মূল্যবৃদ্ধিকে ধৰি বিভিন্ন দাবীত ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চিপিএমৰ বিক্ষোভ

মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

0 31

শতাব্দ তালাপৰ প্ৰতিবেদক ৭জুনঃ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অত্যাবশ্যকীয় সামগ্ৰী, পেট্ৰল-ডিজেল, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধকে ধৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ ব্যৱস্থা কৰক চাৰি দৈনিক মূল্যবৃদ্ধি হব ধৰিছে ৷ ৰাজ্যখনত দেখা দিয়া ভয়াৱহ কৰ্মসংস্থাপনহীনতাক গাপ দিবৰ বাবে চৰকাৰী ধনৰ অপচয় কৰি নিয়োগ মেলা পাতিছে ৷ চককাৰে সমস্যা সমাধানত কোনো লেখতলবলগীয়া পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ আজি ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাক্সবাদী ) ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেৰে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে । স্মাৰকপত্ৰ খনত উল্লেখিত দাবী সমূহৰ ভিতৰত পেট্ৰল-ডিজেল,ৰন্ধন গেছ, অত্যাবশ্যকীয় সামগ্ৰী, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰা,ৰাজহুৱা শিক্ষা ব্যৱস্থা উন্নত কৰাৰ লগতে ভেঞ্চাৰ স্কুল সমূহ প্ৰাদেশীকৃত কৰা, চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ খালিপদ পুৰণ কৰা, ক্ষুদ্ৰ ব্যৱসায়ী আৰু স্ব-নিয়োজিত লোকৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰা, পুৰণি পেঞ্চন নীতি বাহাল ৰখা, আঁচনিভুক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দি দা-দৰমহা প্ৰদান কৰা,নিৰ্মাণ শ্ৰমিকৰ লগতে অসংগঠিত শ্ৰমিকৰ সামাজিক মৰ্যাদা নিশ্চিত কৰা, ৰাজ্যৰ প্ৰতিটো পঞ্চায়ত এলেকাত চৰকাৰী ধান সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰা, কৃষকক সাৰ, বীজ আদি সুলভ মূল্যত প্ৰদানৰ ব্যৱস্থা কৰা,কৃষি আৰু গ্ৰাম্য শ্ৰমিকক ষাঠি বছৰৰ পাছত পেঞ্চনৰ ব্যৱস্থা কৰা, দুৰ্নীতিৰ অভিযোগ সমূহ দ্ৰুত আৰু অৰ্থৱহ তদন্তৰ ব্যৱস্থা কৰা,চৰকাৰী আঁচনি সমূহ দুৰ্নীতি আৰু ৰাজনীতি মুক্ত কৰা, ডাঙৰীৰ পৰা ডিব্ৰুগড়লৈ দিনে দুবাৰকৈ ৰেল চলাচল কৰোৱাৰ ব্যৱস্থা কৰা আদিয়েই প্ৰধান ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More