মুকেশ আম্বানীৰ হাতত ৮৮,০৭৮ কোটিৰ ৫জি স্পেকট্ৰম

0 5
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ আগষ্ট : মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স জিঅ’ই সৰ্বাধিক ৫জি স্পেকট্ৰম লাভ কৰিছে বুলি কেন্দ্ৰীয় টেলিকম মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। আম্বানীৰ কোম্পানীয়ে ফিফথ জেনেৰেচন বা ৫জি স্পেকট্ৰমৰ ৮৮ হাজাৰ ৭৮ কোটি কোট লাভ কৰিছে। কিন্তু এই দৌৰৰ আন এজন উদ্যোগপতি গৌতম আদানী ২১২ কোটিত ৰৈ গ’ল। কেন্দ্ৰই জনোৱা মতে, ১০টা বেণ্ডৰ মুঠ ৭২ হাজাৰ ৯৮ মেগাহাৰ্টজ স্পেকট্ৰম নীলাম কৰা হৈছে। ইয়াৰে ৭১ শতাংশ বিক্ৰী হৈছে। ২৬ জুলাইৰ পৰা আৰম্ভ হৈছিল স্পেকট্ৰম নীলাম। টেলিকম মন্ত্র্যালয়ৰ তথ্য অনুসৰি প্রথম দিনাই নীলামত উত্থাপন হৈছিল ১.৪৫ লাখ কোটি টকাৰ নীলাম। ৪০ ৰাউণ্ড নীলামৰ অন্তত ১ আগষ্ট সোমবাৰে সম্পূৰ্ণ হ’ল স্পেকট্ৰম আবণ্টন প্ৰক্ৰিয়া। কেন্দ্ৰই জনোৱা মতে, ১.৫ লাখ কোটি টকাৰ স্পেকট্ৰম বিক্ৰী হৈছে। ইয়াৰ ভিতৰত ৰিলায়েন্সে বিভিন্ন বেণ্ডত ৭০০ মেগাহাৰ্টজৰ স্পেকট্ৰম ক্ৰয় কৰিছে। এই বৰ্ণালীৰ সহায়ত ৬-১০ কিলোমিটাৰ পৰ্যন্ত সংকেত গ্ৰহণ কৰিব পৰা যায়। আদানীৰ কোম্পানীয়ে ২৬ গিগাহাৰ্টজ বেণ্ডত স্পেকট্ৰম ক্ৰয় কৰিছে। কিন্তু এই বৰ্ণালী সাধাৰণ জনতাৰ বাবে নহয়। ইয়াৰ উপৰি ভাৰতী এয়াৰটেলে ৪৩ হাজাৰ ৮৪ কোটি টকাৰ স্পেকট্ৰম ক্ৰয় কৰিলে, ভোডাফোনে ১৮ হাজাৰ ৭৮৪ কোটি টকাৰ স্পেকট্ৰম ক্ৰয় কৰিলে। এই ৫জি স্পেকট্ৰম আবণ্টনৰ পিছত প্ৰথম বছৰত চৰকাৰে ১৩৩৬৫ কোটি টকা উপাৰ্জন কৰিব বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে। আগন্তুক অক্টোবৰৰ পৰা দেশজুৰি আৰম্ভ হ’ব ৫জি সেৱা।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More