ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৬অক্টোবৰঃ কালি বিয়লি শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমীৰ বিসৰ্জন পৰ্ব চলি থকাৰ সময়তে শোণিতপুৰৰ গাভৰু নৈৰ পাৰত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয়৷ বিয়লি দুৰ্গা প্ৰতিমা বিসৰ্জনৰ লগতে সমীপত দছেৰা উপলক্ষে ৰাৱন দাহৰ কাৰ্যসূচী চলি থকাৰ সময়তে গাভৰু নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পায় আৰু পলকতে প্ৰায় একুৰি লোক উটি যায়৷ এই ঘটনাৰ সময়ত এৰাল দি থোৱা গৰু নিবলৈ আহি আকস্মিক বানত উটি যোৱা এজন লোকৰ মৃতদেহ আজি উদ্ধাৰ হৈছে৷ উল্লেখযোগ্য যে, মিছামাৰীৰ তাতশাল গাঁৱত ৰাজহুৱা ভাবে ৰাৱন দাহৰ কাৰ্যসূচী চলি থকাৰ সময়তে কালি বিয়লি সংঘটিত হয় এই ঘটনা৷ সেই সময়ত গাভৰু নৈৰ বালিচৰত সমবেত হৈছিল ৰাৱন দাহ চাবলৈ অহা বহুসংখ্যক লোক৷ এনেতে নৈখনৰ জলস্তৰ বৃদ্ধি পোৱাত বালিচৰত সমবেত হোৱা ২০জন লোকক উটুৱাই নিয়ে পানীৰ সোঁতে৷ পাছত ঘটনাস্হলিৰ পৰা প্ৰায় দুশ মিটাৰ দূৰত্বত একাংশ স্হানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় এইসকল লোকক৷আনহাতে এই সময়ত নৈত উটি যোৱা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লক্ষীৰাম কোঁচৰ মৃতদেহ উদ্ধাৰ কৰা হয় আজি ৷ তেওঁ গৰু নিবলৈ অহাৰ সময়তে আচম্বিতে বাঢ়ি অহা গাভৰু নৈৰ পানীত উটি গৈছিল৷ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰিকামাৰীৰ ৬৫ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক কোছৰ মৃতদেহ আজি গাভৰু নৈৰ বালিচৰত উদ্ধাৰ হোৱাত কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ।কালি নৈত উটি যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল ব্যক্তিজন। আজি পুৱাৰে পৰা এন ডি আৰ এফ আৰু এছ ডি আৰ এফ ৰ দলে গাভৰু নৈত উটি যোৱা সন্ধানহীন লোকজনৰ সন্ধানত উদ্ধাৰ অভিযান চলাইছিল যদিও স্থানীয় ৰাইজে গাভৰু নৈৰ বালিচৰত আধা পোত গৈ থকা মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৬৫ বছৰীয়া লক্ষীৰাম কোছ ৰিকামাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিল।
পূৰ্বৱৰ্তী লেখা