মাটিমাহৰ বীজ যোগানৰ নামত অনিয়মৰ অভিযোগ
কৃষি বিভাগে প্ৰচাৰ কৰা বীজৰ বিপৰীতে আন বীজ ক্ৰয়ৰ তদন্ত দাবী আৰ টি আই কৰ্মীৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ ৰাজ্যত উন্নত প্ৰজাতিৰ মাটিমাহৰ খেতিৰে কৃষিক্ষেত্ৰত চৰকাৰী ভাবে যুগান্তকাৰী পৰিৱৰ্তন অনাৰ লক্ষ্যৰে চৰকাৰী কৃষিবিভাগে কেৱল ২৪ লাখ ৯৮ হেজাৰ চাৰিশ ২৬টকাৰ প্ৰচাৰ পত্ৰিকা প্ৰকাশ কৰি ৰাজ্যৰ জিলাসমূহলৈ বস্তাই বস্তাই প্ৰচাৰ পত্ৰিকা প্ৰেৰণ কৰাৰ লগতে নবিধ মাটিমাহৰ খেতি কৰিবলৈ ৰাজ্যৰ কৃষকক উৎসাহিত কৰিছিল৷ কিন্তু এই সকলো ফুটুকাৰ ফেনত পৰিণত কৰি স্বয়ং কৃষিবিভাগেই আকৌ বিভাগীয়ভাবে অনুমোদিত ন বিধ মাটিমাহৰ সলনি নিশাৰ ভিতৰতে আন এবিধ মাটিমাহ ৰহস্যজনকভাবে ক্ৰয় কৰা বুলি আজি তেজপুৰত দাবী কৰি আৰ টি আই কৰ্মী দিলীপ নাথে ইয়াৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে৷ নাথে আজি তেজপুৰত সংবাদ মাধ্যমৰ আগত কয় যে, কৃষিবিভাগে লাখ লাখ টকা ব্যয় কৰি প্ৰকাশ কৰা প্ৰচাৰ পত্ৰত পন্ট ইউ ১৯,এছ বি ১২১,কে ইউ ৩০১,এছ বি ২৫-১৯,এছ বি ২৭-৩,এছ বি চি-৪০,পি ইউ-৩১,এছ বি চি ৪৭ আৰু এছ বি ৩২-১৩ জাতৰ মাটিমাহহে অনুমোদন কৰিছিল৷ বছৰি দুবাৰকৈ মাটিমাহৰ খেতি কৰিবৰ বাবে এই জাতসমূহৰ ভিতৰত ভাগে ভাগে নিৰ্বাচন কৰি ইয়াৰ গুণাগুণ আৰু উৎপাদনৰ পৰিমাণৰ বিষয়েও প্ৰচাৰপত্ৰত উল্লেখ কৰা হৈছিল৷ কিন্তু সৰিয়হৰ ডুলিতে ভূত থকাৰ দৰে চৰকাৰী এনে প্ৰচাৰক নিজেই ফুটুকাৰ ফেনত পৰিণত কৰি ইউ আৰ ডি ৪ প্ৰজাতিৰ মাটিমাহ কৃষি বিভাগে ক্ৰয় কৰে৷ আৰ টি আই কৰ্মী নাথে কয় যে,সাত কোটি ২২লাখ ২০হেজাৰ টকাৰ এনে মাটিমাহৰ বীজ হঠাতে ক্ৰয় কৰাটো কোনো কাকতালীয় বিষয় নহয়৷ গুৱাহাটী ৰিহাবাৰীৰ এক বীজ যোগানকাৰী প্ৰতিষ্ঠানক এনে বীজৰ চাৰি লাখ ৫২হেজাৰ এশ কিলোগ্ৰাম যোগান ধৰিবলৈ দিয়াই নহয়, বাৰিষা ৰাজ্যখনত মাটিমাহৰ খেতি সম্ভৱ নোহোৱা সত্বেও কৃষকক যোগান ধৰাৰ বাবে মাটিমাহৰ বীজ জিলা সমূহলৈ যোগান ধৰা হয়৷ নাথে আজি সংবাদ মাধ্যমৰ আগত কয় যে,ৰাজ্যৰ কৃষিবিভাগৰ উদ্যোগত বীজ যোগানৰ এনে অদ্ভুত ঘটনা এইবাৰেই প্ৰথম সংঘটিত হোৱা নাই৷ পূৰ্বেও ভোট জলকীয়াৰ নামত আন সাধাৰণ জলকীয়া বীজ যোগানৰে কৃষকক ৰামঠগন দিয়া হৈছিল বুলি তেওঁ কয় যে,এই সকলোবোৰ ঘটনা পৰিকল্পিত ভাবেই হয়৷ এইবাৰো তালিকাৰ বাহিৰৰ মাটিমাহ ক্ৰয় কৰা কৃষি বিভাগৰ কাণ্ড অতিশয় ৰহস্যজনক বুলি অভিযোগ কৰি নাথে কয় যে, হঠাতে বীজ যোগানকাৰীক এনেদৰে মাটিমাহৰ বীজ যোগান ধৰিবলৈ দিয়া আৰু যোগানকাৰীয়েও সেয়া তৎকালীন ভাবে যোগান ধৰিবলৈ সক্ষম হোৱা তাকো কৃষি বিভাগে নিৰ্দিষ্ট কৰি দিয়া ওজনৰ পেকেটত, সেয়া নিশ্চয়কৈ গোপন পৰিকল্পনাৰে অংশ৷ এনেদৰে ৰাজ্যৰ কৃষি আৰু কৃষকৰ কেনেদৰে উন্নতি সম্ভৱ বুলি মন্তব্য কৰি ইতিমধ্যে বীজ যোগানকাৰীয়ে তেনে বীজৰ যোগানৰ বিপৰীতে ধনো মোকলাই নিয়া বুলি প্ৰকাশ কৰি কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেবোৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে৷