মানৱীয় অত্যাচাৰৰ পৰিণতি : হিমালয়ত ধ্বংসৰ দুন্দুভি

0 51

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুলাই : হিমালয়ত জলবায়ু পৰিৱৰ্তন আৰু অপৰিকল্পিত মানৱ হস্তক্ষেপে পাহাৰীয়া দুৰ্যোগৰ আশংকা বৃদ্ধি কৰিছে, যাৰ ফলত বহুগুণে সম্পত্তি আৰু মানৱ জীৱনৰ ক্ষতি হৈছে। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামৰ অমৰনাথ মন্দিৰৰ সমীপৰ এটা বেচ কেম্প আকস্মিক বানপানীয়ে ধ্বংস কৰি পেলাইছে। য’ত ১৫ জন তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱালে।

* ভংগুৰ পৰ্বত
উত্তৰ-পূব ভাৰত বিশ্বৰ ষষ্ঠ ভূমিকম্প প্ৰৱণ এলেকা। তাতে যোৱা ৩০ জুনত মণিপুৰৰ নোনী জিলাৰ টেৰিটৰিয়েল আৰ্মীৰ শিবিৰত ভূমিস্খলনত ৫৬ জন লোকৰ মৃত্যু হৈছিল। জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত বৰ্তমান কেইবাটাও গুৰুত্বপূৰ্ণ পথ অৱৰোধ হৈ আছে। প্ৰচণ্ড বৰষুণ, আকস্মিক বানপানী, ভূমিস্খলন ইত্যাদিৰ বাবে হিমালয় সহজাতভাৱে ক্ষতিগ্ৰস্ত, কিয়নো এই পৰ্বতবোৰ এতিয়াও বৃদ্ধি হৈ থকা আৰু অতি ভূমিকম্পৰ ক্ষেত্রত সক্ৰিয় হৈ থকা নতুন পাহাৰ। ‘’জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বৃহৎ ৰূপত দেখা দিছে। ভূমিস্খলন, আকস্মিক বানপানী আৰু ডাৱৰ বিস্ফোৰণে বৰষুণ আৰু অধিক ভয়াৱহ কৰি তোলাৰ বাতৰি পোৱা গৈছে।”— এইদৰে কয় চাউথ এছিয়া নেটৱৰ্ক অন ডেমছ, ৰিভাৰছ এণ্ড পিপল (এছএনডিআৰপি)ৰ সঞ্চালক হিমাংশু ঠাক্কৰে। তেওঁ কয় যে মানুহৰ অস্বাভাৱিক হস্তক্ষেপৰ বাবে হিমালয়ৰ ভংগুৰতা বৃদ্ধি পাইছে। ইটোৰ পিছত সিটো বান্ধ নিৰ্মাণ, জলবিদ্যুৎ প্ৰকল্প, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, খনি নিৰ্মাণ, বনাঞ্চল ধ্বংস, স্বেচ্ছাচাৰীভাৱে গৃহ নিৰ্মাণ, অনিয়ন্ত্ৰিত পৰ্যটন আদি ইয়াৰ মূল কাৰণ।

* শুকাই গৈ আছে জান-জুৰি
২০১৮ চনৰ আগষ্ট মাহত নিটিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ভাৰতীয় হিমালয় অঞ্চলৰ (আই এইচ আৰ) প্ৰায় ৫০ শতাংশ নিজৰা শুকাই গৈছে। সমগ্ৰ ভাৰততে ৫০ লাখ নিজৰা আছে, ইয়াৰে প্ৰায় ৩০ লাখ নিজৰা কেৱল আই এইচ আৰত আছে। ভাৰতৰ ২০ কোটিতকৈ অধিক লোক নিজৰাৰ ওপৰত নিৰ্ভৰশীল, ইয়াৰে ৫ কোটি লোক অঞ্চলটোৰ ১২খন ৰাজ্যত বাস কৰে। উত্তৰাখণ্ডৰ চাৰধাম ঘাইপথ প্ৰকল্পৰ ওপৰত উচ্চতম ন্যায়ালয়ে নিযুক্ত উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ সদস্য হেমন্ত ধিয়ানীয়ে কয় যে বিশ্বৰ আটাইতকৈ কম বয়সীয়া পৰ্বতমালা স্বাভাৱিকতে দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয়। নিজৰাবোৰ শুকাই যোৱাৰ লগে লগে আৰ্দ্ৰতা কমি আহিছে।

* ক’লা কাৰ্বন
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্তশাসিত সংস্থা ৱাদিয়া ইনষ্টিটিউট অৱ হিমালয়ান জিঅ’লজিয়ে ২০২০ চনত কৰা এক অধ্যয়ন অনুসৰি গংগোত্ৰী হিমবাহৰ ওচৰত ক’লা কাৰ্বনৰ ঘনত্ব গ্ৰীষ্মকালত ৪০০ গুণ বৃদ্ধি পায়। বনজুই আৰু কৃষিজাত আৱৰ্জনা জ্বলাই উৎপন্ন হোৱা ক’লা কাৰ্বনে সহজে হিমবাহ গলাব পাৰে। ধ্যানীয়ে কয় যে জলবায়ু পৰিৱৰ্তনে অপৰিকল্পিত নিৰ্মাণ প্ৰকল্প আৰু অনিয়ন্ত্ৰিত পৰ্যটনৰ পৰিণতি আৰু অধিক ভয়াৱহ কৰি তুলিছে।

* পথ আৰু বান্ধ নিৰ্মাণৰ ক্ষতি
এজেন্সীবোৰে পাহাৰৰ গভীৰতালৈ কাটি বহল পথ নিৰ্মাণ কৰি আছে। ইয়াৰ ফলত ঢালবোৰ অস্থিৰ হৈ পৰে আৰু ভূমিস্খলনৰ সূচনা হয়। নদী অৱবাহিকাত জলবিদ্যুৎ প্ৰকল্প আবদ্ধ হৈ থকাৰ বাবে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত হোৱা ঋষি গংগা আছিল এক দুৰ্যোগ। চৰকাৰী তথ্য অনুসৰি অলকানন্দ আৰু ভাগীৰথী অৱবাহিকাত প্ৰায় ৩৬টা কাৰ্যক্ষম জলবিদ্যুৎ প্ৰকল্প আছে। ২০১৫ চনত নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাষ্টাৰ মেনেজমেণ্টে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে অঞ্চলটোত আকস্মিক বানৰ ঘটনা বৃদ্ধিৰ এটা কাৰণ হ’ল বান্ধ নিৰ্মাণ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More