমাণ মুঠ খাদ্যৰ ১৭ শতাংশ। এই প্ৰতিবেদন অনুসৰি জনমূৰি বার্ষিক খাদ্যৰ অপচয়ৰ পৰিমাণ প্রায় ১২১ কিলোগ্রাম !

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More