মালদ্বীপকে ধৰি ৫খন দেশ ডুব যাব সাগৰত!

ইয়াৰ মানুহবোৰ ক’লৈ যাব?

0 18
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ অক্টোবৰঃ অদূৰ ভৱিষ্যতে প্ৰকৃতিৰ ব্যাপক ধ্বংসৰ সাক্ষী হ’বলৈ গৈ আছে সমগ্ৰ মানৱ জাতি। বিদেশ ভ্ৰমণৰ কথা ভাবিছে নেকি? যদি ভাবিছে, তেন্তে পলম নকৰাকৈ অতি সোনকালে মালদ্বীপলৈ যাওক। কাৰণ অহা কেইবছৰমানৰ ভিতৰত এই দেশৰ অস্তিত্ব আৰু নাথাকিব। সাগৰৰ গভীৰতাত ডুব যাব। একে সময়তে আন ৪খন দেশকো সাগৰে গিলি পেলাব। যদি সঁচাকৈয়ে তেনে হয়, তেন্তে ইয়াৰ মানুহবোৰ ক’ত থাকিব? গোলকীয় উষ্ণতা বৃদ্ধি (Global Warming) আৰু প্ৰচণ্ড প্ৰদূষণৰ ফলত পৃথিৱীৰ হিমবাহসমূহ ক্ৰমান্বয়ে গলিবলৈ ধৰিছে। ফলত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইতিমধ্যে বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে দাবী কৰে যে যি হাৰত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে, একবিংশ শতিকাৰ ভিতৰত কেইবাখনো দেশ সম্পূৰ্ণৰূপে সাগৰত ডুব যাব। জলবায়ু পৰিৱৰ্তনৰ গৱেষণাৰ পিছত এনে তথ্যৰ উন্মেষ ঘটিছে। পৃথিৱীত যি হাৰত প্ৰদূষণৰ মাত্ৰা প্ৰতিদিনে বৃদ্ধি পাইছে, সেই হাৰত তাপমাত্ৰা বৃদ্ধি পাইছে। ফলত সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তন ঘটিছে। যদিহে এই হাৰত কথাবোৰ চলি থাকে তেন্তে সাগৰে কেইবাখনো দেশক আগুৰি ধৰিব। ইয়াৰ ভিতৰত আছে মালদ্বীপ আৰু টুভালুৰ দৰে দেশ। শেহতীয়াকৈ মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয়— “আমাৰ দেশ আৰু জনসাধাৰণৰ বাবে ইয়াতকৈ বেছি দুৰ্ভাগ্যজনক একো হ’ব নোৱাৰে।” ৰাষ্ট্ৰসংঘৰ বতৰ বিজ্ঞানীসকলে কয় যে বিগত ১২০ বছৰত সাগৰৰ জলপৃষ্ঠ প্ৰায় ৬ৰ পৰা ১০ ইঞ্চি বৃদ্ধি পাইছে। আটাইতকৈ আতংকজনক কথাটো হ’ল এই স্তৰ বৃদ্ধি পায়েই আছে৷ যদিহে বৰ্তমানৰ হাৰত গোলকীয় উষ্ণতা বৃদ্ধি অব্যাহত থাকে তেন্তে এই শতিকাৰ শেষলৈকে প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰত পানীৰ স্তৰ ৩৯ ইঞ্চি বৃদ্ধি পাব। একে সময়তে সাগৰীয় ধুমুহা আৰু ঢৌৰ হাৰ বৃদ্ধি পাব। অৰ্থাৎ সাগৰবোৰ অধিক অশান্ত হৈ পৰিব। কেইবাখনো দেশ সাগৰত ডুব যোৱাৰ আগতেই পৃথিৱীৰ বহু প্ৰান্তৰ পৰা মানুহ পলাই যাবলৈ বাধ্য হ’ব। কাৰণ সেই সকলো অঞ্চল সমুদ্ৰই গিলি পেলাব। ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি টুভালু, মাৰ্শ্বেল দ্বীপপুঞ্জ, নাউৰু আৰু কিৰিবাটি আৰু মালদ্বীপ ২২ শতিকাৰ ভিতৰত বসবাসযোগ্য নহ’ব। প্ৰায় ৬ লাখ লোক গৃহহীন হৈ পৰিব। তেওঁলোকৰ কোনো দেশ নাথাকিব। এই তথ্য অতি আতংকজনক। টুভালুৰ প্ৰধানমন্ত্ৰী ক’ছি নাটানোৱে সংবাদ মাধ্যমৰ আগত কয়— “যদি সঁচাকৈয়ে এনেকুৱা হয়, যদি আমাৰ দেশ সঁচাকৈয়ে সাগৰত ডুব যায় তেন্তে ৰাষ্ট্ৰসংঘই আমাক এখন দেশ হিচাপে স্বীকৃতি দিব লাগিব। কাৰণ এয়াই আমাৰ পৰিচয়।” কিন্তু যদি সঁচাকৈয়ে দেশবোৰ সাগৰত ডুব যায় তেন্তে জনসাধাৰণ ক’লৈ যাব? বিশেষজ্ঞসকলৰ মতে, এনে বহু লোক থাকিব যিসকলে ঘৰৰ পৰা ওলাই যাব নিবিচাৰিব। এই সন্দৰ্ভত মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদে কয় যে মানুহ অতি বুদ্ধিমান। কোনোবা উপায় বিচাৰি তাতেই থাকিব। তেওঁ লগতে কয় যে ভাসমান চহৰত থাকিবলৈও মানুহে অভ্যস্ত হ’ব পাৰে। সেই দেশসমূহে কেনেকৈ পৰ্যাপ্ত খাদ্য আৰু অন্যান্য সুবিধাসমূহ উৎপাদন কৰিব সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই। প্ৰসংগক্ৰমে নৱেম্বৰ মাহত ইজিপ্তত অনুষ্ঠিত হ’বলৈ গৈ আছে COP27ৰ বৈঠক। গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষতি কেনেকৈ পূৰাব পৰা যাব সেই লৈ আলোচনা হ’ব পাৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More