মিছন ভূমিপুত্র আঁচনি মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

0 28

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ আগষ্টঃ ৰাজ্যৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান ব্যৱস্থাৰ যুগান্তকাৰী পৰিৱৰ্তন সাধনেৰে আজি মুকলি কৰা হয় ‘মিছন ভূমিপুত্ৰ’ আঁচনিখন। এই উপলক্ষ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মিছন ভূমিপুত্ৰ প’ৰ্টেলৰ শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই আঁচনিৰ জৰিয়তে ছাত্র-ছাত্রীয়ে ডিজিটেল ৰূপত লাভ কৰিব জাতিগত প্রমাণ-পত্র। আবেদনৰ এমাহৰ ভিতৰতে জাতিগত প্রমাণ-পত্র লাভ কৰিব ছাত্র-ছাত্রীয়ে। আনহাতে তেওঁ অহা বছৰৰ পৰা অষ্টম শ্রেণীৰ পৰাই শিক্ষাৰ্থীয়ে জাতিগত প্রমাণ-পত্র লাভ কৰিব বুলিও উল্লেখ কৰে। তেওঁ জনাই যে শিক্ষানুষ্ঠানসমূহলৈ জিলা উপায়ুক্তই এই ফৰ্মসমূহ দিব। এই প্রমাণ পত্রসমূহ ডি জি লকাৰটো উপলব্ধ হ’ব। ইয়াৰ উপৰি তেওঁ অনুষ্ঠানত কয় যে নতুন জনজাতীয় ভূমি নীতি লোৱা হ’ব। ২ অক্টোবৰত জনজাতীয় ভূমি নীতি প্রকাশ কৰা হ’ব। এই নীতিৰ অধীনত এজন জনজাতীয় লোকে নিজৰ নামত ৫০ বিঘালৈ মাটি ৰাখিব পাৰিব। চৰকাৰী মাটিত থকা জনজাতীয় লোকক উচ্ছেদ কৰিলে ক্ষতিপূৰণ দিয়া হ’ব। ই ডব্লিউ এছ প্রমাণ পত্র প্রদানৰ ক্ষেত্রত শিথিলতা অনা হ’ব। তেওঁ কয় যে মিছন ভূমিপুত্ৰই জাতিগত প্ৰমাণপত্ৰ লাভৰ ক্ষেত্ৰত ইমান বছৰে ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হৈ অহা সমস্যাৰ সমাপ্তি ঘটোৱাৰ লগতে প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াটো স্বচ্ছ-নিকা কৰি প্ৰশাসন ব্যৱস্থাৰ সৈতে জনসাধাৰণক অধিক কাষ চপাই অনাৰ দিশতো সহায় কৰিব। অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডা: নোমল মমিন, মন্ত্রী ডা: ৰণোজ পেগু, পীযুষ হাজৰিকা, ইউ জি ব্ৰহ্ম, অশোক সিংহল, জয়ন্ত মল্লবৰুৱা আৰু নন্দিতা গাৰ্লোছা, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱোলাল গাৰ্লোছা, মুখ্য সচিব জিষ্ণু বৰুৱাৰ উপৰি কেইবাগৰাকী বিধায়ককে ধৰি বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তথা কাৰ্যবাহী সদস্যসকল, অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ, বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিবৰ্গ উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More