মাৰ্ঘেৰিটাত এখন হেৰোৱা দলং বিচাৰি হাহাকাৰ ৰাইজৰ

0 5
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ জুলাই : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে এখন দলং বিচাৰি হাবাথুৰি খাইছে ৷ কিন্তু বিচাৰি পোৱা নাই দলঙখন ৷ প্ৰকৃততে ক’ত অন্তৰ্ধান হ’ল দলঙখন ? স্থানীয় সূত্ৰে জানিব পৰা মতে বিজেপিৰ বুঢ়ীদিহিং মণ্ডল সভাপতি ভাদেশ্বৰ মৰাণে আধাৰশিলা স্থাপন কৰিছিল এই হেৰাই যোৱা দলঙখনৰ ৷ বাৰিষাৰ প্ৰবল বৰষুণে ফেনেফুটুকাৰে উপচাই পেলাইছে ৰাজ্যৰ নদ-নদীসমূহ ৷ প্ৰতিখন জিলাতে বানত আক্ৰান্ত হৈছে বহুসংখ্যক লোক ৷ বাঢ়নী পানীত বিধ্বস্ত হৈছে যাতায়াত ব্যৱস্থা ৷ মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং আৰু বিজুলীবন পঞ্চায়তৰ সীমান্তৰ ফিল’বাৰী দহ নং লাইনৰ মৈলা নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জলমগ্ন হৈ পৰিছে সমগ্ৰ পথছোৱা ৷ বিগত ২০২১ চনত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলং নিৰ্মাণৰ আশ্বাস দি বিজেপিৰ বুঢ়ীদিহিং মণ্ডল সভাপতি ভাদেশ্বৰ মৰাণে আধাৰশিলা স্থাপন কৰিছিল যদিও বিগত দুটা বছৰে ৰাইজে দলং লাভ নকৰিলে ৷ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতিও কালক্ৰমত ৰাজনৈতিক ললীপপত পৰিণত হ’ল ৷ মৈলা নৈৰ ওপৰত স্থায়ী পকী দলং বিচাৰি স্থানীয় ৰাইজ তথা দল, সংগঠনে জনাই অহা দাবীৰ প্ৰতি নিৰ্বাচিত জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান কৰা দেখা ন’গল ৷ আধাৰশিলা স্থাপনৰ পাছতো দলং নিৰ্মাণ নোহোৱাতো ৰহস্যজনক বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা দল, সংগঠনে ৷ সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিয়ে পকী দলং নিৰ্মাণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে আন্দোলনৰ কাৰ্যসূচী হাতত লবলৈ বাধ্য হ’ব বুলি সকীয়াই দিছে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More