মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হৈছিল আনন তাঁতী ওৰফে স্বপন তাঁতীৰ দ্বাৰাই

দলবদ্ধ ধৰ্ষণৰ সম্ভাৱনা নুই কৰিলে এছ পিয়ে

0 20

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৬ মে’: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া নাবালিকাৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতী ওৰফে স্বপন তাঁতী নামৰ নৰপিশাচটোৱে বৈদ্যুতিন সংবাদ মাধ্যমৰ আগত আবোলতাবোল কথা কৈ সমগ্ৰ তদন্ত প্ৰক্ৰিয়া বিপথে পৰিচালিত কৰাৰ অপচেষ্টা চলোৱা পৰিলক্ষিত হৈছে যদিও আৰক্ষীৰ তদন্তত সমগ্ৰ নৃশংস ঘটনা আনন তাঁতীৰ দ্বাৰাই সংঘটিত হোৱা বুলি পোহৰলৈ আহিছে৷ আজি সংবাদ মাধ্যমৰ আগত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে কয় যে সমগ্ৰ ঘটনাৰ লগত আন কোনো ব্যক্তি জড়িত থকাৰ প্ৰমাণ এই পৰ্যন্ত আৰক্ষীয়ে লাভ কৰা নাই৷ নাবালিকাগৰাকী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বুলি আৰক্ষীয়ে প্ৰথমে সন্দেহ প্ৰকাশ কৰিছিল যদিও এতিয়ালৈকে লাভ কৰা তথ্য, প্ৰমাণৰ ভিত্তিত আৰক্ষী অধীক্ষকে আজি তেনে সম্ভাৱনাৰ কথা নুই কৰে৷ অৱশ্যে ঘটনাৰ লগত তাঁতীৰ পত্নী জড়িত থকা বুলি আৰক্ষী অধীক্ষকে ব্যক্ত কৰে৷ উল্লেখ্য, তদন্তকাৰী আৰক্ষীয়ে ইতিমধ্যে মিছা কথা কৈ আৰক্ষীক বিপথে পৰিচালিত কৰা আৰু প্ৰমাণ লুকুৱাৰ অভিযোগত তাঁতীৰ পত্নী গংগা তাঁতী ওৰফে মিনিক আটক কৰি সোধপোছৰ বাবে ২ দিনৰ কাৰণে জিম্মাত লৈছে৷ ইফালে লম্পট আনন তাঁতী ওৰফে স্বপন তাঁতীয়ে ইয়াৰ পূৰ্বেও অনুৰূপ দুষ্কৰ্ম সংঘটিত কৰাৰ অভিযোগ উঠিছে৷ সূত্ৰমতে এনে দুষ্কাৰ্যৰ বাবেই আনন তাঁতী ওৰফে স্বপন তাঁতীক পূৰ্বৰ ভাৰাঘৰৰ পৰা মালিকে পিটি পিটি খেদি দিছিল৷ আনহাতে আজিও আনন তাঁতী ওৰফে স্বপন তাঁতীক শীঘ্ৰে কঠোৰতম শাস্তি প্ৰদানৰ দাবীত উত্তাল হৈ থাকে মাৰ্ঘেৰিটা৷ স্মৰ্তব্য যে পলাতক লম্পট আনন তাঁতী ওৰফে স্বপন তাঁতীক আৰক্ষী অধীক্ষকৰ নেতৃত্বত তিনিচুকীয়া আৰক্ষীৰ এটা দলে অৰুণাচলৰ দেওমালী অভিমুখী পথত থকা ডিব্ৰুগড় জিলাৰ অন্তৰ্গত জয়পুৰৰ নামচাং চাহ বাগিচাৰ পৰা বৃহস্পতিবাৰে নিশা আটক কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু বিধ্বস্ত পথৰ বাবে আৰক্ষীৰ গাড়ী বেয়া হোৱাৰ সুযোগ লৈ হত্যাকাৰীটোৱে পলায়নৰ চেষ্টা চলোৱাৰ সময়ত আৰক্ষীয়ে দুজাঁই গুলীচালনা কৰিবলগীয়া হয়৷ উক্ত গুলীত আহত তাঁতীক প্ৰথমে মাৰ্ঘেৰিটা এফ আৰ ইউত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত মাজনিশা তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় আৰু তাৰ পৰা ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷ ইতিমধ্যে নাবালিকাৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতীৰ বিচাৰ হ’ব ফাষ্ট ট্ৰেক আদালতত হোৱাৰ উপৰি আৰক্ষীয়ে ৩০ দিনৰ ভিতৰত এই গোচৰ সংক্ৰান্তিয় চাৰ্জছীট দাখিল কৰিব বুলি তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে নিশ্চিতি প্ৰদান কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More