মাননীয় সম্পাদক মহোদয়,
অসমত টিভি চেনেলৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে । ই অসমীয়া ভাষা আৰু সংস্কৃতিৰ বাবে এটা ভাল খবৰ । কিন্তু টিভি চেনেলৰ অনুষ্ঠানবোৰ দর্শন কৰিবলৈ সকলোৰে সময় তথা সুবিধা নিমিলে । তাৰ ফলত দৰ্শকসকলে ভাল ভাল অনুষ্ঠানবোৰৰ দর্শন কৰাৰ পৰা বঞ্চিত হ’ব লগা হয় । এই পত্রৰ দ্বাৰা আমি সংশ্লিষ্ট কর্তৃপক্ষ এটা অনুৰোধ জনাব বিচাৰিছোঁ যে টিভি চেনেলসমূহে যাতে তেওঁলোকৰ সামাজিক মাধ্যমৰ পৃষ্ঠাবোৰৰ যোগেদি অনুষ্ঠানসমূহৰ কাৰ্যসূচী প্রচাৰ কৰে । ইয়াৰ ফলত দৰ্শকসকল উপকৃতৰ হ’ব।
ড° বুলজিৎ বুঢ়াগোহাঁই,
অসম ডনব’স্ক’ বিশ্ববিদ্যালয়,
আজাৰা , গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: [email protected]
www.buljit.com