মিছন সমুদ্ৰযানঃ প্ৰথমবাৰৰ বাবে সাগৰৰ ৬ কিলোমিটাৰ গভীৰতালৈ ভাৰতৰ অভিযান

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ আগষ্ট : চন্দ্ৰযানৰ পিছত মঙলায়ন। আৰু এইবাৰ সমুদ্ৰায়ন। মহাকাশৰ পিছত এইবাৰ গভীৰ সাগৰ। প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ ভাৰতে এক নতুন অভিযান হাতত লৈছে। সাগৰত ৬০০০ মিটাৰ গভীৰতালৈ মানুহ পঠোৱাৰ লক্ষ্য। কিছু পৰিমাণে চাবমেৰিনৰ দৰে যিখন বাহনত এই অভিযান চলোৱা হ’ব, সেই যানৰ নাম ‘মৎস্য ৬০০০’ ৰখা হৈছে। ইয়াৰ পূৰ্বে আমেৰিকা, ৰাছিয়া, জাপান, ফ্ৰান্স আৰু চীনে এনে গভীৰ সাগৰ যাত্ৰা কৰিছিল। সফল হ’লে ভাৰতেও সেই তালিকাত প্ৰৱেশ কৰিব। বিজ্ঞানীসকলৰ প্ৰাৰম্ভিক পৰিকল্পনা অনুসৰি ‘মৎস্য ৬০০০’ তিনিজন লোকৰ সৈতে সাগৰৰ গভীৰতালৈ যাব। বাহনখনত থাকিব অত্যাধুনিক চেন্সৰ আৰু সঁজুলি। সাগৰৰ তলত খননৰ কাম সম্পন্ন কৰাৰ ব্যৱস্থাও থাকিব। গভীৰ সাগৰত পানীৰ চাপ বেছি হয়। সেই হেঁচাত মোকাবিলা কৰাটোও কাৰিকৰী বিদ্যাবিদসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। ১২ ঘন্টা পানীৰ তলত থাকিব পাৰে বাহনখন। কিন্তু জৰুৰীকালীন পৰিস্থিতিত এই বাহনখন পানীৰ তলত ৯৬ ঘন্টা পৰ্যন্ত থাকিব পাৰে। ইছৰো, আই আই টি মাদ্ৰাজ আৰু ডি আৰ ডি অ’ৰ বিজ্ঞানীসকলে যৌথভাৱে কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ তত্বাৱধানত মৎস্য ৬০০০ৰ ডিজাইন প্ৰস্তুত কৰে। ২০২০-২১ৰ পৰা ২০২৫-২৬ৰ ভিতৰত এনে গভীৰ সাগৰীয় অভিযান চলোৱাৰ বাবে কেন্দ্ৰই মুঠ ৪০৭৭ কোটি টকা আবণ্টন দিছে। ২০২৪ চনলৈ প্ৰথম পৰ্যায়ৰ গৱেষণাৰ বাবে ২৮২৩.৪ কোটি টকা আবণ্টন দিয়া হৈছে। পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় ৭০ শতাংশই মহাসাগৰ। কিন্তু গভীৰ সাগৰৰ ৯৫ শতাংশ এতিয়াও মানুহৰ বাবে অজ্ঞাত। বিশেষকৈ ভাৰতৰ দীঘল উপকূল ৭৫১৭ কিলোমিটাৰ। গতিকে বিজ্ঞানীসকলৰ মতে এই ধৰণৰ অপাৰেচন কেৱল কাৰিকৰী দৃষ্টিকোণৰ পৰাই নহয়, অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ হ’ব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More