মাৰ যোৱা নাই তিনিচুকীয়াৰ পৌৰপতিক মন্ত্ৰী কিষাণে শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া

৭ দিনৰ ভিতৰত পৌৰসভাৰ আইনী উপদেষ্টাক অব্যাহতি দিয়াৰ দাবী

0 11
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৫ ছেপ্টেম্বৰঃ একাধিক বিতৰ্কিত কৰ্মকাণ্ড আৰু অভব্য আচৰণৰ দ্বাৰা নিজৰ পদমর্যাদা ভুলুণ্ঠিত কৰি অহা তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণে ৩ ছেপ্তেম্বৰৰ দিনা তিনিচুকীয়াৰ পৌৰপতি তথা চহৰখনৰ প্ৰথমজন নাগৰিক জয়ন্ত বৰুৱাক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও মাৰ যোৱা নাই৷ আজি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই উক্ত ঘটনাৰ বিৰুদ্ধে তথা তেওঁলোকৰ কেইবাটাও দাবীত আধা ঘণ্টাৰ বাবে ’পে’ন ডাউন’ কার্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কার্যসূচীৰ পাছত পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাৰ সভাপতি কেশৱ চেতিয়া আৰু সম্পাদক অসীম চক্ৰৱৰ্তীয়ে কার্যালয়ত সঘনাই সংঘটিত হৈ থকা অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু কৰ্মচাৰীসকলৰ ন্যায্য দাবী পূৰণ কৰা সন্দৰ্ভত এখন স্মাৰক-পত্ৰ পৌৰসভাৰ কার্যবাহী বিষয়াক প্ৰদান কৰে৷ মন্ত্ৰী কিষাণৰ নামোল্লেখ নকৰাকৈ স্মাৰক-পত্ৰখনত কোৱা হয় যে বিগত কিছুদিনৰ পৰা পৌৰসভাৰ কার্যালয়ত বিভিন্ন লোকৰ দ্বাৰা অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত কৰাৰ পাছত যোৱা ৩ ছেপ্টেম্বৰত বৰ্ড মিটিংৰ অন্তত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাটো সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত কৰ্ম্মচাৰীসকল অত্যন্ত লজ্জিত হৈছে আৰু কার্যালয়ৰ শৃংখলা তথা পৰিৱেশ বিঘ্নিত হোৱাত ক্ষোভিত হৈছে৷ গতিকে কার্যালয়ৰ শৃংখলা আৰু সম্মান ৰক্ষাৰ দাবীত তিনিচুকীয়া পৌৰসভাৰ কৰ্মচাৰীসকলে আজি দিনৰ ২ বজাৰ পৰা আধা ঘণ্টাৰ বাবে ’পে’ন ডাউন’ কার্যসূচী গ্ৰহণ কৰে ৷ ইয়াৰোপৰি স্মাৰক-পত্ৰখনত উল্লেখ কৰা হয় যে প্ৰতিটো ক্ষেত্ৰতে পৌৰসভাত নিয়োজিত আইনী উপদেষ্টা শ্যাম পাৰিকে কৰ্মচাৰী বিৰোধী স্হিতি গ্ৰহণ কৰি আহিছে আৰু কার্যালয়ৰ বহু কেছত সন্দেহজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ শুনা গৈছে। শ্যাম পাৰিকক এজন কৰ্মচাৰীৰ দৰে মাহিলী দৰমহা আদায় দিয়াটো কোনোপধ্যে গ্রহণযোগ্য নহয় বুলি ব্যক্ত কৰি তেওঁক অতি সোনকালে অব্যাহতি দি কিছুদিন পূৰ্বে আহ্বান কৰা আইনী উপদেষ্টা নিযুক্তিৰ প্রক্রিয়া সম্পূৰ্ণ কৰি এজন জেষ্ঠ আৰু অভিজ্ঞ আইনী উপদেষ্টা নিয়োগ কৰিবলৈ কৰ্মচাৰীসকলে দাবী জনায় ৷ পৌৰসভাৰ প্ৰতিটো বিভাগৰ কৰ্মচাৰীয়ে শ্যাম পাৰিকৰ সৈতে অনাগত দিনত কোনো ধৰণৰ সহযোগিতা তথা তথ্য প্রদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি স্মাৰক-পত্ৰ উল্লেখ কৰি যদি ৭ দিনৰ ভিতৰত শ্যাম পাৰিকক অব্যাহতি দিয়া নহয় তেন্তে সদৌ অসম পৌৰ নিকায় কৰ্ম্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই ধাৰাবাহিকভাৱে আন্দোলনৰ কার্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকিয়াই দিয়ে। আনহাতে শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে পৌৰসভাৰ ১৪ জন কৰ্মচাৰীক ০১/০৩/২০১৭ তাৰিখৰপৰা কার্যকৰী হোৱাকৈ ষষ্ঠ দৰমহা আয়োগৰ নিৰিখত দৰমহা প্ৰদানৰ বাবে যি আদেশ প্ৰদান কৰিছে তাক কার্যকৰী কৰিবলৈ স্মাৰক-পত্ৰত দাবী জনোৱা হয়। স্মৰ্তব্য, নিকা ভাৱমূৰ্তিৰ তিনিচুকীয়াৰ পৌৰপতি জয়ন্ত বৰুৱাই তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ কথামতে উঠাবহা নকৰাৰ বাবেই তেওঁক আঁতৰাই নিজৰ পচন্দৰ মানুহক পৌৰপতিৰ চকীত বহুৱাৰ বাবে দীৰ্ঘদিনৰ পৰা মন্ত্ৰী কিষাণে ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰি অহাৰ কথা সৰ্বজনবিদিত৷ ইয়াৰ মাজতে ৩ ছেপ্তেম্বৰৰ দিনা এখন সভাৰ অন্তত মন্ত্ৰী কিষাণে পৌৰপতি বৰুৱাক গালিগালাজ কৰাতে ক্ষান্ত নেথাকি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগে দিছপুৰলৈকে খলকনি তুলিছে৷ অৱশ্যে মন্ত্ৰী কিষাণে এই অভিযোগ অস্বীকাৰ কৰিছে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More